03
Sep
“ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ প্ৰতি প্ৰদৰ্শন কৰা প্ৰেম প্ৰকৃততে এখন নাটকহে ৷ কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰন, ৰাজনৈতিক অধিকাৰকে ধৰি জনগোষ্ঠীটোৰ বিভিন্ন প্ৰাপ্য অধিকাৰৰ বাবে কেইবা দশক ধৰি সংগ্ৰাম অব্যাহত ৰখা সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ মুখ্য কাৰ্যালয় বীৰ চিলাৰায় ভৱনটো ২০২২ চনৰ ১ মাৰ্চ তাৰিখে শিল সাঁকো বিলৰ উচ্চেদৰ অংশ হিচাপে বিনা বাধাই ভাঙি পেলোৱাৰ পিছত চৰকাৰে প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি যোৱা দুবছৰে চিলাৰায় ভৱন নিৰ্মাণৰ বাবে আবন্টন নিদিলে প্ৰয়োজনীয় ভূমি ৷ কেৱল এইয়াই নহয়, সন্মিলনীৰ নেতৃত্বই যোৱা দুবছৰে মুখ্যমন্ত্ৰীৰ সাক্ষাৎ বিচাৰি বিচাৰি ভাগৰি পৰিল। সত্তৰ লক্ষাধিক জনসংখ্যাৰ এটা সৰ্ববৃহৎ জনগোষ্ঠীৰ আবেগ অনুভূতিক…