Paromita

903 Posts
বকৰি ঈদৰ পূৰ্বে গৰু কোৰবানী পৰিহাৰ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বকৰি ঈদৰ পূৰ্বে গৰু কোৰবানী পৰিহাৰ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

পবিত্ৰ বকৰি ঈদৰ পূৰ্বে সাম্প্ৰদায়িক সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। অসম বিধানসভাৰ অধিৱেশনৰ তৃতীয় দিনা সদনত ভাষণ প্ৰদান কৰি তেওঁ এইবাৰ ঈদৰ সময়ত গৰু কোৰবানী পৰিহাৰ কৰিবলৈ অনুৰোধ জনায়। কোনো ধৰ্মগ্ৰন্থতে এই প্ৰথা বাধ্যতামূলক বুলি উল্লেখ নাই বুলিও তেওঁ সদনত স্পষ্ট কৰি দিয়ে। ৰাজ্যখনৰ বঙালী মুছলিম সম্প্ৰদায়ৰ কেইবাটাও সংগঠনে হিন্দু ধৰ্মৱলম্বী লোকসকলৰ আৱেগ-অনুভূতিক সন্মান জনাই ইতিমধ্যে গৰু কোৰবানীৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই পদক্ষেপক অসমৰ সামাজিক সমন্বয় আৰু পাৰস্পৰিক বুজাবুজি শক্তিশালী কৰাৰ ক্ষেত্ৰত এক ইতিবাচক খোজ বুলি মুখ্যমন্ত্ৰীয়ে অভিহিত কৰে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, "এনে উদ্যোগে ৰাজ্যৰ সামাজিক গাঁথনিৰ বাবে এক নতুন দিশ…
Read More
মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

মূল‍্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ‍্যজুৰি আছুৰ প্ৰতিবাদৰাজ‍্যৰ প্ৰতিখন জিলা সদৰত এই প্ৰতিবাদপেট্ৰ'ল-ডিজেল-অত‍্যাৱশ‍্যকীয় সামগ্ৰীৰ দামবৃদ্ধিৰপেট্ৰ'লিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত।ৰজাঘৰীয়াৰ বিৰুদ্ধে হুংকাৰ শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ নকৰিলে আগন্তুক দিনত তীব্ৰ আন্দোলনৰ গঢ়ি তুলিব আছুৱে
Read More
কামাখ্যা দৰ্শন ভূটানৰ প্ৰধানমন্ত্ৰীৰ

কামাখ্যা দৰ্শন ভূটানৰ প্ৰধানমন্ত্ৰীৰ

অসম ভ্রমণত অহা বন্ধুৰাষ্ট্ৰ ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে ৰ কামাখ্যা মন্দিৰ দৰ্শন। আজি পুৱাই নীলাচল পাহাৰাৰ বুকুত উপস্হিত হৈ মা কামাখ্যাৰ চৰণত পূজা অৰ্চনা কৰি আশীষ লয়।উল্লেখ্য যে সোমবাৰে ভূটানৰ প্ৰধানমন্ত্ৰী অসমত উপস্থিত হৈছিল। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্য আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সোমবাৰে লোকভৱনত ভূটানৰ প্ৰধানমন্ত্ৰী বৈঠকত মিলিত হৈছিল ।
Read More
নগাঁও আৰক্ষীৰ এনকাউণ্টাৰত নিহত মৰিকলং ডকাইতি কাণ্ডৰ মূল অভিযুক্ত খাইৰুল আলী

