Paromita

898 Posts
গুৱাহাটীৰ চমকৰ নামত মচি পেলোৱা হ’ল প্ৰাণৰ শিল্পীৰ প্ৰতিচ্ছবি! ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া

গুৱাহাটীৰ চমকৰ নামত মচি পেলোৱা হ’ল প্ৰাণৰ শিল্পীৰ প্ৰতিচ্ছবি! ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক কেন্দ্ৰ কৰি পুনৰ তীব্ৰ আলোচনাৰ সৃষ্টি হৈছে ৰাজ্যজুৰি। গুৱাহাটীৰ গণেশগুৰি উৰণীয়া সেতুৰ তলত দীৰ্ঘদিন ধৰি থকা "COMRADE NEVER DIE" শীৰ্ষক মিউৰেল মচি পেলোৱাৰ পাছতেই সামাজিক মাধ্যমৰ পৰা ৰাজপথলৈকে আৰম্ভ হৈছে ব্যাপক চৰ্চা। গুৱাহাটী পৌৰ নিগমে উৰণীয়া সেতুৰ তলৰ অংশৰ পৰা মিউৰেলখন আঁতৰাই দিয়ে। দৈনিক হাজাৰ হাজাৰ লোকে দেখা এই শিল্পকৰ্মত স্থান পাইছিল অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবি। বহু অনুৰাগীৰ বাবে এই মিউৰেল কেৱল এখন চিত্ৰ নাছিল, বৰঞ্চ এয়া জুবিন গাৰ্গৰ সংগীত জীৱন আৰু সাংস্কৃতিক প্ৰভাৱৰ এক প্ৰতীক হিচাপেও পৰিগণিত হৈছিল। ইফালে, বিদেশী প্ৰতিনিধিৰ অসম ভ্ৰমণৰ প্ৰাকমূহুৰ্তত গুৱাহাটীৰ চমক বৃদ্ধিৰ বাবে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি মচি…
Read More
গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰৰ বাবে প্ৰস্তুত হ’ব অৰ্থনৈতিক উন্নয়নৰ বিশেষ ৰোডমেপ

গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰৰ বাবে প্ৰস্তুত হ’ব অৰ্থনৈতিক উন্নয়নৰ বিশেষ ৰোডমেপ

অসমৰ তিনিখন প্ৰধান নগৰীক সামৰি আৰম্ভ হৈছে নতুন অৰ্থনৈতিক উন্নয়ন পৰিকল্পনা প্ৰস্তুতৰ প্ৰক্ৰিয়া। এই পৰিকল্পনাৰ জৰিয়তে নগৰকেইখনৰ অৰ্থনৈতিক সম্ভাৱনা, বিনিয়োগৰ সুযোগ আৰু ভৱিষ্যৎ উন্নয়নৰ দিশসমূহ চিহ্নিত কৰাৰ পদক্ষেপ লোৱা হৈছে। এই কামত সহায় আগবঢ়াব এছিয়ান ডেভেলপমেণ্ট বেংকে (এডিবি)। গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰৰ বাবে চিটি ইকনমিক ৰিজিয়ন ডেভেলপমেণ্ট প্লেন (চিইআৰডিপি) প্ৰস্তুত কৰাৰ লক্ষ্যৰে এডিবিয়ে এক অধ্যয়ন চলাব। অধ্যয়নটোত নগৰকেইখনৰ অৰ্থনৈতিক বিকাশৰ মূল চালিকা শক্তি, আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তা, বিনিয়োগৰ সম্ভাৱনা, নীতিগত সংস্কাৰ আৰু প্ৰতিষ্ঠানগত ব্যৱস্থাসমূহ পৰ্যালোচনা কৰা হ'ব। ইয়াৰ উপৰিও কৰ্মশক্তিৰ সক্ষমতা, বজাৰৰ সম্ভাৱনা, সম্ভাৱনাময় অৰ্থনৈতিক গোট আৰু নগৰীয়া আন্তঃগাঁথনিৰ বিভিন্ন অভাৱ-অসুবিধাৰো মূল্যায়ন কৰা হ'ব। এডিবিৰ এই অধ্যয়নত নগৰকেইখনৰ ভৱিষ্যৎ উন্নয়নৰ দিশ নিৰ্ধাৰণৰ…
Read More
বিধায়ক হাবে টেৰণক বিধানসভাৰ উপাধ্যক্ষ পদৰ প্ৰাৰ্থী ঘোষণা শাসকীয় মিত্ৰজোঁটৰ

