25
May
অসম বিধানসভাৰ চলিত বিশেষ অধিৱেশনত বহু চৰ্চিত অভিন্ন দেৱানী বিধি চমুকৈ ইউচিচি বিধেয়ক উত্থাপন কৰাৰ পিছতেই ৰাজ্যৰ ৰাজনৈতিক মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। সোমবাৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী অতুল বৰাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হৈ ‘অসম অভিন্ন দেৱানী বিধি বিধেয়ক, ২০২৬’ সদনৰ মজিয়াত দাখিল কৰাৰ পিছৰে পৰা শাসক আৰু বিৰোধী পক্ষৰ মাজত এক উত্তপ্ত বিতৰ্কৰ সূচনা হয়। বহুবিবাহ নিষিদ্ধকৰণ, বিবাহৰ নূন্যতম বয়স স্থিৰ কৰা, লিভ-ইন সম্পৰ্ক নিয়ন্ত্ৰণ আৰু মহিলাক সম্পত্তিৰ সমান অধিকাৰ প্ৰদানৰ লক্ষ্যৰে অনা এই বিধেয়কখনৰ পৰা ৰাজ্যৰ পাহাৰীয়া আৰু ভৈয়ামৰ সকলো থলুৱা জনজাতীয় লোককে আওতাৰ বাহিৰত ৰখা হৈছে। চৰকাৰৰ এই পদক্ষেপক তীব্ৰ সমালোচনা কৰি প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি…