নগাঁও আৰক্ষীৰ এনকাউণ্টাৰত নিহত মৰিকলং ডকাইতি কাণ্ডৰ মূল অভিযুক্ত খাইৰুল আলী

আৰক্ষীৰ গুলীত নিহত হ’ল নগাঁৱৰ মৰিকলঙত সংঘটিত হোৱা চাঞ্চল্যকৰ ডকাইতি আৰু হত্যাকাণ্ডৰ মূল অভিযুক্ত খাইৰুল আলী। মঙলবাৰে পুৱতি নিশা জিলাখনৰ ৰঙালু আৰক্ষী চকীৰ অন্তৰ্গত বৰকুণ্ডলি মিকিৰপাৰত সংঘটিত হয় এই এনকাউণ্টাৰৰ ঘটনা। আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, মণি ওৰফে খাইৰুল আলী নামৰ এই কুখ্যাত অপৰাধীটোৰ ঘৰ লখিমপুৰৰ থানা ৰোডৰ ৮ নং ৱাৰ্ডত। আৰক্ষীৰ ভাষ্য অনুসৰি, সোমবাৰে নিশা ডকাইতৰ এটা দলে অঞ্চলটোত পুনৰ এক অপৰাধ সংঘটিত কৰাৰ বাবে গোপন প্ৰস্তুতি চলাইছিল। এই সন্দৰ্ভত এক নিৰ্দিষ্ট তথ্য লাভ কৰি নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নিশাৰ ভাগতে অভিযান চলায়। আৰক্ষীৰ দলটোৱে ডকাইত সক্ৰিয় থকা স্থান ঘেৰি ধৰাৰ চেষ্টা…
Read More
ইন্ধনৰ ভয়াবহ মূল্যবৃদ্ধি আৰু মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ উত্তাল প্ৰতিবাদ

ইন্ধনৰ ভয়াবহ মূল্যবৃদ্ধি আৰু মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ উত্তাল প্ৰতিবাদ

ইন্ধনৰ ক্ৰমাগত মূল্যবৃদ্ধিয়ে এতিয়া অতিষ্ঠ কৰিছে সৰ্বসাধাৰণ ৰাইজক। মঙলবাৰে ইয়াৰ তীব্ৰ বিৰোধিতাৰে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাই। পেট্ৰ’ল, ডিজেল তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিৰ প্ৰতিবাদত ছাত্ৰ সংগঠনটোৱে জিলা খণ্ডসমূহত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিঙ পুৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটীৰ উজান বজাৰস্থিত শ্বহীদ ভৱনৰ সমীপত আছু কৰ্মীসকলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পুত্তলিকাত অগ্নিসংযোগ কৰে। সেই সময়তে জ্বলন্ত পুত্তলিকাটো নুমুৱাবলৈ তীব্ৰ হেতা-ওপৰা চলায় কৰ্তব্যৰত আৰক্ষী বাহিনীয়ে। ইয়াৰ পাছতে আৰক্ষী আৰু ছাত্ৰ কৰ্মীসকলৰ মাজত এক সংঘাতপূৰ্ণ পৰিস্থিতিৰো সৃষ্টি হয়। পশ্চিম এছিয়াৰ সংকটৰ অজুহাত দেখুৱাই চৰকাৰে দাঙি ধৰা যুক্তিক তীব্ৰ সমালোচনা কৰে সদৌ অসম ছাত্ৰ সন্থাই। নিৰ্বাচনৰ পূৰ্বে…
Read More
আকৌ মাধমাৰ! পেট্ৰ’ল-ডিজেলৰ পাছত এইবাৰ দেশজুৰি বৃদ্ধি পালে চি এন জিৰ মূল্য

আকৌ মাধমাৰ! পেট্ৰ’ল-ডিজেলৰ পাছত এইবাৰ দেশজুৰি বৃদ্ধি পালে চি এন জিৰ মূল্য

ইন্ধনৰ ধাৰাবাহিক মূল্যবৃদ্ধিয়ে এতিয়া দহিছে দেশৰ সৰ্বসাধাৰণ গ্ৰাহকক। পেট্ৰ’ল আৰু ডিজেলৰ জুইচাই দামৰ পাছত মঙলবাৰে ৰাজধানী দিল্লীত প্ৰতি কিলোগ্ৰাম পুনৰ ২ টকাকৈ বৃদ্ধি কৰা হ’ল চি এন জিৰ মূল্য। বিগত দুটা সপ্তাহৰ ভিতৰত চতুৰ্থবাৰৰ বাবে বৃদ্ধি কৰা হয় চিএনজিৰ মূল্য। নতুন নিৰ্দেশনা অনুসৰি মঙলবাৰে পুৱা ৬ বজাৰ পৰা কাৰ্যকৰী হোৱা এই নতুন দৰৰ পিছত দিল্লীত বৰ্তমান চি এন জিৰ মূল্য প্ৰতি কিলোগ্ৰামত ৮৩.০৯ টকা স্পৰ্শ কৰে। কেৱল দিল্লীতে নহয়, বৰঞ্চ নতুন দৰ মৰ্মে নয়ডা, গ্ৰেটাৰ নয়ডা আৰু গাজিয়াবাদত চি এন জিৰ মূল্য ৮৯.৭০ টকালৈ বৃদ্ধি পাইছে। আনহাতে বাণিজ্যিক নগৰী মুম্বাইতো একেধৰণৰ মূল্যবৃদ্ধিৰ পাছত চি এন জি বৰ্তমান প্ৰতি কিলোগ্ৰামত ৮৪…
Read More
জামিন বিচাৰি পুনৰ আদালতত আবেদন জুবিন গাৰ্গ গোচৰৰ মুখ্য অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ

জামিন বিচাৰি পুনৰ আদালতত আবেদন জুবিন গাৰ্গ গোচৰৰ মুখ্য অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই মঙলবাৰে আদালতত দাখিল কৰে জামিনৰ আবেদন। ৰাজ্যৰ এখন বিশেষ ফাষ্ট ট্ৰেক আদালতে এই গোচৰৰ অভিযুক্তসকলৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা চমুকৈ বি এন এছৰ অধীনত হত্যা, অপৰাধমূলক ষড়যন্ত্ৰ, ধন দাবী আৰু প্ৰৱঞ্চনাৰ দৰে কেইবাটাও গুৰুতৰ ধাৰাৰ অধীনত অভিযোগ গঠন কৰাৰ পিছতেই এই আইনী প্ৰক্ৰিয়া আৰম্ভ হয়। বিশেষ ফাষ্ট ট্ৰেক আদালতৰ বিচাৰক শৰ্মিলা ভূঞাই ‘ৰাজ্য বনাম সিদ্ধাৰ্থ শৰ্মা আৰু অন্য ছয়জন’ নামৰ এই গোচৰটোৰ শুনানি গ্ৰহণ কৰি সমগ্ৰ বিষয়টো এতিয়া পৰৱৰ্তী বিচাৰ প্ৰক্ৰিয়ালৈ প্ৰেৰণ কৰিছে। আদালতৰ নথিপত্ৰ অনুসৰি, এই গোচৰত সিদ্ধাৰ্থ শৰ্মাৰ উপৰি শ্যামকানু মহন্ত, শেখৰ জ্যোতি গোস্বামী, অমৃত প্ৰভা মহন্ত,…
Read More
অসমৰ স্বাস্থ্যখণ্ডত ঐতিহাসিক অভিলেখ; প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গড়তকৈ হ্ৰাস পালে মাতৃ মৃত্যুৰ হাৰ

অসমৰ স্বাস্থ্যখণ্ডত ঐতিহাসিক অভিলেখ; প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গড়তকৈ হ্ৰাস পালে মাতৃ মৃত্যুৰ হাৰ

ৰাজ্যৰ স্বাস্থ্যখণ্ডত এক অভূতপূৰ্ব ঐতিহাসিক মাইলৰ খুঁটি স্পৰ্শ কৰি অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গড়তকৈ হ্ৰাস পাইছে মাতৃ মৃত্যুৰ হাৰ। জনসাধাৰণৰ সুৰক্ষিত স্বাস্থ্য সেৱা সুনিশ্চিত কৰাৰ দিশত লাভ কৰা এই বৃহৎ সফলতাৰ কথা মঙলবাৰে সংবাদ মাধ্যমৰ আগত সদৰি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। বৰ্তমান অসমত মাতৃ মৃত্যুৰ হাৰ ৮৪ লৈ হ্ৰাস পাইছে, য’ত সমগ্ৰ দেশৰ এই ৰাষ্ট্ৰীয় গড় হৈছে ৮৮। এই বিশেষ সাফল্যক নিজৰ ৰাজহুৱা জীৱনৰ আটাইতকৈ এক আবেগিক মুহূৰ্ত বুলি অভিহিত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ পুৰণি দিনৰ কথা স্মৰণ কৰি কয় যে ২০০৬ চনত যেতিয়া তেওঁ প্ৰথমবাৰৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ দায়িত্ব লৈছিল, তেতিয়া অসমত মাতৃ মৃত্যুৰ হাৰ আছিল ৪৮০।…
Read More
ইমান আবেগিকভাৱে নল’বঃ ‘ককৰোচ’ মন্তব্যক লৈ দাখিল কৰা আবেদনৰ শুনানিত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ স্থিতি