বিধায়ক হাবে টেৰণক বিধানসভাৰ উপাধ্যক্ষ পদৰ প্ৰাৰ্থী ঘোষণা শাসকীয় মিত্ৰজোঁটৰ

অসম বিধানসভাৰ উপাধ্যক্ষ পদৰ নিৰ্বাচনক লৈ তৎপৰতা আৰম্ভ হৈছে। এই পৰিপ্ৰেক্ষিততে আমৰি সমষ্টিৰ বিধায়ক ডাঃ হাবে টেৰণক শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমত প্ৰকাশ কৰা এক বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় যে আমৰি (জনজাতি সংৰক্ষিত) সমষ্টিৰ বিধায়ক ডাঃ হাবে টেৰণে শাসকীয় মিত্ৰজোঁটৰ হৈ উপাধ্যক্ষ পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব। মুখ্যমন্ত্ৰীয়ে কয় যে চিকিৎসক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা ডাঃ টেৰণ নতুনকৈ গঠন কৰা আমৰি সমষ্টিৰ প্ৰথমজন নিৰ্বাচিত জনপ্ৰতিনিধি। তেওঁ জনজাতীয় সমাজৰ আশা-আকাংক্ষাৰ প্ৰতিনিধিত্ব কৰাৰ লগতে বিধানসভাৰ কাৰ্যপ্ৰণালীত কাৰ্বি আংলং আৰু ডিমা হাছাওৰ কণ্ঠ অধিক শক্তিশালী কৰি তুলিব বুলিও আশা প্ৰকাশ কৰে। উল্লেখ্য যে ডাঃ টেৰণ জনজাতি অধ্যুষিত পাহাৰীয়া…
Read More
হৃদয় বিদাৰক! ভয়ংকৰ পথ দুৰ্ঘটনাত একেলগে মৃত্যু চাৰি সহোদৰ ভাতৃৰ

হৃদয় বিদাৰক! ভয়ংকৰ পথ দুৰ্ঘটনাত একেলগে মৃত্যু চাৰি সহোদৰ ভাতৃৰ

পৰিয়ালৰ জীৱিকা নিৰ্বাহৰ দায়িত্ব কান্ধত তুলি প্ৰতিদিনৰ দৰে কৰ্মস্থলীলৈ ওলাই গৈছিল চাৰি সহোদৰ ভাতৃ। কিন্তু সন্ধিয়া ঘৰলৈ উভতি অহাৰ প্ৰতিশ্ৰুতি অপূৰণীয় হৈ ৰ'ল। ৰাজস্থানৰ বালোতৰা জিলাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ চাৰি সহোদৰ ভাতৃৰ মৃত্যুৰ খবৰে শোকাহত কৰিছে সমগ্ৰ অঞ্চলবাসীক। মৃত লোককেইজন হৈছে উদাৰাম (৩৯), ৰেখাৰাম (৩৫), যোগাৰাম (৩১) আৰু বিষ্ণাৰাম (২৯)। চাৰিওজন ভাতৃ মজুৰিৰ কাম কৰিবলৈ একেখন বাহনেৰে ওলাই গৈছিল। সাধাৰণতে বিভিন্ন স্থানত কাম পোৱা ভাতৃকেইজনে এইবাৰ একেখন ঠাইতে কাম লাভ কৰিছিল। খবৰ অনুসৰি, পাটোদী এলেকাৰ ওচৰে-পাজৰে তেওঁলোকৰ বাহনখন এখন ৰাজ্যিক পৰিবহণ নিগমৰ বাছৰ সৈতে মুখামুখি সংঘৰ্ষত পতিত হয়। দুৰ্ঘটনাত ঘটনাস্থলীতে মৃত্যু ঘটে চাৰিওজন ভাতৃৰ। একেলগে চাৰিজন…
Read More
খাৰুৱা তেলৰ মূল্য কমিলেও তৎক্ষণাৎ ইন্ধনৰ দাম হ্ৰাস সম্ভৱ নহয়ঃ কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ গোপী

