Paromita

898 Posts
তিতাবৰত মৰ্মান্তিক ঘটনা! বজ্ৰ পৰি মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰীৰ

তিতাবৰত মৰ্মান্তিক ঘটনা! বজ্ৰ পৰি মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰীৰ

বাৰিষাৰ প্ৰতিকূল বতৰৰ মাজতে বজ্ৰ পৰি মৃত্যুক সাৱটিবলগীয়া হ’ল এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীয়ে। উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ গছৰ তলত বহাৰ সময়তে বজ্ৰ পৰি অচেতন হৈ পৰে ছাত্ৰীগৰাকী। তিতাবৰৰ বেবেজীয়া গাঁও পঞ্চায়তৰ অধীনস্থ ৩ নং ৱাৰ্ডৰ দেউঘৰীয়া গ্ৰাণ্টত সংঘটিত এই শোকাবহ ঘটনাত মৃত্যুক সাৱটে প্ৰিয়াংকী গগৈ নামৰ ছাত্ৰীগৰাকীয়ে। জানিব পৰা মতে, গছৰ তলত বহি থকাৰ সময়তে বজ্ৰ পৰি হঠাৎ অচেতন হৈ পৰে ছাত্ৰীগৰাকী। ইয়াৰ পাছতে কিশোৰীগৰাকীক পৰিয়াল আৰু স্থানীয় ৰাইজে তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। উল্লেখ্য যে, তিতাবৰ মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দশম শ্ৰেণীত অধ্যয়নৰত আছিল প্ৰিয়াংকী গগৈ। অহা ২২ জুনৰ পৰা অনুষ্ঠিত…
Read More
‘মোগলী গাৰ্ল’ এহছাছৰ মৃত্যু! অৰণ্যৰ পৰা হৈছিল উদ্ধাৰ

‘মোগলী গাৰ্ল’ এহছাছৰ মৃত্যু! অৰণ্যৰ পৰা হৈছিল উদ্ধাৰ

৯ বছৰ পূৰ্বে অৰণ্যৰ মাজত উদ্ধাৰ হৈছিল এটি কণমানি। মানুহ চিনি নোপোৱা, জন্তুৰ দৰে খোজ কঢ়া আৰু জন্তুৰ দৰেই আচৰণ কৰা সেই কিশোৰীগৰাকীক উদ্ধাৰ কৰি পৰৱৰ্তী সময়ত ৰখা হৈছিল শিশু গৃহত। কিন্তু অৰণ্য এৰি জনসমাজৰ মাজলৈ ওলাই আহিয়েই বিভিন্ন শাৰীৰিক প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হোৱা ‘ম’গলি গাৰ্ল’ এতিয়া আৰু নাই। ১৮ বছৰ বয়সত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লয় যুৱতীগৰাকীয়ে। উল্লেখ্য যে, অৰণ্যৰ পৰা উদ্ধাৰ কৰাৰ পাছতে সেই কিশোৰীগৰাকীৰ নাম ৰখা হৈছিল এহছাছ। বিগত ৯ বছৰীয়া পুনৰ্বাসন প্ৰক্ৰিয়াত লাহে লাহে মানুহৰ মাজৰ এগৰাকী হৈ পৰিছিল এহছাছ। কাপোৰ পিন্ধা, মানুহক চিনাক্ত কৰা আৰু আশে-পাশে থকা লোকসকলৰ সৈতে সম্পৰ্ক গঢ়ি তোলাৰ দৰে বহু আচৰণ…
Read More
মেঘালয়ত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ জৈৱিক মছলা প্ৰক্ৰিয়াকৰণ কেন্দ্ৰৰ শুভাৰম্ভ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ

মেঘালয়ত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ জৈৱিক মছলা প্ৰক্ৰিয়াকৰণ কেন্দ্ৰৰ শুভাৰম্ভ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ

জৈৱিক কৃষিভিত্তিক উৎপাদনক নতুন গতি দিয়াৰ লক্ষ্যৰে মেঘালয়ত শুভাৰম্ভ কৰা হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ জৈৱিক মছলা প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শুকুৰবাৰে ৰি-ভই জিলাত এই অত্যাধুনিক প্ৰকল্পটোৰ উদ্বোধন কৰে। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা আৰু ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাংৰ উপস্থিতিত অনুষ্ঠিত হয় উদ্বোধনী অনুষ্ঠান। কৃষক, জনজাতীয় নেতা আৰু স্থানীয় ৰাইজক সম্বোধন কৰি নিৰ্মলা সীতাৰমণে কয় যে বিশ্বজুৰি বৰ্ধিত জৈৱিক আৰু মানসম্পন্ন কৃষিজাত সামগ্ৰীৰ চাহিদাই মেঘালয়ৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। কৃষিৰ ভৱিষ্যৎ অধিক উৎপাদনত নহয়, বৰঞ্চ উন্নত মান, নিৰাপদ, পৰিৱেশ-অনুকূল আৰু সহজে অনুসন্ধানযোগ্য সামগ্ৰী উৎপাদনত নিহিত আছে বুলিও মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। বহু আগৰে পৰা মেঘালয়ৰ কৃষকসকলে বহন…
Read More
মাত্ৰ ১২৬ বলত অপৰাজিত ৩০৬ ৰানৰ ইংনিছ খেলি ক্ৰিকেট দুনীয়াত ধুমুহা ১৫ বৰ্ষীয় অক্ষৰাৰ

মাত্ৰ ১২৬ বলত অপৰাজিত ৩০৬ ৰানৰ ইংনিছ খেলি ক্ৰিকেট দুনীয়াত ধুমুহা ১৫ বৰ্ষীয় অক্ষৰাৰ

বয়স মাত্ৰ ১৫ বছৰ, কিন্তু বেটৰ দপদপনিত ইতিমধ্যে চৰ্চালৈ আহিছে বিহাৰৰ এগৰাকী কিশোৰী ক্ৰিকেটাৰ। অনূৰ্ধ্ব-১৯ মহিলা এদিনীয়া টুৰ্ণামেণ্টত বিধ্বংসী বেটিং কৰি ৩০৬ ৰানৰ অপৰাজিত ইনিংছ খেলি বিশ্বৰ ক্ৰিকেটানুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছে অক্ষৰা গুপ্তাই। বিহাৰ ক্ৰিকেট এছ’চিয়েচনৰ মহিলা অনূৰ্ধ্ব-১৯ এদিনীয়া ট্ৰফী প্ৰতিযোগিতাত বৃহস্পতিবাৰে ভাগলপুৰৰ ছেণ্ডিছ কম্পাউণ্ড গ্ৰাউণ্ডত এই অভিলেখধৰ্মী ইনিংছ খেলে অক্ষৰাই। মাত্ৰ ১২৬টা বলত ৩০৬ ৰান সংগ্ৰহ কৰা অক্ষৰাৰ ইনিংছত আছিল ৫৫টা চাৰি আৰু ৮টা ছয়। ইনিংছৰ আৰম্ভণিৰ পৰাই আক্ৰমণাত্মক ৰূপ ধাৰণ কৰা অক্ষৰাই মাত্ৰ ১৬টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰে। ইয়াৰ পিছত ৩৪টা বলত শতক অৰ্জন কৰি বিধ্বংসী বেটিঙৰ পৰিচয় দিয়ে বিহাৰৰ অনূৰ্ধ্ব-১৯ মহিলা দলৰ অধিনায়িকাগৰাকীয়ে। তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল…
Read More
ভাৱীপত্নীৰ সৈতে ফুৰিবলৈ গৈ ফটো তুলিবলৈ লওতেই দ খাৱৈত পৰিল যুৱক, মৃত্যু

