Blog

আকৌ মুকলি আকাশৰ তললৈ ধৰ্ষণ, হত্যাকাৰী গুৰমীত ৰাম ৰহিম! ১৭ সংখ্যকবাৰ সাময়িক মুক্তি

আকৌ মুকলি আকাশৰ তললৈ ধৰ্ষণ, হত্যাকাৰী গুৰমীত ৰাম ৰহিম! ১৭ সংখ্যকবাৰ সাময়িক মুক্তি

দুগৰাকী শিষ্যাক ধৰ্ষণ কৰাৰ অপৰাধত ২০ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত হৈ থকা ডেৰা সচ্চা সৌদাৰ মুৰব্বী গুৰমীত ৰাম ৰহিম সিং মঙলবাৰে পুৱা পুনৰ কাৰাগাৰৰ পৰা ওলাই আহিল। হাৰিয়ানা প্ৰশাসনে তেওঁক ২১ দিনৰ পেৰ’ল মঞ্জুৰ কৰাৰ পাছতে পুৱা ৰোহটকৰ সুনৰিয়া কাৰাগাৰৰ পৰা কটকটীয়া নিৰাপত্তাৰ মাজত তেওঁক মুকলি কৰি দিয়া হয়। কাৰাগাৰ কৰ্তৃপক্ষৰ সূত্ৰ অনুসৰি, এই ২১ দিনৰ সময়ছোৱাত তেওঁ চিৰছাত থকা ডেৰাৰ মুখ্য কাৰ্যালয়ত থাকিব। যোৱা ২০১৭ চনৰ আগষ্টত দোষী সাব্যস্ত হোৱাৰ পাছত এইটো আছিল ৰাম ৰহিমৰ ১৭ সংখ্যক সাময়িক মুক্তি। কেৱল চলিত বৰ্ষতে তেওঁ তৃতীয়বাৰলৈ কাৰাগাৰৰ পৰা ওলাই আহিছে। ইয়াৰ পূৰ্বে যোৱা জানুৱাৰীত ৪০ দিন আৰু মে’ মাহত ৩০ দিনৰ বাবে…
Read More
বানবিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণৰ প্ৰস্তাৱ; নতুন দিল্লীত নীতিন গাডকাৰী আৰু মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

বানবিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণৰ প্ৰস্তাৱ; নতুন দিল্লীত নীতিন গাডকাৰী আৰু মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

শেহতীয়া বিধ্বংসী বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা অসমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ তৎকালীন পুনৰ নিৰ্মাণ আৰু ৰাজ্যৰ পথ আন্তঃগাঁথনি অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে সোমবাৰে নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। বানৰ ফলত ক্ষতিগ্ৰস্ত ঘাইপথসমূহ তৎকালীনভাৱে মেৰামতি কৰাৰ সমান্তৰালকৈ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত পথ যোগাযোগ ব্যাহত নোহোৱাৰ বাবে এক দীৰ্ঘম্যাদী পৰিকল্পনা গ্ৰহণৰ ওপৰত বৈঠকত জোৰ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমৰ ভৌগোলিক পৰিস্থিতি আৰু বানপ্ৰৱণ অঞ্চলসমূহৰ তথ্য-অভিজ্ঞতাক ঘাইপথ নিৰ্মাণ পৰিকল্পনাত অগ্ৰাধিকাৰ দিয়াৰ প্ৰয়োজনীয়তা ব্যক্ত কৰি তেওঁ কয় যে কালভাৰ্ট আৰু দলঙৰ সঠিক স্থান নিৰ্ধাৰণ তথা উন্নত নক্সাৰ জৰিয়তেহে জলনিষ্কাশন ব্যৱস্থা অধিক শক্তিশালী কৰিব পৰা যাব। ইয়াৰ দ্বাৰা…
Read More
অসম প্ৰিমিয়াৰ লীগৰ প্ৰথম সংস্কৰণৰ সামৰণি, উত্তৰ-পূবৰ ক্ৰিকেট ইতিহাসত নতুন যুগৰ সূচনা