খাৰুৱা তেলৰ মূল্য কমিলেও তৎক্ষণাৎ ইন্ধনৰ দাম হ্ৰাস সম্ভৱ নহয়ঃ কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ গোপী

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পালেও তৎক্ষণাৎ দাম কমাব নোৱাৰি ইন্ধনৰ। কম মূল্যৰ তেল ভাৰতত উপনীত হ'বলৈ সময় লাগিব। - ইন্ধনৰ মূল্যবৃদ্ধিক লৈ চলি থকা আলোচনাৰ মাজতে এই মন্তব্য কৰে কেন্দ্ৰীয় পেট্ৰ'লিয়াম, প্ৰাকৃতিক গেছ আৰু পৰ্যটন ৰাজ্যিক মন্ত্ৰী সুৰেশ গোপীয়ে। সাংবাদিকৰ সৈতে বাৰ্তালাপত গোপীয়ে কয় যে শেহতীয়াকৈ ইন্ধনৰ মূল্যবৃদ্ধিত প্ৰতি লিটাৰত প্ৰায় ৩.৯৪ টকাহে প্ৰভাৱ পৰিছে। কিন্তু বিশ্ববজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ লগে লগে সেই প্ৰভাৱ আঁতৰাই মূল্য হ্ৰাস কৰাটো সম্ভৱ নহয়। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীজনে কয়, "কম মূল্যৰ খাৰুৱা তেল ভাৰতলৈ আনিবলৈ সময়ৰ প্ৰয়োজন হয়। হৰমুজ প্ৰণালী অতিক্ৰম কৰি সেই তেল দেশত আহিব লাগিব। বৰ্তমান জাহাজ চলাচলৰ ওপৰত…
Read More
সীমান্তৰ ন’ মেনছ লেণ্ডত ৭৫ ঘণ্টাতকৈ অধিক সময় ধৰি আবদ্ধ ৯ বাংলাদেশী নাগৰিক

সীমান্তৰ ন’ মেনছ লেণ্ডত ৭৫ ঘণ্টাতকৈ অধিক সময় ধৰি আবদ্ধ ৯ বাংলাদেশী নাগৰিক

ভাৰত-বাংলাদেশ সীমান্তৰ শূন্য ৰেখাত ৭৫ ঘণ্টাৰো অধিক সময় ধৰি আৱদ্ধ হৈ থাকিবলগীয়া হ’ল ভাৰতৰ পৰা বিতাড়িত ৯ জন বাংলাদেশী নাগৰিক। দুগৰাকী মহিলা আৰু দুটা শিশুসহ লোককেইজনক বাংলাদেশত প্ৰৱেশৰ অনুমতি নিদিয়াৰ ফলত দুয়োখন দেশৰ মাজৰ ন’ মেনছ লেণ্ডত সুদীৰ্ঘ সময় আৱদ্ধ হৈ পৰে বাাংলাদেশী কেইজন। জানিব পৰা মতে, ১৪ জুনৰ পুৱা প্ৰায় ৫ বজাত লোককেইজনক সীমান্ত অঞ্চললৈ পঠিয়াই দিয়া হৈছিল। তেওঁলোকে নিজকে বাংলাদেশী নাগৰিক বুলি দাবী কৰাৰ লগতে পৰিচয়-পত্ৰও প্ৰদৰ্শন কৰিছিল যদিও সীমান্তৰ সিপাৰে প্ৰৱেশৰ অনুমতি লাভ কৰা নাই বুলি জানিব পৰা গৈছে। প্ৰতিকূল বতৰৰ মাজতো ন’ মেনছ লেণ্ডৰ মুকলি পথাৰত পলিথিনৰ অস্থায়ী আচ্ছাদনৰ তলত আশ্ৰয় গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিছে…
Read More
সীমান্তৰ পৰা অপহৃত কাছাৰৰ কৃষক; নিশাই বিএজিবিয়ে চমজাই দিলে ভাৰতক

