যাত্ৰীবাহী বাছৰ ভিতৰত স্কুলীয়া নাবালিকা ছাত্ৰীক কু-অভিপ্ৰায়েৰে অসদাচৰণ কৰাৰ এক জঘন্য ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ ধুবুৰী জিলাতে। চলন্ত বাছৰ ভিতৰত কনডাক্টৰে নাবালিকাক নিৰ্যাতন চলোৱাৰ এই অভিযোগ উত্থাপন হোৱাৰ পিছতেই আৰক্ষীয়ে ততাতৈয়াকৈ অভিযান চলাই গ্ৰেপ্তাৰ কৰে ৫৫ বছৰীয়া লম্পট বাছ পৰিচালকাজনক। ধৃত অভিযুক্ত কনডাক্টৰজনক গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত ফালিমাৰী নিবাসী সাহাদাত আলী বুলি চিনাক্ত কৰা হৈছে।
জিলাখনৰ এক স্পৰ্শকাতৰ আইন-শৃংখলাজনিত প্ৰেক্ষাপটৰ মাজতে নৈশভাগত এই জঘন্য কাণ্ড সংঘটিত হয়। জানিব পৰা অনুসৰি, ঝগৰাৰপাৰৰ পৰা ধুবুৰী চহৰলৈ টিউচন পঢ়িবলৈ বুলি এখন যাত্ৰীবাহী বাছত উঠিছিল তিনিগৰাকী নাবালিকা ছাত্ৰী। সেই সময়ত বাছখন প্ৰায় যাত্ৰীহীন থকাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰে চালকৰ সহযোগী লম্পট সাহাদাতে। সুযোগ বুজি চালকৰ সহযোগীজনে বাছৰ ভিতৰতে এগৰাকী নাবালিকা ছাত্ৰীক বলপূৰ্বকভাৱে অসদাচৰণ কৰাৰ চেষ্টা চলায়।
ঘটনাৰ পিছত ভুক্তভোগী ছাত্ৰীকেইগৰাকীয়ে ঘৰলৈ গৈ পৰিয়ালৰ লোকক এই বিষয়ে সবিস্তাৰে অৱগত কৰে। এই কথা জনাৰ লগে লগেই ক্ষুব্ধ পৰিয়ালৰ লোকে স্থানীয় ৰাইজৰ সহযোগত ধুবুৰী বাছ আস্থানত উপস্থিত হৈ লম্পট কনডাক্টৰাজনক কৰায়ত্ত কৰে। উত্তেজিত ৰাইজে উত্তম-মধ্যম শোধাই লম্পট সাহাদাত আলীক ধুবুৰী সদৰ আৰক্ষীৰ হাতত গতাই দিয়ে।
এই ঘটনা সন্দৰ্ভত ইতিমধ্যে ধুবুৰী সদৰ থানাত এক এজাহাৰ দাখিল কৰিছে ভুক্তভোগী ছাত্ৰীৰ পৰিয়ালে। আৰক্ষীৰ উচ্চপদস্থ সূত্ৰই সদৰী কৰা অনুসৰি, অভিযুক্ত কনডাক্টৰজনক বৰ্তমান জিম্মাত লৈ তীব্ৰ জেৰা অব্যাহত ৰখা হৈছে। সমগ্ৰ জঘন্য কাণ্ডটোৰ সন্দৰ্ভত আৰক্ষীয়ে পকচো আইনৰ অধীনত এক গোচৰ ৰুজু কৰি পৰৱৰ্তী তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰি তুলিছে।
