10
Jul
অভিনেত্ৰী আৰু প্ৰযোজক হুমা কুৰেছীয়ে আকৌ এবাৰ প্ৰথা ভাঙিলে। তেওঁৰ নতুন থ্ৰিলাৰ Baby Do Die Do তেওঁ এগৰাকী বধিৰ আৰু মূক খুনীৰ চৰিত্ৰত অভিনয় কৰিছে। যি দেখাত সাধাৰণ বলীউডৰ একচন নায়িকাতকৈ সম্পূৰ্ণ বেলেগ। Gangs of Wasseypur আৰু জনপ্ৰিয় ৱেব ছিৰিজ Maharani ৰ দৰে বেলেগ ধৰণৰ চৰিত্ৰ বাছি লোৱাৰ বাবে জনাজাত হুমাই কৈছে যে তেওঁৰ এই নতুন চৰিত্ৰ ‘বেবি’ক ইচ্ছাকৃতভাৱে “সাধাৰণ আৰু নিতৌ দেখা পোৱা ধৰণৰ” ৰখা হৈছে - যেন মুম্বাই লোকেলত লগ পালেও দ্বিতীয়বাৰ ঘূৰি নাচাব। PTI ক দিয়া সাক্ষাৎকাৰত হুমাই কিয় এই সাধাৰণত্ব গুৰুত্বপূৰ্ণ সেই বিষয়ে ব্যাখ্যা কৰে। “তাই ইমান সাধাৰণ হৈয়ো ইমান ভয়ংকৰ খুনী - এই কথাটোৱেই কাহিনীটোক…