সীমান্তৰ পৰা অপহৃত কাছাৰৰ কৃষক; নিশাই বিএজিবিয়ে চমজাই দিলে ভাৰতক

ভাৰত-বাংলাদেশ সীমান্তত অবৈধ অনুপ্ৰৱেশক লৈ অব্যাহত থকা বিতৰ্কৰ মাজতে এইবাৰ অপহৃত হ’ল অসমৰ এজন কৃষক। কাছাৰ জিলাৰ ৰঞ্জিত দাস নামৰ কৃষকজনক মঙলবাৰে পুৱা সীমান্তসংলগ্ন এলেকাৰ পৰা বাংলাদেশী লোকৰ এটা দলে অপহৰণ কৰা বুলি জানিব পৰা যায়। অৱশ্যে একেদিনাই নিশা বাংলাদেশ সীমান্তৰক্ষী বাহিনীয়ে কৃষকজনক ভাৰতীয় কৰ্তৃপক্ষৰ হাতত চমজাই দিয়ে। জানিব পৰা মতে, সীমান্তসংলগ্ন এলেকাত ঘাঁহ কাটিবলৈ যোৱাৰ সময়তে নিখোজ হয় ৰঞ্জিত দাস নামৰ কৃষকজন। স্থানীয় লোকে কৃষকজনক ভাৰতীয় সীমান্তৰ কাঁটাতাৰৰ বাহিৰৰ ‘জিৰ’ পইণ্ট’ এলেকাৰ পৰা বাংলাদেশলৈ লৈ যোৱা বুলি দাবী কৰে। ঘটনাটোৰ পিছতে সীমান্তৱৰ্তী অঞ্চলটোত উদ্বেগ বৃদ্ধি পায়। দুয়োখন দেশৰ সীমান্ত সুৰক্ষা বাহিনীৰ হস্তক্ষেপত বিষয়টোৰ সমাধানৰ প্ৰচেষ্টা আৰম্ভ হয়। পিছত মঙলবাৰে…
Read More
বকোত হাতীৰ দাঁতসহ দুজন আটক; অসম-মেঘালয় সীমান্তত বন বিভাগৰ অভিযান

বকোত হাতীৰ দাঁতসহ দুজন আটক; অসম-মেঘালয় সীমান্তত বন বিভাগৰ অভিযান

বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগৰ অবৈধ সৰবৰাহ ৰোধৰ অভিযানৰ মাজতে এইবাৰ অসম-মেঘালয় সীমান্তত জব্দ হ’ল সন্দেহযুক্ত হাতীৰ দাঁত। এই ঘটনাৰ সৈতে জড়িত অভিযোগত দুজন লোককো আটক কৰে বন বিভাগ আৰু বন্যপ্ৰাণী সুৰক্ষা সংস্থাৰ এটা যৌথ দলে। বিশেষ সূত্ৰৰ ভিত্তিত মঙলবাৰে সন্ধিয়া কামৰূপ জিলাৰ বকোৰ বামুণীগাঁও বনাঞ্চলৰ অন্তৰ্গত শান্তিপুৰ এলেকাত অভিযান চলায় বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ (ডব্লিউচিচিবি), ভাৰতীয় বন্যপ্ৰাণী সুৰক্ষা সমিতি (ডব্লিউপিএছআই) আৰু অসম বন বিভাগৰ বামুণীগাঁও বনাঞ্চলৰ এটা যৌথ দলে। অভিযানত ধৃত লোক দুজনৰ দখলৰ পৰা হাতীৰ দাঁতৰ দুটা টুকুৰা উদ্ধাৰ হয়। ধৃত লোক দুজন লেছন মাৰাক (৫২) আৰু হ'প্ৰিং চাংমা (৪০) বুলি চিনাক্ত কৰা হৈছে। ঘটনাস্থলীৰ পৰা এখন হিৰো মটৰচাইকেলো জব্দ কৰে…
Read More
বশিষ্ঠ আৰক্ষীৰ অভিযানত নিষিদ্ধ ড্ৰাগছসহ আটক সৰবৰাহকাৰী

