অসম

দেশৰ প্ৰশাসনীয় ব্যৱস্থাত নতুন যুগৰ সূচনাঃ দিল্লীত পি এম অ’ৰ নতুন ভৱন ‘সেৱা তীৰ্থ’ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

দেশৰ প্ৰশাসনীয় ব্যৱস্থাত নতুন যুগৰ সূচনাঃ দিল্লীত পি এম অ’ৰ নতুন ভৱন ‘সেৱা তীৰ্থ’ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

"নাগৰিক দেৱো ভৱঃ" - এই মূল মন্ত্ৰক বুকুত বান্ধি শুকুৰবাৰে নতুন দিল্লীৰ কেন্দ্ৰীয় সচিবালয় কমপ্লেক্সত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নতুন ভৱন 'সেৱা তীৰ্থ' আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কেৱল প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়েই নহয়, এই নৱনিৰ্মিত ভৱনটোত ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিবালয় আৰু কেবিনেট সচিবালয়ো অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়াৰে পৰা ৰাইছিনা হিলৰ চাউথ ব্লকৰ পৰিৱৰ্তে 'সেৱা তীৰ্থ'ৰ পৰাই পৰিচালিত হ’ব দেশৰ সৰ্বোচ্চ প্ৰশাসনীয় কাম-কাজ। ঔপনিৱেশিক মানসিকতাৰ পৰা আঁতৰি এক নতুন ভাৰতীয় পৰিচয় গঢ়ি তোলাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি চৰকাৰী পক্ষই জানিবলৈ দিছে। ইয়াৰ পূৰ্বে ৰাজপথক 'কৰ্তব্য পথ' আৰু কেন্দ্ৰীয় সচিবালয়ৰ অট্টালিকাসমূহক 'কৰ্তব্য ভৱন' নামেৰে নামকৰণ কৰা হৈছিল। সেইদৰে ৰাজভৱনসমূহক 'লোক…
Read More
বাজেট অধিৱেশনৰ বিৰতি; অহা ৯ মাৰ্চত পুনৰ মিলিত হ’ব সংসদৰ দুয়োখন সদন

বাজেট অধিৱেশনৰ বিৰতি; অহা ৯ মাৰ্চত পুনৰ মিলিত হ’ব সংসদৰ দুয়োখন সদন

সংসদৰ বাজেট অধিৱেশনৰ প্ৰথম পৰ্যায়ৰ কাম-কাজ অন্ত পৰাৰ পাছত শুকুৰবাৰে দুয়োখন সদনৰে কাৰ্যসূচী অহা ৯ মাৰ্চলৈ স্থগিত ৰাখে অধ্যক্ষই। যোৱা ২৮ জানুৱাৰীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণেৰে আৰম্ভ হোৱা এই অধিৱেশনৰ দ্বিতীয় পৰ্যায় অহা মাহৰ ৯ তাৰিখৰ পৰা ২ এপ্ৰিললৈ অনুষ্ঠিত হ’ব। শুকুৰবাৰে লোকসভাত বিৰোধীৰ তীব্ৰ হুলস্থূলৰ মাজতে কেইবাজনো মন্ত্ৰীয়ে নিজ নিজ বিভাগৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰ সদনৰ মেজত দাখিল কৰে। লোকসভাৰ কাম-কাজ আৰম্ভ হোৱাৰ পাছতে পিঠাসীন বিষয়া সন্ধ্যা ৰায়ে প্ৰাক্তন সাংসদ ভগৱান দাস ৰাঠোৰৰ মৃত্যুত শোক প্ৰকাশ কৰে। ইয়াৰ পাছতে প্ৰশ্নোত্তৰ কালত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাই ক'ডিনযুক্ত কাহৰ চিৰাপ সেৱনৰ ফলত হোৱা মৃত্যুৰ সন্দৰ্ভত উত্তৰ দিবলৈ চেষ্টা কৰে যদিও কংগ্ৰেছ,…
Read More
বাংলাদেশৰ নতুন সংসদত একমাত্ৰ হিন্দু প্ৰতিনিধিঃ বি এন পিৰ বিজয়ৰ মাজতে হ্ৰাস পালে সংখ্যালঘুৰ আসন

বাংলাদেশৰ নতুন সংসদত একমাত্ৰ হিন্দু প্ৰতিনিধিঃ বি এন পিৰ বিজয়ৰ মাজতে হ্ৰাস পালে সংখ্যালঘুৰ আসন