অসম প্ৰিমিয়াৰ লীগৰ প্ৰথম সংস্কৰণৰ সামৰণি, উত্তৰ-পূবৰ ক্ৰিকেট ইতিহাসত নতুন যুগৰ সূচনা

গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত এচিএ ষ্টেডিয়ামত ২৩ আগষ্টত প্ৰথম ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ সামৰণি পৰে। প্ৰথম সংস্কৰণৰ সফল সমাপ্তিৰে অসম তথা সমগ্ৰ উত্তৰ-পূবৰ ক্ৰিকেট জগতত এক নতুন ফ্ৰেঞ্চাইজিভিত্তিক টি-২০ প্লেটফৰ্মৰ সূচনা হয়। অসম ক্ৰিকেট সন্থাই আয়োজন কৰা এই প্ৰথম সংস্কৰণত ৮টা ফ্ৰেঞ্চাইজিয়ে অংশগ্ৰহণ কৰিছিল আৰু মুঠ ৪৩খন মেচ অনুষ্ঠিত হৈছিল। এই লীগ অসমৰ উদীয়মান স্থানীয় ক্ৰিকেটাৰসকলৰ বাবে এক প্ৰতিযোগিতাপূৰ্ণ মঞ্চ প্ৰদান কৰাৰ লগতে অনুৰাগী আৰু আঞ্চলিক অংশীদাৰসকলৰ বাবে ক্ৰীড়াক্ষেত্ৰত এক নতুন সোপান-সম্ভাৱনা গঢ়ি তুলিছে। ফাইনেল মেচখনত গুৱাহাটী ৰয়েলছক ৫ উইকেটত পৰাস্ত কৰি বৰপেটা ব্ৰেভছ এই প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণৰ চেম্পিয়ন হিচাপে পৰিগণিত হয়। এপিএলৰ মুখ্য স্পনছৰ ইম্পেৰিয়েল ব্লু পেকেজড…
Read More
নিৰ্দ্ধাৰিত হাৰৰ দৰমহাৰ পৰা বঞ্চিত কেজুৱেল বন শ্রমিকৰ সমস্যা শীঘ্ৰে সমাধানৰ আশ্বাস বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

নিৰ্দ্ধাৰিত হাৰৰ দৰমহাৰ পৰা বঞ্চিত কেজুৱেল বন শ্রমিকৰ সমস্যা শীঘ্ৰে সমাধানৰ আশ্বাস বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

অসম চৰকাৰৰ বন বিভাগত ১৯৯৩ চনৰ পহিলা এপ্ৰিলৰ পূৰ্বে কেজুৱেল বা মাষ্টাৰ ৰোল শ্ৰমিক হিচাপে নিযুক্ত কিন্তু নিৰ্দ্ধাৰিত হাৰৰ দৰমহা লাভৰ পৰা এতিয়াও বঞ্চিত হৈ থকা শ্ৰমিকসকলৰ দৰমহা লাভকে ধৰি তেওঁলোকে ভোগ কৰি অহা সমস্যাসমুহ শীঘ্ৰেই সমাধান কৰিব বুলি আশ্বাস প্ৰদান কৰিছে অসম চৰকাৰৰ বন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। ২৩ আগষ্টত বছৰ বছৰ ধৰি নিৰ্ধাৰিত হাৰত দৰমহা লাভৰ পৰা বঞ্চিত বন বিভাগৰ কেজুৱেল বন শ্ৰমিকৰ এটা সঁজাতি দলে বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক দিছপুৰত থকা চৰকাৰী বাসভৱনত কৰা সাক্ষাৎ কালত সঁজাতি দলটোৱে তেওঁলোকৰ সমস্যা সমাধান কৰাৰ বাবে প্ৰদান কৰা স্মাৰক পত্ৰ গ্ৰহণ কৰি এই আশ্বাস প্ৰদান কৰে মন্ত্ৰী জয়ন্ত…
Read More
গড্ৰেজ এগ্ৰ’ভেটৰ মাছৰ খাদ্য ব্যৱসায়ত ব্যাপক অগ্ৰগতি, দুটা অংকৰ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ

