ভাৰত-বাংলাদেশ সীমান্তৰ শূন্য ৰেখাত ৭৫ ঘণ্টাৰো অধিক সময় ধৰি আৱদ্ধ হৈ থাকিবলগীয়া হ’ল ভাৰতৰ পৰা বিতাড়িত ৯ জন বাংলাদেশী নাগৰিক। দুগৰাকী মহিলা আৰু দুটা শিশুসহ লোককেইজনক বাংলাদেশত প্ৰৱেশৰ অনুমতি নিদিয়াৰ ফলত দুয়োখন দেশৰ মাজৰ ন’ মেনছ লেণ্ডত সুদীৰ্ঘ সময় আৱদ্ধ হৈ পৰে বাাংলাদেশী কেইজন।
জানিব পৰা মতে, ১৪ জুনৰ পুৱা প্ৰায় ৫ বজাত লোককেইজনক সীমান্ত অঞ্চললৈ পঠিয়াই দিয়া হৈছিল। তেওঁলোকে নিজকে বাংলাদেশী নাগৰিক বুলি দাবী কৰাৰ লগতে পৰিচয়-পত্ৰও প্ৰদৰ্শন কৰিছিল যদিও সীমান্তৰ সিপাৰে প্ৰৱেশৰ অনুমতি লাভ কৰা নাই বুলি জানিব পৰা গৈছে।
প্ৰতিকূল বতৰৰ মাজতো ন’ মেনছ লেণ্ডৰ মুকলি পথাৰত পলিথিনৰ অস্থায়ী আচ্ছাদনৰ তলত আশ্ৰয় গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিছে বাংলাদেশী কেইজনে। বিগত কেইবাদিন ধৰি অব্যাহত থকা বৰষুণৰ মাজত দুটা শিশুসহ দলটোৱে খাদ্য, আশ্ৰয় আৰু অন্যান্য প্ৰয়োজনীয় সুবিধাৰ অভাৱৰ সন্মুখীন হৈছে।
সীমান্ত সূত্ৰই প্ৰকাশ কৰা মতে, লোককেইজনৰ নাগৰিকত্ব পৰীক্ষাৰ পাছতো বাংলাদেশৰ ফালৰ পৰা প্ৰৱেশৰ অনুমতি মিলা নাই। ফলত ভাৰত আৰু বাংলাদেশ – দুয়োখন দেশৰ ভূখণ্ডৰ মাজৰ শূন্য ৰেখাতে অনিশ্চয়তাৰ মাজত দিন কটাবলগীয়া হৈছে তেওঁলোকে।
এই ঘটনাক লৈ সীমান্ত অঞ্চলত মানৱীয় উদ্বেগ বৃদ্ধি পাইছে। দুয়োখন দেশৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ মাজত সমন্বয়ৰ জৰিয়তে শীঘ্ৰে সমস্যাৰ সমাধানৰ দাবী উত্থাপন হৈছে।
ইফালে, একেটা সীমান্ত অঞ্চলতে অসমৰ কাছাৰ জিলাৰ এজন বাসিন্দাক অপহৰণৰ অভিযোগক লৈ মঙলবাৰে উত্তেজনাৰ সৃষ্টি হয়। সীমান্তৰ কাষৰীয়া ভূমিলৈ ঘাঁহ কাটিবলৈ যোৱা ৰঞ্জিত দাস নামৰ লোকজন সন্ধানহীন হোৱাৰ পাছত স্থানীয় লোকসকলে বাংলাদেশৰ ফালৰ এটা দলে তেওঁক লৈ যোৱা বুলি অভিযোগ উত্থাপন কৰে।
পিছত বাংলাদেশ কৰ্তৃপক্ষই ৰঞ্জিত দাসক ভাৰতীয় কৰ্তৃপক্ষৰ হাতত গতাই দিয়ে বুলি জানিব পৰা গৈছে। সীমান্ত অঞ্চলত সংঘটিত দুয়োটা ঘটনাৰ পাছতে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে।