বাংলাদেশৰ ত্ৰয়োদশ সংসদীয় নিৰ্বাচনত বাংলাদেশ নেচনেলিষ্ট পাৰ্টী চমুকৈ বি এন পিয়ে বৃহৎ জয় সাব্যস্ত কৰিলেও নতুন সংসদত হিন্দু প্ৰতিনিধিৰ সংখ্যা মাত্ৰ এজনলৈ হ্ৰাস পোৱা পৰিলক্ষিত হয়। তাৰিক ৰহমানৰ নেতৃত্বত বি এন পিয়ে চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হোৱাৰ সময়তে সংখ্যালঘু প্ৰতিনিধিত্বৰ এই ছবিখনে দেশখনৰ ৰাজনীতিত সৰ্বাংগীনতাৰ প্ৰশ্ন উত্থাপন কৰিছে। বি এন পিয়ে প্ৰতিদ্বন্দ্বিতাত নমোৱা ছয়গৰাকী হিন্দু প্ৰাৰ্থীৰ ভিতৰত কেৱল গয়েশ্বৰ চন্দ্ৰ ৰয়হে বিজয়ী হ’বলৈ সক্ষম হয়। আনহাতে, জামাত-ই-ইছলামীৰ একমাত্ৰ হিন্দু প্ৰাৰ্থী কৃষ্ণ নন্দীয়েও পৰাজয় বৰণ কৰে। উল্লেখ্য যে ২০২৫ চনৰ ডিচেম্বৰ মাহত চৰিফ ওচমান হাদী নামৰ এজন উগ্ৰপন্থী নেতাৰ মৃত্যুৰ পিছৰে পৰা বাংলাদেশত হিন্দু সমাজৰ ওপৰত আক্ৰমণৰ ঘটনা বৃদ্ধি পোৱাক লৈ…
Read More
ভাৰতত থাকিবলৈ হ’লে বন্দে মাতৰম গাবই লাগিবঃ উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য

ভাৰতত থাকিবলৈ হ’লে বন্দে মাতৰম গাবই লাগিবঃ উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য

"ভাৰতত থাকিবলৈ হ’লে বন্দে মাতৰম গাবই লাগিব, ই কোনো বিতৰ্কৰ বিষয় হ’ব নোৱাৰে!" -কেন্দ্ৰীয় চৰকাৰৰ নতুন নিৰ্দেশনাক লৈ সৃষ্টি হোৱা তীব্ৰ বাকযুদ্ধৰ মাজতে শুকুৰবাৰে এইদৰে এক তীব্ৰ সকীয়নী দিয়ে উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যই। ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ আটাইকেইটা স্তৱক গোৱা বাধ্যতামূলক কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা শেহতীয়া নিৰ্দেশনাক আদৰণি জনাই মৌৰ্যই কয় যে যিসকলে ইয়াৰ বিৰোধিতা কৰিব, তেওঁলোকৰ আচল স্বৰূপ দেশবাসীৰ আগত উন্মোচিত হ’ব। বিজেপি নেতাগৰাকীৰ এই মন্তব্যৰ পাছতে সমগ্ৰ দেশৰ ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কেন্দ্ৰীয় চৰকাৰৰ নতুন নিৰ্দেশনা অনুসৰি, যিকোনো অনুষ্ঠানত ৰাষ্ট্ৰীয় সংগীত 'জন গণ মন'ৰ পূৰ্বে ৰাষ্ট্ৰীয় গীত 'বন্দে মাতৰম'ৰ সম্পূৰ্ণ ছটা স্তৱক গোৱাটো…
Read More
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত ১৬ফ্ৰেব্ৰুৱাৰীত ৰায় প্ৰদানৰ দিন ধাৰ্য

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত ১৬ফ্ৰেব্ৰুৱাৰীত ৰায় প্ৰদানৰ দিন ধাৰ্য

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰ সংক্ৰান্তত আজি কামৰূপ মহানগৰ জিলাৰ জিলা আৰু চেছন আদালতত গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হয়। আজিৰ আদালতে মূলত তিনি অভিযুক্ত ক্ৰমে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ জ্যোতি গোস্বামীয়ে দাখিল কৰা পৃথক পৃথক আবেদনৰ ওপৰত শুনানি গ্ৰহণ কৰে। ইয়াৰ বিপৰীতে অসম চৰকাৰৰ হৈ প্ৰতিনিধিত্ব কৰা বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে আবেদনসমূহৰ বিৰোধিতা কৰে। পিছত উভয় পক্ষৰ যুক্তি শুনি আদালতে অভিযুক্তৰ আবেদন সমূহৰ সন্দৰ্ভত অহা ১৬ ফ্ৰেব্ৰুৱাৰীত ৰায় প্ৰদানৰ বাবে দিন ধাৰ্য কৰে। উল্লেখযোগ্য যে, বিশেষ তদন্তকাৰী গোটে বেংক একাউণ্ট জব্দ কৰাৰ বিৰোধিতা আৰু গোচৰৰ যাৱতীয় নথি-পত্ৰ লাভ নকৰা বুলি অভিযুক্ত শ্যামকানু মহন্তই আদালতত আবেদন দাখিল কৰিছিল।…
Read More
মালিগাঁৱত আৰ এছ এছৰ শতবৰ্ষ উদযাপন ; হিন্দু সন্মিলন