গড্ৰেজ এগ্ৰ’ভেটৰ মাছৰ খাদ্য ব্যৱসায়ত ব্যাপক অগ্ৰগতি, দুটা অংকৰ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ

গড্ৰেজ এগ্ৰ’ভেট লিমিটেডে মাছৰ খাদ্য ব্যৱসায়ৰ প্ৰতি থকা দীৰ্ঘম্যাদী প্ৰতিশ্ৰুতি পুনৰবাৰ দোহাৰিছে আৰু ভাৰতৰ অন্যতম আগশাৰীৰ মাছৰ খাদ্য উৎপাদক হোৱাৰ উদ্দেশ্যে এক প্ৰগতিশালী বৃদ্ধিৰ ৰণনীতিৰ ৰূপৰেখা দাঙি ধৰিছে। এই ৰণনীতিৰ অংশ হিচাপে প্ৰতিষ্ঠানটোৱে নিজৰ উৎপাদন ক্ষমতা সম্প্ৰসাৰণ কৰাৰ লগতে মীন পালকসকলক উন্নত মানৰ খাদ্যৰ সেৱা যোগান ধৰিবলৈ উদ্ভাৱন আৰু গৱেষণা তথা বিকাশ তীব্ৰতৰ কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ উপৰিও, কৃষকসকলক উৎপাদন ব্যয় হ্ৰাস কৰা, উৎপাদন বৃদ্ধি কৰা আৰু কৃষি খণ্ডৰ লাভদায়কতা বৃদ্ধি কৰাত সহায় কৰিবলৈ ফিড কনভাৰচন ৰেচিঅ’ উন্নত কৰাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হ’ব। পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া সুনীল কাটাৰিয়াই এই বিষয়ে কয় যে মাছৰ খাদ্য গড্ৰেজ…
Read More
নগাঁও লোকসভা উপ-নিৰ্বাচন: প্ৰাৰ্থিত্বৰ বাবে আবেদন বিচাৰিলে কংগ্ৰেছে

নগাঁও লোকসভা উপ-নিৰ্বাচন: প্ৰাৰ্থিত্বৰ বাবে আবেদন বিচাৰিলে কংগ্ৰেছে

নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপ-নিৰ্বাচনৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰস্তুতি আৰম্ভ কৰিছে। এপিচিচিৰ সভাপতি তথা লোকসভাৰ উপ-বিৰোধী দলপতি গৌৰৱ গগৈৰ নিৰ্দেশ অনুসৰি দলে উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইচ্ছুক দলীয় সদস্যসকলৰ পৰা আনুষ্ঠানিকভাৱে আবেদন বিচাৰিছে। এপিচিচিৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰমন্না বৰুৱাই এক চৰকাৰী জাননীযোগে এই কথা ঘোষণা কৰে। জাননী অনুসৰি, নগাঁও লোকসভা সমষ্টিৰ পৰা মনোনয়ন বিচৰা কংগ্ৰেছ সদস্যসকলে নিৰ্ধাৰিত আবেদন পত্ৰৰ জৰিয়তে আবেদন কৰিব লাগিব। আবেদন পত্ৰখন দলৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱন, গুৱাহাটীত এপিচিচিৰ কোষাধ্যক্ষৰ ওচৰত উপলব্ধ হ’ব। আবেদনকাৰীসকলে "অসম প্ৰদেশ কংগ্ৰেছ কমিটি"ৰ অনুকূলে ১,০০,০০০ টকাৰ ডিমাণ্ড ড্ৰাফ্টৰ জৰিয়তে এক অ-ঘূৰাই দিব পৰা আবেদন মাচুল পৰিশোধ কৰিব লাগিব। ইয়াৰ উপৰিও আবেদনকাৰীৰ…
Read More
শ্বিলঙৰ হিংসাৰ অপৰাধীক ন্যায়ৰ আওতালৈ অনাৰ আশ্বাস কনৰাডৰ, বিধানসভাত জনালে

