ইন্ধনৰ ক্ৰমাগত মূল্যবৃদ্ধিয়ে এতিয়া অতিষ্ঠ কৰিছে সৰ্বসাধাৰণ ৰাইজক। মঙলবাৰে ইয়াৰ তীব্ৰ বিৰোধিতাৰে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাই। পেট্ৰ’ল, ডিজেল তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিৰ প্ৰতিবাদত ছাত্ৰ সংগঠনটোৱে জিলা খণ্ডসমূহত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিঙ পুৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
গুৱাহাটীৰ উজান বজাৰস্থিত শ্বহীদ ভৱনৰ সমীপত আছু কৰ্মীসকলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পুত্তলিকাত অগ্নিসংযোগ কৰে। সেই সময়তে জ্বলন্ত পুত্তলিকাটো নুমুৱাবলৈ তীব্ৰ হেতা-ওপৰা চলায় কৰ্তব্যৰত আৰক্ষী বাহিনীয়ে। ইয়াৰ পাছতে আৰক্ষী আৰু ছাত্ৰ কৰ্মীসকলৰ মাজত এক সংঘাতপূৰ্ণ পৰিস্থিতিৰো সৃষ্টি হয়।
পশ্চিম এছিয়াৰ সংকটৰ অজুহাত দেখুৱাই চৰকাৰে দাঙি ধৰা যুক্তিক তীব্ৰ সমালোচনা কৰে সদৌ অসম ছাত্ৰ সন্থাই। নিৰ্বাচনৰ পূৰ্বে ইন্ধনৰ দৰ নিয়ন্ত্ৰণত থকাৰ কথা সোঁৱৰাই দি আছুৰ সাধাৰণ সম্পাদক সমীৰণ কলিতাই কয়, “নিৰ্বাচনৰ পূৰ্বে দেশত কিয় মূল্যবৃদ্ধি হোৱা নাছিল? সেই সময়ত কিয় পশ্চিম এছিয়াৰ যুদ্ধৰ প্ৰসংগ উত্থাপন কৰা হোৱা নাছিল? ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে চৰকাৰ শাসন চলোৱাত সম্পূৰ্ণ ব্যৰ্থ হৈছে। যদি চৰকাৰে নিজৰ প্ৰশাসনিক দায়িত্ব পালন কৰিব নোৱাৰে, তেন্তে নৈতিকতাৰ খাতিৰত তেওঁলোকে পদত্যাগ কৰাটো প্ৰয়োজন।”
প্ৰতিবাদৰ এই জুই সমগ্ৰ অসমৰে চুকে-কোণে বিয়পি পৰে। ৰাজ্যৰ বিভিন্ন জিলাত আছুৰ উদ্যোগত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ কৰ্মীসকলে। চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় মন্ত্ৰী পুৰীৰ পুত্তলিকা দাহ কৰে। একেদৰে বিজনীৰ স্থানীয় বজাৰতো আছু কৰ্মীসকলে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দিনক দিনে বাঢ়ি যোৱা এই মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ অভিযোগ তোলে স্থানীয় নেতৃবৃন্দই।
ইফালে বিশ্বনাথৰ শ্বহীদ ভৱনৰ সন্মুখত শতাধিক আছু কৰ্মী একত্ৰিত হৈ সাব্যস্ত কৰে এক জোৰদাৰ প্ৰতিবাদ। খাদ্য সামগ্ৰীৰ পৰা আদি কৰি জীৱনদায়িনী ঔষধ আৰু এল পি জি চিলিণ্ডাৰৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক তীব্ৰ সংকটত পেলোৱাৰ অভিযোগ তোলে নেতৃত্বই। তথাকথিত ডাবল ইঞ্জিন চৰকাৰৰ দিনত এই পৰিস্থিতিয়ে সাধাৰণ ৰাইজৰ জীৱন স্তব্ধ কৰি তোলাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ছাত্ৰ নেতাসকলে।
