04
Aug
অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শেহতীয়া বানপানীৰ পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে উচ্চ অসমত পাঁচদিনীয়া ভ্ৰমণৰ অংশ হিচাপে আজি শিৱসাগৰত বানাক্ৰান্ত লোকৰ বাবে স্থাপন কৰা সাহায্য শিবিৰ পৰিদৰ্শন কৰে। এই সময়তে তেওঁ বিধ্বংসী বানত প্ৰাণ হেৰুৱা ১০ জন লোকৰ পৰিয়ালৰ নিকটতম আত্মীয়ক এককালীন সাহায্য হিচাপে ৫ লাখ টকাকৈৰ চেক প্ৰদান কৰে। শিৱসাগৰৰ ৰাজীৱ গান্ধী ইনষ্টিটিউট অফ পেট্ৰলিয়াম টেকন’লজিৰ চৌহদত স্থাপন কৰা সাহায্য শিবিৰত মুখ্যমন্ত্ৰীয়ে শিবিৰত থকা লোকসকলৰ অৱস্থাৰ বুজ লয় আৰু তেওঁলোকৰ সৈতে মত বিনিময় কৰে। শিবিৰত থকা শিশু, বয়স্ক আৰু মহিলাসকলৰ বাবে পৰ্যাপ্ত খাদ্য, নিৰাপদ খোৱা পানী, স্বাস্থ্য সেৱা আৰু সকলো প্ৰয়োজনীয় সুবিধা নিশ্চিত কৰিবলৈ তেওঁ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে।…