শ্বিলঙৰ হিংসাৰ অপৰাধীক ন্যায়ৰ আওতালৈ অনাৰ আশ্বাস কনৰাডৰ, বিধানসভাত জনালে

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই সোমবাৰে মেঘালয় বিধানসভা আৰু ৰাজ্যবাসীক আশ্বাস দিয়ে যে ১৯ আগষ্টত কেএছইউৰ বাইক ৰেলীৰ সময়ত সংঘটিত হিংসাৰ ঘটনাক চৰকাৰে গুৰুত্বসহকাৰে লৈছে আৰু দোষীক ন্যায়ৰ আওতালৈ আনিবলৈ কোনো কসুৰ বাকী নাৰাখে। শৰৎকালীন অধিৱেশনৰ প্ৰথম দিনা স্বতঃপ্ৰণোদিত বিবৃতিত চাংমাই কয় যে চৰকাৰে দ্ৰুত ব্যৱস্থা গ্ৰহণ কৰিছে আৰু হিংসাত জড়িতসকলক চিনাক্ত কৰি আইন অনুসৰি বিচাৰ কৰা হ’ব। তেওঁ কয় যে কেএছইউৱে ৰেলীটো শান্তিপূৰ্ণ হ’ব বুলি প্ৰতিশ্ৰুতি দিয়াৰ পিছতহে ৰেলীৰ অনুমতি দিয়া হৈছিল। কিন্তু ৰেলীৰ সময়ত হোৱা হিংসাৰ ফলত ৩১খন বাহনত শিলগুটি নিক্ষেপ আৰু পথচাৰীৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হয়, যাৰ ফলত ১৮জন লোক আহত হয়। চাংমাই কয় যে এতিয়ালৈকে…
Read More
গুৱাহাটী ৰয়েলছক ৫ উইকেটত হৰুৱালে বৰপেটাই

গুৱাহাটী ৰয়েলছক ৫ উইকেটত হৰুৱালে বৰপেটাই

অৰুণ সোণাৰৰ ২০ বলত অপৰাজিত ৩৪ ৰানৰ দুৰ্দান্ত ইনিংছৰ সহায়ত বৰপেটা ব্ৰেভছে ১৬৬ ৰানৰ লক্ষ্য অতিক্ৰম কৰি গুৱাহাটী ৰয়েলছক ৫ উইকেটত পৰাস্ত কৰি দেওবাৰে গুৱাহাটীৰ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমবাৰৰ বাবে আয়োজিত ইম্পেৰিয়েল ব্লু পেকেজড খোৱাপানী অসম প্ৰিমিয়াৰ লীগৰ খিতাপ দখল কৰে। প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ পাই গুৱাহাটী ৰয়েলছে ১৯.৪ অভাৰত ১৬৫ ৰানতে অলআউট হয়, ৰোহিত সেনৰ মাত্ৰ ৩৭ বলত ৯০ ৰানৰ বিস্ফোৰক ইনিংছৰ সহায়ত। ১২ ইনিংছত ৪৫.২৫ গড়ে ৫৪৩ ৰান সংগ্ৰহ কৰি তেওঁ অৰেঞ্জ কেপ লাভ কৰে। উইকেটকীপাৰ-বেটছমেনগৰাকীয়ে ২৪৩.২৪ ষ্ট্ৰাইক ৰেটত ১০টা চাৰি আৰু ৬টা ছয় কোবায়, আনহাতে অধিনায়ক ঋষভ দাসে ৩৪ বলত ৩৪ ৰানৰ বৰঙণি যোগায়। ৰোহিতৰ…
Read More
১৯৯৮ চনৰ ৱানধামা হত্যাকাণ্ডৰ পুনৰ তদন্ত; জম্মু-কাশ্মীৰৰ ৰাজ্যিক তদন্তকাৰী সংস্থাৰ বিশেষ পদক্ষেপ

