21
May
ভাৰতত নিষিদ্ধ হ’ল দেশৰ ছ’চিয়েল মিডিয়াত এক ব্যংগাত্মক অনলাইন অভিযানেৰে তোলপাৰ লগোৱা কোকৰোচ জনতা পাৰ্টীৰ এক্স একাউণ্ট। আইনী দাবীৰে ব্যগাংত্মক দলটোৰ এক্স একাউণ্ট বন্ধ কৰাৰ পাছতে এতিয়া কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কোকৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকি। ইনষ্টাগ্ৰামযোগে এক ভিডিঅ’ বাৰ্তা প্ৰকাশ কৰি চিজেপিৰ এক্স একাউণ্ট চৰকাৰে ইচ্ছাকৃতভাৱে নিষিদ্ধ কৰা বুলি অভিযোগ তোলে দীপকিয়ে। অভিজিত দীপকিয়ে কয়, "আমাৰ একাউণ্টটো কিয় নিষিদ্ধ কৰা হ’ল, সেই লৈ জনসাধাৰণে সৰৱ হোৱাটো মই বিচাৰোঁ। আমি ইয়াত একো ভুল লিখা নাছিলোঁ। আমি কেৱল শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগহে দাবী কৰিছিলোঁ।" উল্লেখ্য যে, যুৱ প্ৰজন্মৰ দ্বাৰা পৰিচালিত এই ব্যংগাত্মক আন্দোলনটোৰ সূচনা হয় যোৱা ১৬ মে’ত।…
