Paromita

898 Posts
অসম ভ্ৰমণৰ ক্ষেত্ৰত নিষেধাজ্ঞামূলক পৰামৰ্শ প্ৰত্যাহাৰ ইউৰোপীয় ইউনিয়নৰ; পৰ্যটন-নিবেশ বৃদ্ধিৰ আশা ৰাজ্য চৰকাৰৰ

অসম ভ্ৰমণৰ ক্ষেত্ৰত নিষেধাজ্ঞামূলক পৰামৰ্শ প্ৰত্যাহাৰ ইউৰোপীয় ইউনিয়নৰ; পৰ্যটন-নিবেশ বৃদ্ধিৰ আশা ৰাজ্য চৰকাৰৰ

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰমাৎ বৃদ্ধি পাইছে অসমৰ প্ৰতি আস্থা। অষ্ট্ৰেলিয়া আৰু জাপানৰ পিছত এইবাৰ অসম ভ্ৰমণৰ ক্ষেত্ৰত জাৰি কৰা নিষেধাজ্ঞামূলক পৰামৰ্শ প্ৰত্যাহাৰ কৰিছে ইউৰোপীয় ইউনিয়নেও। এই সিদ্ধান্তই ৰাজ্যখনৰ পৰ্যটন, বাণিজ্য আৰু বিনিয়োগ খণ্ডলৈ নতুন সম্ভাৱনা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শনিবাৰে এই তথ্য সদৰী কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ইউৰোপীয় ইউনিয়নৰ ২৭খন সদস্য ৰাষ্ট্ৰই তেওঁলোকৰ নাগৰিকসকলৰ বাবে অসম সম্পৰ্কীয় ভ্ৰমণ পৰামৰ্শ সংশোধন কৰিছে। ফলত অসম ভ্ৰমণৰ ক্ষেত্ৰত পূৰ্বে বলবৎ থকা নিষেধাজ্ঞামূলক নিৰ্দেশনা আঁতৰাই দিয়া হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে, শেহতীয়াকৈ ইউৰোপীয় ইউনিয়নৰ কূটনীতিবিদসকলৰ অসম ভ্ৰমণৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই পদক্ষেপে অসমৰ প্ৰতি ইউৰোপীয় দেশসমূহৰ আস্থা…
Read More
উত্তৰ-পূৰ্বাঞ্চলত এছআইভি আক্ৰান্তৰ শীৰ্ষত অসম; ৩৩ হাজাৰতকৈ অধিক লোক সংক্ৰমিত

উত্তৰ-পূৰ্বাঞ্চলত এছআইভি আক্ৰান্তৰ শীৰ্ষত অসম; ৩৩ হাজাৰতকৈ অধিক লোক সংক্ৰমিত

অসমত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে এছআইভি আক্ৰান্তৰ সংখ্যা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা শেহতীয়া প্ৰতিবেদনত পোহৰলৈ আহিছে ৰাজ্যখনৰ এইছআইভি সংক্ৰমণৰ চিন্তাজনক ছবি। প্ৰতিবেদন অনুসৰি, উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে অসমত সৰ্বাধিক ৩৩,১৪৫ গৰাকী লোক এইছআইভিৰ সৈতে জীৱন-যাপন কৰি আছে। জনস্বাস্থ্য খণ্ডত সজাগতা, পৰীক্ষা আৰু চিকিৎসা ব্যৱস্থা শক্তিশালী কৰাৰ প্ৰচেষ্টা অব্যাহত থকাৰ পিছতো এই পৰিসংখ্যাই ৰাজ্যখনৰ সন্মুখত এতিয়াও এক বৃহৎ স্বাস্থ্যজনিত প্ৰত্যাহ্বান বিদ্যমান থকাৰ ইংগিত দিছে। প্ৰতিবেদন অনুসৰি, অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় ০.১৩ শতাংশ লোক এইছআইভিত আক্ৰান্ত। উল্লেখ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহৰ তুলনাত অসম সংখ্যাগতভাৱে শীৰ্ষস্থানত আছে। অসমৰ পিছতে মিজোৰামত ২৬,৩২১ গৰাকী, নাগালেণ্ডত ২৩,৭৩১ গৰাকী, মণিপুৰত ২৩,৪৬৩ গৰাকী, ত্ৰিপুৰাত ১০,৭৬৯ গৰাকী, মেঘালয়ত ৯,২৪৪ গৰাকী, অৰুণাচল…
Read More
মাত্ৰ ১৫ দিন পূৰ্বে পাতনি মেলিছিল যুগ্ম জীৱনৰ! চাহ বাগিচাত ন-দম্পতীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