ভাৱীপত্নীৰ সৈতে ফুৰিবলৈ গৈ ফটো তুলিবলৈ লওতেই দ খাৱৈত পৰিল যুৱক, মৃত্যু

এখন ফটো উঠাৰ হেঁপাহেই কাল হৈ পৰিল এজন যুৱকৰ বাবে। বাগদত্তাৰ সৈতে ফুৰিবলৈ গৈ ফটো তুলিবলৈ লওতেই প্ৰায় ৪০০ ফুট দ খাৱৈত বাগৰি পৰি অকাল মৃত্যুক সাৱটি ল’লে ২৬ বছৰীয়া যুৱক কেতন বিশাল আগৰৱালে। মহাৰাষ্ট্ৰৰ পুনে জিলাৰ মাভল তহচিলৰ লোহাগড় দুৰ্গত সংঘটিত হয় এই শোকাৱহ ঘটনা। পৰিয়ালৰ ৰিয়েল এষ্টেট ব্যৱসায়ৰ সৈতে জড়িত কেতন আগৰৱাল পুনেৰ গাহুঞ্জে অঞ্চলৰ বাসিন্দা আছিল। চলিত বৰ্ষৰ নৱেম্বৰ মাহত তেওঁৰ বিবাহৰ দিন ধাৰ্য কৰা হৈছিল। আৰক্ষীৰ মতে, বাগদত্তাৰ আগন্তুক জন্মদিন উপলক্ষে বৃহস্পতিবাৰে পুৱা কেতনে তেওঁ আৰু আন দুজন বন্ধুৰ সৈতে লোহাগড় দুৰ্গলৈ গৈছিল। দুৰ্গৰ পাহাৰীয়া অংশত ফটো তোলাৰ সময়তে প্ৰচণ্ড বতাহৰ মাজত ভাৰসাম্য হেৰুৱাই খাৱৈত পৰি…
Read More
এলঅ’চি পাৰ হৈ অহা পাকিস্তানী নাগৰিকক দেশলৈ ঘূৰাই পঠালে ভাৰতীয় সেনাই

এলঅ’চি পাৰ হৈ অহা পাকিস্তানী নাগৰিকক দেশলৈ ঘূৰাই পঠালে ভাৰতীয় সেনাই

পুনৰ নিজ দেশলৈ ওভতাই পঠিওৱা হ’ল ভাৰতীয় ভূখণ্ডত অনুপ্ৰৱেশ কৰা এজন পাকিস্তানী নাগৰিকক। ১২ জুনত জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাৰ ছিমাৰী গাঁৱত নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ ভাৰতত প্ৰৱেশ কৰা খাইবাৰ পাখতুনখোৱা (কেপিকে)-ৰ বাসিন্দা আছাদ খানক আটক কৰে ভাৰতীয় সেনাই। ১৮ জুনত নিৰ্ধাৰিত প্ৰক্ৰিয়া অনুসৰি আছাদ খানক পাকিস্তান কৰ্তৃপক্ষৰ হাতত গতাই দিয়ে ভাৰতীয় কৰ্তৃপক্ষই। নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ অহাৰ পিছত আটক কৰা পাকিস্তানী নাগৰিকজনক দুয়ো দেশৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সমন্বয়ত পুনৰ নিজ দেশলৈ পঠিওৱা হয়। ভাৰতীয় সেনাই প্ৰকাশ কৰা মতে, ভাৰতত থকা সময়ছোৱাত আছাদ খানৰ সৈতে মানৱীয় আচৰণ কৰা হয়। আটকাধীন অৱস্থাত তেওঁক প্ৰয়োজনীয় সহায় আৰু সুবিধা আগবঢ়োৱা হৈছিল। ভাৰতীয় সেনাই সদৰি কৰা মতে,…
Read More
জিৰ’লেণ্ডত আৱদ্ধ বাংলাদেশী পৰিয়ালৰ ৪ সদস্যক গ্ৰহণ বাংলাদেশৰ; এতিয়াও আৱদ্ধ ৫ বাংলাদেশী