মালিগাঁৱত আৰ এছ এছৰ শতবৰ্ষ উদযাপন ; হিন্দু সন্মিলন

গুৱাহাটী মহানগৰীৰ  মালিগাঁও ১ নং গেটৰ হিলচাইদ কলনীত ৮ ফেব্ৰুৱাৰীৰ দিনা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষ উদযাপনৰ লগতে এখন হিন্দু সন্মিলন অনুষ্ঠিত  হয়। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত সভাপতিত্ব কৰে  সঞ্জয় দাস গুপ্তই। সভাত মালিগাওঁস্থিত  নেতাজী উচ্চতৰ মাধ্যমিক  বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ  বীৰেন তালুকদাৰ , উত্তৰ অসম প্ৰান্তৰ মহিলা সমন্বয় সংযোজিকা  অনুপমা দেৱী, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গুৱাহাটী মহানগৰ সহ: বৌদ্ধিক প্ৰমুখ  উমেশ ত্ৰিপাঠী  শুক্লা ভট্টাচাৰ্য, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ হিলচাইদ কলোনীৰ বস্তি প্ৰমুখ ডঃ ৰমেন দাসকে ধৰি কেবাজনো কৰ্মকৰ্তা  উপস্থিত থাকি  হিন্দু সনাতনী সংস্কৃতিৰ ওপৰত সাৰুৱা ভাষণ প্ৰদান কৰে । সভাত কেবাজনো শিল্পীয়ে দেশপ্ৰেমমূলক নৃত্য , গীতকে ধৰি বাৰে ৰহনীয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে।…
Read More
NPPত যোগদান উত্তৰ-পূবৰ জনপ্ৰিয় জনজাতীয় নেতা ডেনিয়েল লাংথাছাৰ

NPPত যোগদান উত্তৰ-পূবৰ জনপ্ৰিয় জনজাতীয় নেতা ডেনিয়েল লাংথাছাৰ

ডিমা হাচাওৰ ৰাজনৈতিক সমীকৰণত এক নতুন জোকাৰণি তুলি আজি শাসকীয় দলটোৰ শক্তি বৃদ্ধিৰ উদ্দেশ্যে আয়োজন কৰা হয় এক বিশাল যোগদান কাৰ্যসূচীৰ। মাইবাঙৰ দিশ্ৰু পথাৰত অনুষ্ঠিত এই সন্মিলনত জিলাখনৰ প্ৰভাৱশালী নেতা ডেনিয়েল লাংথাছাই আনুষ্ঠানিকভাৱে নেচনেল পিপলছ পাৰ্টিত যোগদান কৰে। মেঘালয়ৰ মুখ্যমন্ত্ৰী তথা দলটোৰ ৰাষ্ট্ৰীয় সভাপতি কনৰাড চাংমাই নিজে উপস্থিত থাকি লাংথাছাক দলীয় পতাকাৰে আদৰণি জনোৱা এই ঘটনাই পাৰ্বত্য জিলাখনৰ আগন্তুক নিৰ্বাচনী যুঁজত বিশেষ প্ৰভাৱ পেলাব বুলি ধাৰণা কৰা হৈছে। লাংথাছাৰ এই যোগদান অনুষ্ঠানত মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ উপৰিও দলৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি জেমছ চাংমা, উপ-সভাপতি হেমচন্দ্ৰ সিং আৰু তিপ্ৰা মথা দলৰ প্ৰতিষ্ঠাপক প্ৰদ্যুত মাণিক্য দেববৰ্মা উপস্থিত থাকে। ডেনিয়েল লাংথাছাই তেওঁৰ বৃহৎ সংখ্যক সমৰ্থকৰ…
Read More
প্ৰখ্যাত বাতৰি পৰিৱেশিকা সৰলা মহেশ্বৰীৰ দেহাৱসান! অন্ত পৰিল সংবাদ জগতৰ এক সোণালী যুগৰ

প্ৰখ্যাত বাতৰি পৰিৱেশিকা সৰলা মহেশ্বৰীৰ দেহাৱসান! অন্ত পৰিল সংবাদ জগতৰ এক সোণালী যুগৰ