মাত্ৰ ১৫ দিন পূৰ্বে পাতনি মেলিছিল যুগ্ম জীৱনৰ! চাহ বাগিচাত ন-দম্পতীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

অলেখ সপোন বুকুত বান্ধি মাত্ৰ ১৫ দিন পূৰ্বে যুগ্ম জীৱনৰ পাতনি মেলিছিল যুৱক-যুৱতীহালে। কিন্তু নতুন জীৱনৰ সপোনবোৰ সাকাৰ হোৱাৰ পূৰ্বেই দুয়োৰে মৃতদেহ একেলগে উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বিশ্বনাথত। জিলাখনৰ সাকোমঠা চাহ বাগিচাত এডাল গছত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় নৱ-বিবাহিত দম্পতীহালৰ মৃতদেহ। জানিব পৰা মতে, মৃত দম্পতীহালৰ মাজত আছিল দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক। যাৰ বাবে পৰিয়ালৰ অজ্ঞাতে প্ৰায় দুসপ্তাহ পূৰ্বে তেওঁলোকে বিবাহপাশত আৱদ্ধ হৈছিল আৰু কদমণি গাঁৱত নতুনকৈ সংসাৰ আৰম্ভ কৰিছিল। নিহত দম্পতীহালক শিৱা ওৰাং আৰু পুষ্পাঞ্জলী মুণ্ডা বুলি চিনাক্ত কৰা হৈছে। সোমবাৰে পুৱা চাহ বাগিচাৰ মাজত একেডাল পঘাৰে ওলমি থকা অৱস্থাত দুয়োৰে মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় লোকে।…
Read More
ঢাকাত হিন্দু মহাজোঁটৰ প্ৰতিবাদ; ৰংপুৰত বাধা দিলে ৬৪ জিলাতে ৰাম মন্দিৰ নিৰ্মাণৰ হুংকাৰ

ঢাকাত হিন্দু মহাজোঁটৰ প্ৰতিবাদ; ৰংপুৰত বাধা দিলে ৬৪ জিলাতে ৰাম মন্দিৰ নিৰ্মাণৰ হুংকাৰ

বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ ধৰ্মীয় অধিকাৰ আৰু উপাসনাস্থলক কেন্দ্ৰ কৰি বিতৰ্ক অব্যাহত থকাৰ মাজতে নতুনকৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰংপুৰ বিভাগৰ এটা ঘটনাই। গাইবান্ধা জিলাৰ পলাশবাৰীত নিৰ্মীয়মাণ ৰাম মন্দিৰৰ কামত বাধা প্ৰদান কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰি দেশখনৰ ৬৪ খন জিলাৰ প্ৰতিখনতে ৰাম মন্দিৰ নিৰ্মাণৰ হুংকাৰ দিয়ে হিন্দু মহাজোঁটে। মন্দিৰ নিৰ্মাণত বাধা প্ৰদানকাৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই সংগঠনটোৱে চৰকাৰক ৭২ ঘণ্টাৰ সময়সীমাও বান্ধি দিয়ে। নিৰ্ধাৰিত সময়ৰ ভিতৰত জড়িতসকলক গ্ৰেপ্তাৰ কৰা নহ’লে অধিক ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলিও সতৰ্ক কৰি দিয়ে সংগঠনটোৱে। উল্লেখ্য যে, ৰংপুৰ বিভাগৰ গাইবান্ধা জিলাৰ পলাশবাৰীত প্ৰায় ২২ কোটি টকা ব্যয়সাপেক্ষে ৮১ ফুট উচ্চতাৰ…
Read More
হোমৱৰ্ক নকৰাৰ বাবে বিহা শাস্তিত মৃত্যু ছাত্ৰৰ! ১৬ বছৰৰ পিছত দুই শিক্ষকক ৭ বছৰৰ কাৰাদণ্ড