জিৰ’লেণ্ডত আৱদ্ধ বাংলাদেশী পৰিয়ালৰ ৪ সদস্যক গ্ৰহণ বাংলাদেশৰ; এতিয়াও আৱদ্ধ ৫ বাংলাদেশী

ভাৰত-বাংলাদেশ সীমান্তৰ জিৰ’লেণ্ডত আৱদ্ধ বাংলাদেশী নাগৰিকসকলক লৈ চলি থকা অনিশ্চয়তাৰ মাজতে এটা পৰিয়ালে লাভ কৰিলে নিজ দেশত প্ৰৱেশৰ সুযোগ। দুটা শিশু, এগৰাকী মহিলা আৰু এজন পুৰুষসহ পৰিয়ালটোৰ ৪ সদস্যক নিশাৰ ভাগত গ্ৰহণ কৰে বাংলাদেশ কৰ্তৃপক্ষই। প্ৰায় ৯৬ ঘণ্টা ধৰি শূন্য ৰেখাত আৱদ্ধ হৈ থকা পৰিয়ালটোৰ সদস্যকেইজন হৈছে মৈমনসিং জিলাৰ ভালুকা থানা এলেকাৰ কাংগেৰকুল গাঁৱৰ বিল্লাল হুছেইন (২৮), তেওঁৰ পত্নী চুমি আখতাৰ (২২), কন্যা ফাতেমা আখতাৰ (৪) আৰু ছয়মহীয়া কন্যা ফাহিমা আখতাৰ। উল্লেখ্য যে, দীৰ্ঘসময় মুকলি স্থানত থাকিবলগীয়া হোৱাৰ ফলত মহিলা আৰু শিশু দুটাৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। বিশেষকৈ ছয়মহীয়া শিশুটোৰ অসুস্থতাৰ বিষয়টো সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছত বাংলাদেশ কৰ্তৃপক্ষই তৎপৰতা বৃদ্ধি…
Read More
ভগৱান পৰশুৰামৰ ৰূপত ৰাহুল গান্ধী! বাৰাণসীত বিৰোধী দলপতিৰ জন্মদিন উদযাপন যুৱ কংগ্ৰেছৰ

ভগৱান পৰশুৰামৰ ৰূপত ৰাহুল গান্ধী! বাৰাণসীত বিৰোধী দলপতিৰ জন্মদিন উদযাপন যুৱ কংগ্ৰেছৰ

ৰাজনৈতিক প্ৰতীকৰ জৰিয়তে জনসাধাৰণৰ মাজত বাৰ্তা দিয়াৰ পৰম্পৰাৰ মাজতে এইবাৰ চৰ্চালৈ আহিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এখন বিশেষ ছবি। ৰাহুল গান্ধীৰ ৫৬ সংখ্যক জন্মদিন উপলক্ষে বাৰাণসীৰ গংগা ঘাটত যুৱ কংগ্ৰেছ কৰ্মীয়ে প্ৰদৰ্শন কৰা পোষ্টাৰত তেওঁক ভগৱান পৰশুৰামৰ ৰূপত দেখুওৱা হৈছে। পোষ্টাৰখনত ৰাহুল গান্ধীৰ এখন হাতত পৰশুৰামৰ কুঠাৰ আৰু আনখন হাতত ভাৰতীয় সংবিধানৰ প্ৰতিলিপি দেখুওৱা হৈছে। এই ছবিখনৰ জৰিয়তে ধৰ্মীয় পৰম্পৰা আৰু সাংবিধানিক মূল্যবোধক একেলগে উপস্থাপন কৰাৰ চেষ্টা কৰা হৈছে বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে। বাৰাণসীৰ গংগা ঘাটত যুৱ কংগ্ৰেছ কৰ্মীয়ে ৰাহুল গান্ধীৰ জন্মদিন উপলক্ষে এই কাৰ্যসূচী গ্ৰহণ কৰে। তেওঁলোকে পোষ্টাৰখনত গংগাজল আৰু গাখীৰেৰে অভিষেক কৰাৰ লগতে কেক কাটি জন্মদিন উদযাপন…
Read More
২১ লাখ টকাৰ ক্ষতিপূৰণ লৈ উধাও পত্নী! বায়ুসেনা বিষয়াৰ মৃত্যুৰ পিছত পৰিয়ালত নতুন বিতৰ্ক