অন্ত পৰিল ভাৰতীয় সংবাদ জগতৰ এক সুৱৰ্ণ অধ্যায়ৰ। আশী আৰু নব্বৈৰ দশকৰ ভাৰতীয় দূৰদৰ্শনৰ প্ৰসিদ্ধ বাতৰি পৰিৱেশিকা সৰলা মহেশ্বৰীয়ে বৃহস্পতিবাৰে দিল্লীত শেষ নিশ্বাস ত্যাগ কৰে। ৭১ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটা মহেশ্বৰীয়ে কেৱল বাতৰি উপস্থাপনৰ জৰিয়তেই নহয়, এগৰাকী দক্ষ ৰাজ্যসভাৰ সাংসদ হিচাপেও ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল। প্ৰাপ্ত তথ্য অনুসৰি, দিল্লীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে বাৰ্ধক্যজনিত কাৰণত তেওঁ মৃত্যুক সাৱটি লয়। ১৯৮০ চনৰ পৰা ১৯৯০ চনৰ ভিতৰত ডি ডি নেচনেলৰ পৰ্দাত নিজৰ সংযমী ব্যক্তিত্ব আৰু স্পষ্ট উচ্চাৰণেৰে তেওঁ দৰ্শকৰ মন জয় কৰিছিল। তেওঁৰ বিয়োগৰ খবৰ বিয়পি পৰাৰ লগে লগে ছচিয়েল মিডিয়াত অসংখ্য গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি…
Read More
ডাউন টাউন হস্পিটালৰ মেগা হেল্থ মেলা ২০২৬ উদ্বোধন

ডাউন টাউন হস্পিটালৰ মেগা হেল্থ মেলা ২০২৬ উদ্বোধন

৩৭তম বাৰ্ষিকী উদযাপনৰ আৰম্ভণি উপলক্ষে, ডাউন টাউন হস্পিটালে দিঘালী পুখুৰীৰ ওচৰৰ লক্ষীধৰ বৰা ক্ষেত্ৰ (এনচিপি ফিল্ড)ত দুদিনীয়া বহু প্ৰত্যাশিত ডাউন টাউন হেল্থ মেলা ২০২৬ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।এই অনুষ্ঠানটো প্ৰাগ নিউজৰ মুখ্য সম্পাদক শ্ৰীযুত প্ৰশান্ত ৰাজগুৰুৱে উদ্বোধন কৰে। অনুষ্ঠানত পৰিচালন সঞ্চালক ডাঃ এন. এন. দত্ত, চিকিৎসা সঞ্চালক ডাঃ বি. কে. গগৈ, সঞ্চালক শ্ৰীযুত বিশ্ব দত্ত আৰু চিকিৎসা অধীক্ষক ডাঃ উদয়ন বৰুৱা উপস্থিত আছিল। সমবেত লোকসকলক সম্বোধন কৰি ডাঃ এন. এন. দত্তই সকলোৰে বাবে সুলভ আৰু মানসম্পন্ন স্বাস্থ্যসেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ডাউন টাউন হস্পিটালৰ অটল প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, “৩৭ বছৰ ধৰি ডাউন টাউন হস্পিটালে মানদণ্ডৰ স্বাস্থ্যসেৱা প্ৰদান কৰি আহিছে।…
Read More
ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তিৰ বিৰুদ্ধে সংসদত প্ৰতিবাদ

ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তিৰ বিৰুদ্ধে সংসদত প্ৰতিবাদ

ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তিৰ বিৰুদ্ধে বৃহস্পতিবাৰে সংসদত প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী দলৰ সাংসদসকলে। ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তিৰ কেইবাটাও চৰ্তক লৈ প্ৰশ্ন উত্থাপন কৰে শিৱসেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে। প্ৰিয়ংকা চতুৰ্বেদীয়ে কয় যে এই চুক্তিত এটা অৰ্ডাৰ দিয়াৰ কথাহে প্ৰতিপন্ন হৈছে। ভাৰতত আমেৰিকাই শূন্য শতাংশ শুল্কত সামগ্ৰী পঠাব, আৰু আমাৰ শুল্ক হ'ব ১৮ শতাংশ। ৫০০ বিলিয়ন ডলাৰৰ বাণিজ্যিক প্ৰতিশ্ৰুতি আৰু ৰাছিয়াৰ তেল ক্ৰয়ৰ ওপৰত ট্ৰাম্পৰ নিষেধাজ্ঞাৰ ওপৰতো তেওঁ প্ৰশ্ন উত্থাপন কৰে। কংগ্ৰেছৰ সাংসদ ইমৰাণ মাছুদে কয় যে আমেৰিকাৰ সৈতে হোৱা বাণিজ্যিক চুক্তিৰ ফলত ভাৰতৰ বাবে বাণিজ্যিক ঘাটি হ’ব। ইমৰাণ মাছুদে কয় আমাৰ বাণিজ্যিক লাভ প্ৰায় ৪৫ বিলিয়ন ডলাৰ। এতিয়া চুক্তিৰ পিছত প্ৰথম বছৰতে আমাৰ…
Read More