হোমৱৰ্ক নকৰাৰ বাবে বিহা শাস্তিত মৃত্যু ছাত্ৰৰ! ১৬ বছৰৰ পিছত দুই শিক্ষকক ৭ বছৰৰ কাৰাদণ্ড

হোমৱৰ্ক নকৰাৰ বাবে শিক্ষকৰ বেত্ৰাঘাতত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ মৌচুমৰাজ মহন্তৰ মৃত্যুৰ ঘটনাৰ ১৬ বছৰৰ পিছত ৰায়দান কৰিলে কামৰূপ সত্ৰ আদালতে। মিৰ্জাৰ সৰস্বতী শিক্ষা নিকেতনৰ উপাধ্যক্ষ প্ৰসুন গোস্বামী আৰু কম্পিউটাৰ শিক্ষক অজয় কুমাৰ সিঙক দোষী সাব্যস্ত কৰি সাত বছৰৰ কাৰাদণ্ড আৰু ২০ হাজাৰ টকাকৈ জৰিমণা বিহে আদালতে। ২০১০ চনৰ এই মর্মান্তিক ঘটনাৰ বিচাৰ প্ৰক্ৰিয়াৰ অন্তত শুকুৰবাৰে আমিনগাঁৱস্থিত অতিৰিক্ত সত্ৰ ন্যায়াধীশ নিশান্ত গোস্বামীৰ আদালতে এই ৰায় প্ৰদান কৰে। ভাৰতীয় দণ্ডবিধিৰ ৩২৫ আৰু ৩০৪ ধাৰাৰ অধীনত দুয়োজন শিক্ষকক দোষী সাব্যস্ত কৰা হয়। উল্লেখ্য যে, ২০১০ চনৰ ২৫ মে'ত মিৰ্জাৰ সৰস্বতী শিক্ষা নিকেতনত হোমৱৰ্ক নকৰাৰ বাবে খৰ্গহস্ত হৈ পৰিছিল কম্পিউটাৰ শিক্ষক অজয় কুমাৰ সিং।…
Read More
বিপদত মমতা বেনাৰ্জী! প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ লগতে অভিষেক বেনাৰ্জীলৈ জাৰি আদালতৰ জাননী

বিপদত মমতা বেনাৰ্জী! প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ লগতে অভিষেক বেনাৰ্জীলৈ জাৰি আদালতৰ জাননী

