আৰ বি আইৰ টকাৰ বাকচৰ পৰা লুণ্ঠন ৮.৭ কোটি টকা! আহমেদাবাদত বেংক অব বৰোদাৰ বিষয়া গ্ৰেপ্তাৰ

গুজৰাটৰ আহমেদাবাদত ভাৰতীয় ৰিজাৰ্ভ বেংক চমুকৈ আৰ বি আইৰ এটি টকাৰ বাকচৰ পৰা ৮.৭ কোটি টকা সৰকাই লৈ যোৱাৰ এক চাঞ্চল্য্যকৰ গোচৰত অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে এটা চৰকাৰী বেংকৰ বিষয়াক। এক গোপন সূত্ৰৰ পম খেদি শুকুৰবাৰে আৰক্ষীৰ এটা দলে চোলা অঞ্চলৰ পৰা বেংক অব বৰোদাৰ কনিষ্ঠ জিম্মাদাৰ হৰসিদ্ধ কডিয়াৰ নামৰ অভিযুক্তাজনক কৰায়ত্ত কৰে।

আহমেদাবাদ আৰক্ষীৰ সহকাৰী আয়ুক্ত হিতেন্দ্ৰ চৌধুৰীয়ে দেওবাৰে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে কালুপুৰ অঞ্চলৰ গান্ধী ৰোডত থকা বেংক অব বৰোদাৰ শাখাটিৰ আৰ বি আই টকাৰ বাকচৰ পৰা যোৱা ১৩ জানুৱাৰীতে এই বৃহৎ ধন লুণ্ঠন কৰা হৈছিল। আদালতৰ নিৰ্দেশ মৰ্মে ধৃত বিষয়াজনক অহা ২৭ মে’ পৰ্যন্ত আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

আৰক্ষীৰ অনুসন্ধানত প্ৰকাশ পোৱা অনুসৰি, অভিযুক্ত কডিয়াৰে দুজন ঠিকাভিত্তিক শ্ৰমিকৰ সহযোগত বেংকৰ পুৰণি লোহাৰ বাকচ পেলাই দিয়াৰ চলেৰে এই কোটি কোটি টকা বাহিৰলৈ সৰবৰাহ কৰিছিল। অনাৱশ্যকীয় বুলি ভবা এই বাকচসমূহৰ ভিতৰতে আচলতে অতি কৌশলেৰে লুকুৱাই থোৱা হৈছিল ৮.৭ কোটি টকাৰ নতুন নোট।

বেংক কৰ্তৃপক্ষৰ মনত কোনো সন্দেহৰ সৃষ্টি নহ’বলৈ অভিযুক্তজনে বিগত ২০ এপ্ৰিল পৰ্যন্ত নিয়মীয়াকৈ কাৰ্যালয়লৈ আহি আছিল, কিয়নো বেংকৰ চি চি টি ভি কেমেৰাৰ দৃশ্যসমূহ ৯০ দিনৰ পিছত স্বয়ংক্ৰিয়ভাৱে মচি যোৱাৰ কথা আছিল। ইয়াৰ পিছতে তেওঁ হঠাৎ সন্ধানহীন হৈ দীৰ্ঘদিনীয়া অসুস্থতাৰ ছুটি লৈছিল যদিও আৰ বি আইৰ এক নিয়মীয়া পৰিদৰ্শনৰ পূৰ্বে নতুনকৈ দায়িত্ব লোৱা এজন বিষয়াই হিচাপ পৰীক্ষা কৰোঁতেহে এই বৃহৎ জালিয়াতি ধৰা পৰে।

এই সন্দৰ্ভত যোৱা ১৫ মে’ত কালুপুৰ আৰক্ষী থানাত এখন এজাহাৰ পঞ্জীয়ন কৰা হয়। আৰক্ষীয়ে অভিযানকালত কডিয়াৰক গ্ৰেপ্তাৰ কৰা স্থানত থকা এখন বাহনৰ ডিকিৰ পৰা ইতিমধ্যে ২.২ কোটি টকা নগদ ধন জব্দ কৰিবলৈ সক্ষম হৈছে। তীব্ৰ জেৰাৰ সন্মুখীন হৈ অভিযুক্তজনে স্বীকাৰ কৰে যে লুণ্ঠন কৰা ধনৰ এটা বৃহৎ অংশৰে তেওঁ চান্দখেদাত এটা অট্টালিকা, এখন বাণিজ্যিক বাহন আৰু আহমেদাবাদত এখন দোকান ক্ৰয় কৰিছিল।

ইয়াৰোপৰি এগৰাকী মহিলা সহকৰ্মীক ঘৰ ক্ৰয় কৰিবলৈ ২৩ লাখ টকা দিয়াৰ উপৰিও নগদ ৫ লাখ টকা উপহাৰ দিছিল আৰু অৱশিষ্ট ধন ক্ৰিপ্টোকাৰেন্সী বা ডিজিটেল মুদ্ৰাৰ বজাৰত বিনিয়োগ কৰিছিল বুলিও আৰক্ষীৰ আগত কডিয়াৰে স্বীকাৰোক্তি প্ৰদান কৰে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *