বশিষ্ঠ আৰক্ষীৰ অভিযানত নিষিদ্ধ ড্ৰাগছসহ আটক সৰবৰাহকাৰী

নিষিদ্ধ ড্ৰাগছৰ সৰবৰাহ ৰোধৰ অভিযানৰ মাজতে এইবাৰ মহানগৰীৰ লালমটিয়া-বেহাৰবাৰী এলেকাত আৰক্ষীৰ জালত পৰিল এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী। বশিষ্ঠ আৰক্ষীয়ে চলোৱা এক অভিযানত বকল গোল মহম্মদ আলীক আটক কৰাৰ লগতে জব্দ কৰে প্ৰায় ২৫ গ্ৰাম হেৰ’ইন।

আৰক্ষীৰ তথ্য অনুসৰি, অভিযুক্তই এখন বাহনৰ ভিতৰত বিশেষভাৱে প্ৰস্তুত কৰা দুটা গোপন কক্ষত হেৰ’ইনখিনি লুকুৱাই ৰাখিছিল। সেই অৱস্থাতে নিষিদ্ধ মাদকখিনি সৰবৰাহ কৰাৰ সময়ত অভিযান চলাই তেওঁক আটক কৰে আৰক্ষীয়ে।

অভিযানত উদ্ধাৰ হোৱা হেৰ’ইন জব্দ কৰাৰ পিছতে অভিযুক্তৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই সৰবৰাহৰ সৈতে আন কোনো ব্যক্তি বা বৃহৎ ড্ৰাগছ চক্ৰ জড়িত আছে নেকি, সেই দিশত তদন্ত অব্যাহত ৰাখিছে বশিষ্ঠ আৰক্ষীয়ে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *