সমগ্ৰ দেশৰ লগতে অসমতো অল ইণ্ডিয়া অৰ্গানাইজেশ্যন অৱ কেমিষ্ট এণ্ড ড্ৰাগীষ্টৰ আহ্বানত আজি ফাৰ্মাচিষ্টসকলে কাৰ্যকৰী কৰিছে এক দেশজোৰা ধৰ্মঘট। এই বন্ধৰ প্ৰেক্ষাপটত জনসাধাৰণ যাতে জৰুৰীকালীন ঔষধৰ পৰা বঞ্চিত হ’বলগীয়া নহয়, তাক নিশ্চিত কৰিবলৈ অসম চৰকাৰে জাৰি কৰিছে এক কঠোৰ নিৰ্দেশনা। ৰাজ্যৰ ড্ৰাগছ কন্ট্ৰ’লাৰৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এই চৰকাৰী জাননীত স্পষ্ট কৰি দিয়া হৈছে যে কোনো পৰিস্থিতিতে জীৱনদায়িনী ঔষধৰ যোগান ব্যাহত কৰিব নোৱাৰিব।
যোৱা ১৭ মে’ত ড্ৰাগছ কন্ট্ৰ’লাৰ জেনেৰেলৰ এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকৰ সিদ্ধান্ত মৰ্মে ৰাজ্য চৰকাৰে কেইবাটাও শ্ৰেণীৰ ফাৰ্মাচীক এই ধৰ্মঘটৰ পৰা সম্পূৰ্ণ আঁতৰত থকাৰ নিৰ্দেশ দিয়ে। চৰকাৰী নিৰ্দেশনা অনুসৰি প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি কেন্দ্ৰ, অমৃত ফাৰ্মাচী, চৰকাৰী তথা ব্যক্তিগত হাস্পতালৰ ভিতৰত থকা দৰবৰ দোকান আৰু জেনেৰিক ঔষধৰ আউটলেটসমূহ ২০ মে’ৰ দিনটোত স্বাভাৱিক সময়সূচীৰে সম্পূৰ্ণ খোলা ৰাখিব লাগিব। ইয়াৰ উপৰিও ধৰ্মঘট আহ্বান কৰা সংগঠনটোৰ অন্তৰ্ভুক্ত নোহোৱা অন্যান্য ফাৰ্মাচিষ্টসকলকো ব্যৱসায় চলাই যাবলৈ কোৱা হৈছে।
চৰকাৰী এই নিৰ্দেশ উলংঘা কৰি কোনো ফাৰ্মাচী বন্ধ ৰাখিলে চৰকাৰে ড্ৰাগছ এণ্ড কচমেটিকছ এক্ট ১৯৪০ ৰ অধীনত অনুজ্ঞাপত্ৰ বাতিল কৰিব বুলিও জাৰি কৰে সতৰ্কবাণী। জিলাসমূহত নিয়োজিত ড্ৰাগছ ইন্সপেক্টৰসকলক স্থানীয় ফাৰ্মাচিষ্ট সন্থাসমূহৰ সৈতে সমন্বয় ৰাখি প্ৰতিটো অঞ্চলতে পৰ্যাপ্ত পৰিমাণৰ দৰবৰ দোকান খোলা ৰখাৰ দায়িত্ব অৰ্পণ কৰা হৈছে।
ইফালে, ধৰ্মঘটৰ সময়ত খোলা থকা ফাৰ্মাচীসমূহক সুৰক্ষা প্ৰদান কৰিবলৈ জিলা প্ৰশাসন আৰু আৰক্ষীক বিশেষ নিৰ্দেশ দিয়া হৈছে। জৰুৰীকালীন অৱস্থাত গ্ৰাহকে যাতে কোনো অসুবিধা নোহোৱাকৈ ঔষধ ক্ৰয় কৰিব পাৰে, তাৰ বাবে খোলা থকা ফাৰ্মাচী আৰু সংশ্লিষ্ট বিষয়াসকলৰ যোগাযোগ নম্বৰৰ এখন তালিকা জিলা কৰ্তৃপক্ষই ৰাজহুৱা কৰাৰ ব্যৱস্থা কৰিছে।