ইমান আবেগিকভাৱে নল’বঃ ‘ককৰোচ’ মন্তব্যক লৈ দাখিল কৰা আবেদনৰ শুনানিত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ স্থিতি

ন্যায়পালিকাক বদনাম কৰিবলৈ অনলাইনত চলি থকা বিভিন্ন বিতৰ্কিত চৰ্চাক লৈ কোনেও অতিমাত্ৰা স্পৰ্শকাতৰ বা আবেগিক হোৱাৰ প্ৰয়োজন নাই। ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বাধীন বিচাৰপীঠে সোমবাৰে এক গোচৰৰ শুনানিত ভাগ লৈ এই গুৰুত্বপূৰ্ণ স্থিতি স্পষ্ট কৰে। পূৰ্বৰ এক শুনানিত আদালতৰ মজিয়াত কৰা ‘ককৰোচ’ মন্তব্যক কেন্দ্ৰ কৰি ছ’চিয়েল মিডিয়াত সৃষ্টি হোৱা বিকৃত ধাৰণাৰ বিৰুদ্ধে দাখিল কৰা একাধিক ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ জৰুৰী শুনানিৰ দাবী আজি সম্পূৰ্ণভাৱে খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি এম পাঞ্চোলীৰ তিনিজনীয়া বিচাৰপীঠে এই বিষয়ত কোনো জৰুৰী পৰিস্থিতি নাই বুলি উল্লেখ কৰি নিয়মীয়া প্ৰক্ৰিয়াৰ অধীনতহে পাছত ইয়াক পৰীক্ষা কৰা হ’ব বুলি…
Read More
আৰ বি আইৰ টকাৰ বাকচৰ পৰা লুণ্ঠন ৮.৭ কোটি টকা! আহমেদাবাদত বেংক অব বৰোদাৰ বিষয়া গ্ৰেপ্তাৰ

আৰ বি আইৰ টকাৰ বাকচৰ পৰা লুণ্ঠন ৮.৭ কোটি টকা! আহমেদাবাদত বেংক অব বৰোদাৰ বিষয়া গ্ৰেপ্তাৰ

গুজৰাটৰ আহমেদাবাদত ভাৰতীয় ৰিজাৰ্ভ বেংক চমুকৈ আৰ বি আইৰ এটি টকাৰ বাকচৰ পৰা ৮.৭ কোটি টকা সৰকাই লৈ যোৱাৰ এক চাঞ্চল্য্যকৰ গোচৰত অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে এটা চৰকাৰী বেংকৰ বিষয়াক। এক গোপন সূত্ৰৰ পম খেদি শুকুৰবাৰে আৰক্ষীৰ এটা দলে চোলা অঞ্চলৰ পৰা বেংক অব বৰোদাৰ কনিষ্ঠ জিম্মাদাৰ হৰসিদ্ধ কডিয়াৰ নামৰ অভিযুক্তাজনক কৰায়ত্ত কৰে। আহমেদাবাদ আৰক্ষীৰ সহকাৰী আয়ুক্ত হিতেন্দ্ৰ চৌধুৰীয়ে দেওবাৰে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে কালুপুৰ অঞ্চলৰ গান্ধী ৰোডত থকা বেংক অব বৰোদাৰ শাখাটিৰ আৰ বি আই টকাৰ বাকচৰ পৰা যোৱা ১৩ জানুৱাৰীতে এই বৃহৎ ধন লুণ্ঠন কৰা হৈছিল। আদালতৰ নিৰ্দেশ মৰ্মে ধৃত বিষয়াজনক অহা ২৭ মে’ পৰ্যন্ত আৰক্ষীৰ…
Read More