বশিষ্ঠ আৰক্ষীৰ অভিযানত নিষিদ্ধ ড্ৰাগছসহ আটক সৰবৰাহকাৰী

নিষিদ্ধ ড্ৰাগছৰ সৰবৰাহ ৰোধৰ অভিযানৰ মাজতে এইবাৰ মহানগৰীৰ লালমটিয়া-বেহাৰবাৰী এলেকাত আৰক্ষীৰ জালত পৰিল এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী। বশিষ্ঠ আৰক্ষীয়ে চলোৱা এক অভিযানত বকল গোল মহম্মদ আলীক আটক কৰাৰ লগতে জব্দ কৰে প্ৰায় ২৫ গ্ৰাম হেৰ'ইন। আৰক্ষীৰ তথ্য অনুসৰি, অভিযুক্তই এখন বাহনৰ ভিতৰত বিশেষভাৱে প্ৰস্তুত কৰা দুটা গোপন কক্ষত হেৰ'ইনখিনি লুকুৱাই ৰাখিছিল। সেই অৱস্থাতে নিষিদ্ধ মাদকখিনি সৰবৰাহ কৰাৰ সময়ত অভিযান চলাই তেওঁক আটক কৰে আৰক্ষীয়ে। অভিযানত উদ্ধাৰ হোৱা হেৰ'ইন জব্দ কৰাৰ পিছতে অভিযুক্তৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই সৰবৰাহৰ সৈতে আন কোনো ব্যক্তি বা বৃহৎ ড্ৰাগছ চক্ৰ জড়িত আছে নেকি, সেই দিশত তদন্ত অব্যাহত ৰাখিছে বশিষ্ঠ আৰক্ষীয়ে।
Read More
কৰ্তব্যৰত যান-বাহন আৰক্ষী কৰ্মীক ছুৰীৰে আক্ৰমণ; অভিযুক্ত যুৱক গ্ৰেপ্তাৰ

কৰ্তব্যৰত যান-বাহন আৰক্ষী কৰ্মীক ছুৰীৰে আক্ৰমণ; অভিযুক্ত যুৱক গ্ৰেপ্তাৰ

দুৰ্বৃত্তৰ আক্ৰমণৰ পৰা ৰক্ষা নপৰিল কৰ্তব্যৰত আৰক্ষীও। মণিপুৰৰ ইম্ফল পশ্চিম জিলাত কৰ্তব্য পালন কৰি থকাৰ সময়তে এগৰাকী যান-বাহন আৰক্ষীৰ ওপৰত সংঘটিত হোৱা আক্ৰমণৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত চলাই ইতিমধ্যে অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে উদ্ধাৰ কৰিছে আক্ৰমণত ব্যৱহাৰ কৰা ছুৰীখনো। আহত আৰক্ষী কৰ্মীজন হৈছে কোৱাকেইথেল মায়াই কৈবিৰ বাসিন্দা ছালাম তাৰুণ (৪৬)। চিটি আৰক্ষী থানাৰ অন্তৰ্গত শামু মাখং এলেকাত কৰ্তব্যৰত অৱস্থাত আছিল তেওঁ। আৰক্ষীয়ে জনোৱা মতে, সেই সময়তে এজন যুৱকে পিছফালৰ পৰা তেওঁক ছুৰীৰে আক্ৰমণ কৰে। আক্ৰমণত আঘাতপ্ৰাপ্ত তাৰুণক ততাতৈয়াকৈ আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান হাস্পতালত ভৰ্তি কৰোৱা হয়। চিকিৎসাধীন আৰক্ষী কৰ্মীজনৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি…
Read More