১৯৯৮ চনৰ ৱানধামা হত্যাকাণ্ডৰ পুনৰ তদন্ত; জম্মু-কাশ্মীৰৰ ৰাজ্যিক তদন্তকাৰী সংস্থাৰ বিশেষ পদক্ষেপ

১৯৯৮ চনৰ কুখ্যাত ৱানধামা নৰসংহাৰৰ পুনৰ তদন্ত আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জম্মু-কাশ্মীৰ আৰক্ষীৰ ৰাজ্যিক তদন্তকাৰী সংস্থাই। গান্দেৰবাল জিলাৰ ৱানধামা গাঁৱত সংঘটিত এই বৰ্বৰ আক্ৰমণত ২৩ গৰাকীকৈ কাশ্মীৰী পণ্ডিতে প্ৰাণ হেৰুৱাইছিল। বিগত কেইবাদিনো ধৰি এই হত্যাকাণ্ডৰ সৈতে জড়িত কেইবাটাও স্থানত চলোৱা তালাচী অভিযানৰ পাছতে সংস্থাই এই সিদ্ধান্ত লয়। ১৯৯৮ চনৰ গণৰাজ্য দিৱসৰ ঠিক পূৰ্বৰ নিশা ভাৰতীয় সেনাৰ পোছাক পিন্ধি লস্কৰ-ই-তৈবা আৰু হিজবুল মুজাহিদিনৰ উগ্ৰপন্থী দলে উপত্যকাটোৰ ৱানধামা গাঁৱত নিৰ্বিচাৰ গুলীচালনা চলাইছিল। কাশ্মীৰী পণ্ডিতসকলক লক্ষ্য কৰি চলোৱা এই আক্ৰমণত ৯ গৰাকী মহিলা আৰু চাৰিটি শিশুকে ধৰি ২৩ জন লোক নিহত হৈছিল। সেই সময়ত ঘটনাৰ তদন্ত আৰম্ভ হৈছিল যদিও এতিয়া সংস্থাই সমগ্ৰ…
Read More
বছৰি ৩টাকৈ বিনামূলীয়া গেছ চিলিণ্ডাৰ আৰু বিনামূলীয়া বাছ যাত্ৰাঃ তামিলনাড়ুৰ মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ ঘোষণা

বছৰি ৩টাকৈ বিনামূলীয়া গেছ চিলিণ্ডাৰ আৰু বিনামূলীয়া বাছ যাত্ৰাঃ তামিলনাড়ুৰ মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ ঘোষণা

এতিয়াৰে পৰা বছৰি তিনিটাকৈ বিনামূলীয়া ৰন্ধন গেছ চিলিণ্ডাৰ লাভ কৰিব আৰ্থিকভাৱে পিছপৰা পৰিয়ালসমূহে। তামিলনাড়ুৰ মুখ্যমন্ত্ৰী চি জোচেফ বিজয়য়ে সোমবাৰে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে। ২.৫ লাখ টকাতকৈ কম বাৰ্ষিক আয় থকা পৰিয়ালসমূহহে এই সুবিধা লাভৰ বাবে যোগ্য বিবেচিত হ’ব বুলিও তেওঁ স্পষ্ট কৰে। নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি বিজয়ে জনায় যে ‘অন্নপূৰাণী ছুপাৰ চিক্স’ নামৰ এই আঁচনিখন ২০২৭ চনৰ পোংগল উৎসৱৰ পৰা কাৰ্যকৰী কৰা হ’ব। আঁচনিৰ অধীনত পৰিয়ালৰ গৃহকৰ্ত্ৰীগৰাকীয়েই হ’ব মূল হিতাধিকাৰী আৰু চিলিণ্ডাৰৰ ধন পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টত জমা দিয়া হ’ব। ৰাজ্যখনৰ প্ৰায় ১ কোটি ৩০ লাখ পৰিয়ালে লাভ কৰিবলগীয়া এই আঁচনিৰ নামত চৰকাৰী কোষাগাৰৰ পৰা ব্যয় হ’ব…
Read More