২১ লাখ টকাৰ ক্ষতিপূৰণ লৈ উধাও পত্নী! বায়ুসেনা বিষয়াৰ মৃত্যুৰ পিছত পৰিয়ালত নতুন বিতৰ্ক

দেশৰ বাবে কৰ্তব্য পালন কৰি প্ৰাণ বিসৰ্জন দিয়া এজন বায়ুসেনা বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি এইবাৰ পোহৰলৈ আহিছে নতুন বিতৰ্ক। অসমৰ যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ফ্লাইট লেফটেনেণ্ট শুভম কুমাৰৰ পৰিয়ালে অভিযোগ উত্থাপন কৰিছে যে ২১ লাখ টকাৰ ক্ষতিপূৰণৰ চেক গ্ৰহণ কৰাৰ পিছত তেওঁৰ কথিত পত্নী শ্ৰেয়া ৰায়ে যোগাযোগ বিচ্ছিন্ন কৰিছে। অসমত সংঘটিত বায়ুসেনাৰ বিমান দুৰ্ঘটনাত কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুৱাইছিল শুভম কুমাৰে। সামৰিক মৰ্যাদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। কিন্তু শোকৰ মাজতে পৰিয়ালটোৱে এইবাৰ ক্ষতিপূৰণ বিতৰণক লৈ প্ৰশ্ন উত্থাপন কৰিছে। শুভমৰ পিতৃ অমৰেন্দ্ৰ শৰ্মাই কয় যে পৰিয়ালৰ লোকসকলে শ্ৰেয়া ৰায়ৰ সৈতে শুভমৰ সম্পৰ্কৰ বিষয়ে জানিছিল আৰু দুয়োৰে বিয়াতো সন্মতি দিছিল। চলিত…
Read More
ৰঙিয়াত মালবাহী বাহন-বাইকৰ সংঘৰ্ষ; নিহত একেটা পৰিয়ালৰ ৩ জন

ৰঙিয়াত মালবাহী বাহন-বাইকৰ সংঘৰ্ষ; নিহত একেটা পৰিয়ালৰ ৩ জন

ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ একেলগে প্ৰাণ হেৰুৱাবলগীয়া হ'ল একেটা পৰিয়ালৰ তিনিগৰাকীকৈ যুৱক আৰু কিশোৰে। ৰঙিয়াৰ খণ্ডিকৰ এলেকাৰ তাৰাবাৰীত বৃহস্পতিবাৰে সংঘটিত হোৱা এখন মালবাহী ডিআই বাহন আৰু মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় দুজন যুৱক আৰু এটি কিশোৰ। নিহত সকলক মাজৰুল হুছেইন, জুবেইদ হুছেইন আৰু চুলতান আলী বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, তিনিওজন একেটা পৰিয়ালৰ সদস্য আছিল আৰু একেখন মটৰচাইকেলত যাত্ৰা কৰি আছিল। প্ৰত্যক্ষদৰ্শীৰ মতে, দুয়োখন বাহনৰ মাজত হোৱা সংঘৰ্ষটো অত্যন্ত প্ৰচণ্ড আছিল। ফলত মটৰচাইকেলখন গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয় আৰু ঘটনাস্থলীতে মৃত্যু ঘটে তিনিওজনৰ। দুৰ্ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ…
Read More