২০২০ চনৰ দিল্লীৰ সাম্প্ৰদায়িক সংঘৰ্ষ গোচৰত অভিযুক্ত উমৰ খালিদ আৰু ছাৰ্জিল ইমামৰ জামিন আবেদন শুকুৰবাৰে এক বৃহৎ বিচাৰপীঠলৈ প্ৰেৰণ কৰে উচ্চতম ন্যায়ালয়ে। সন্ত্ৰাসবাদ বিৰোধী আইন ‘ইউএপিএ’ৰ অধীনত গ্ৰেপ্তাৰ হোৱা জে এন ইউৰ প্ৰাক্তন ছাত্ৰ নেতা দুজনৰ জামিন প্ৰক্ৰিয়াক লৈ সৃষ্টি হোৱা আইনী জটিলতাৰ পৰিপ্ৰেক্ষিততে শীর্ষ আদালতে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।
একে সময়তে, যোৱা ৫ জানুৱাৰীত এই দুজন অভিযুক্তৰ জামিন নাকচ কৰা পূৰ্বৰ ৰায়টোক লৈ শেহতীয়াকৈ আন এখন বিচাৰপীঠে কৰা তীক্ষ্ণ মন্তব্যৰ ওপৰত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰা বিৰত থাকে ন্যায়ালয়ৰ বৰ্তমানৰ বিচাৰপীঠখন।
দিল্লী সংঘৰ্ষ গোচৰৰ আন দুজন অভিযুক্ত আব্দুল খালিদ ছাইফী আৰু তাছলিম আহমদৰ জামিন আবেদনৰ শুনানিও চলিছিল এই সময়ছোৱাতে। এই শুনানিৰ সময়ত দিল্লী আৰক্ষীৰ তৰফৰ পৰা সমগ্ৰ আইনী প্ৰশ্নটো বৃহৎ বিচাৰপীঠলৈ প্ৰেৰণ কৰাৰ বাবে কৰা অনুৰোধ পৰীক্ষা কৰাৰ লগতে আদালতে এই দুজন অভিযুক্তক অন্তৱৰ্তীকালীন জামিন প্ৰদানৰ ইংগিত দিয়ে।
দিল্লী আৰক্ষীৰ হৈ হাজিৰ হোৱা অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে আদালতত যুক্তি দৰ্শায় যে ইউএপিএৰ দৰে কঠোৰ আইনৰ অধীনত দীৰ্ঘদিনীয়া কাৰাবাস বা বিচাৰ প্ৰক্ৰিয়াত হোৱা বিলম্বই জামিন লাভৰ সৰল পথ হ’ব নোৱাৰে। ২০০৮ চনৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰসংগ টানি আনি তেওঁ কয়, “বিচাৰ কাৰ্যত পলম হ’লেই আদালতলৈ আনিলে আমি কি কাছাবক জামিন দি দিলোঁহেঁতেন? ইয়াৰ কোনো সৰ্বজনীন বা নিৰ্দিষ্ট নিয়ম থাকিব নোৱাৰে।” অৱশ্যে ছাইফী আৰু আহমদ এই ষড়যন্ত্ৰৰ মূল অভিযুক্ত নোহোৱাৰ বাবেই আৰক্ষীয়ে তেওঁলোকৰ জামিনত তীব্ৰ বিৰোধিতা কৰা নাই বুলি তেওঁ স্পষ্ট কৰে।
ইফালে, যোৱা ১৮ মে’ত ছৈয়দ ইফতিকাৰ আন্দ্ৰাবী নামৰ এজন অভিযুক্তক জামিন প্ৰদান কৰাৰ সময়ত উচ্চতম ন্যায়ালয়ে ৫ জানুৱাৰীৰ পূৰ্বৰ ৰায়টোক লৈ গুৰুতৰ আপত্তি দৰ্শাইছিল। ন্যায়ালয়ে পূৰ্বে উমৰ খালিদ আৰু ছাৰ্জিল ইমামক এবছৰলৈ পুনৰ জামিনৰ আবেদন কৰিব নোৱাৰাকৈ যি বাধা আৰোপ কৰিছিল, তাৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰে ন্যায়াধীশ ভূঞাই। তেওঁ পৰ্যবেক্ষণ কৰে যে পূৰ্বৰ ৰায়টোত ২০২১ চনৰ ঐতিহাসিক ‘কে এ নাজীব’ গোচৰৰ নিৰ্দেশনাক সঠিকভাৱে মানি চলা হোৱা নাছিল, য’ত কোৱা হৈছিল যে বিচাৰ প্ৰক্ৰিয়াত অস্বাভাৱিক পলম হ’লে ইউএপিএ আইন থকাৰ পিছতেও অভিযুক্তই জামিন পাব পাৰে। ‘জামিনটোৱেই নিয়ম আৰু কাৰাগাৰখন ব্যতিক্ৰম’ বোলা আইনী নীতিটো কোনো ফোঁপোলা শ্লোগান নহয় বুলিও উচ্চতম ন্যায়ালয়ে শেহতীয়া ৰায়টোক সাৰথি কৰি দোহাৰে।