ক্ষমতাৰ গাদী হেৰুওৱাৰ পিছতে বিপদে লগ নেৰা হৈছে মমতা বেনাৰ্জীৰ। তৃণমূল কংগ্ৰেছত অব্যাহত থকা দলত্যাগৰ জোৱাৰৰ মাজতে এইবাৰ পুনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু অভিষেক বেনাৰ্জীলৈ জাননী জাৰি কৰাৰ নিৰ্দেশ দিলে কলকাতা উচ্চ ন্যায়ালয়ে। যোৱা বৰ্ষৰ ২১ জুলাইৰ শ্বহীদ দিৱসৰ সমাৱেশৰ সময়ত কলকাতাৰ একাধিক মুখ্য পথ সম্পূৰ্ণৰূপে অৱৰোধ কৰাৰ অভিযোগৰ ভিত্তিত এই নিৰ্দেশ জাৰি কৰা হৈছে। শুকুৰবাৰে আদালত অৱমাননা সম্পৰ্কীয় এক গোচৰৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ দিয়ে ন্যায়াধীশ অৰিজিত বেনাৰ্জী আৰু ন্যায়াধীশ অপূৰ্ব সিংহ ৰায়ৰ খণ্ড বিচাৰপীঠে। শ্ৰীকান্ত দত্ত নামৰ এজন ব্যক্তিয়ে দাখিল কৰা আবেদনৰ ভিত্তিত আদালতে বিষয়টো বিবেচনা কৰে। আবেদনকাৰীৰ অভিযোগ অনুসৰি, ২০২৫ চনৰ ২১ জুলাই ধৰ্মতলাত আয়োজিত…
Read More
জীৱন যুদ্ধত পৰাজিত হ’ল কণমানি খুছবুও! প্ৰায় সাত মাহ পূৰ্বে পথ দুৰ্ঘটনাত মৃত্যু ঘটিছিল পৰিয়ালৰ আন ৪ সদস্যৰ

জীৱন যুদ্ধত পৰাজিত হ’ল কণমানি খুছবুও! প্ৰায় সাত মাহ পূৰ্বে পথ দুৰ্ঘটনাত মৃত্যু ঘটিছিল পৰিয়ালৰ আন ৪ সদস্যৰ

প্ৰায় সাত মাহ পূৰ্বে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাই নিঃশেষ কৰিছিল এটা পৰিয়ালৰ চাৰিজন সদস্যক। সেই দুৰ্ঘটনাৰ একমাত্ৰ জীৱিত সাক্ষী হিচাপে জীৱন-মৃত্যুৰ সৈতে যুঁজি আছিল কণমানি খুছবু। অৱশেষত বৃহস্পতিবাৰে মৃত্যুক সাৱটি লয় শিশুটিয়েও! হাস্পতালত চিকিৎসাধীন অৱস্থাত কণমানি খুছবুৰ মৃত্যুৰ লগে লগে নিঃশেষ হৈ গ’ল এটা সম্পূৰ্ণ পৰিয়াল। যোৱা বছৰৰ নৱেম্বৰত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ঘটিছিল পৰিয়ালটোৰ আন চাৰি সদস্যৰ। ৰাজস্থানৰ আলৱাৰ জিলাৰ ককৰালি অঞ্চলত সংঘটিত হৈছিল এই হৃদয় বিদাৰক ঘটনা। পৰিয়ালৰ লোকে জনোৱা মতে, বৃহস্পতিবাৰে নিশা প্ৰায় ৯ বজাত হঠাতে শাৰীৰিক অৱনতি ঘটে খুছবুৰ। শ্বাস-প্ৰশ্বাস অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাত ততাতৈয়াকৈ জিলা চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে শিশুগৰাকীক মৃত ঘোষণা…
Read More
ফালতা থানা ঘেৰাও কাণ্ডত গ্ৰেপ্তাৰ জাহাংগীৰ খানৰ পত্নী; লকআপৰ পৰা স্বামীক মুক্ত কৰাৰ ষড়যন্ত্ৰৰ অভিযোগ

ফালতা থানা ঘেৰাও কাণ্ডত গ্ৰেপ্তাৰ জাহাংগীৰ খানৰ পত্নী; লকআপৰ পৰা স্বামীক মুক্ত কৰাৰ ষড়যন্ত্ৰৰ অভিযোগ

স্বামীৰ গ্ৰেপ্তাৰক কেন্দ্ৰ কৰি আৰম্ভ হোৱা প্ৰতিবাদী আন্দোলন এইবাৰ উপনীত হৈছে গ্ৰেপ্তাৰলৈ। পশ্চিমবংগৰ ফালতাৰ প্ৰভাৱশালী তৃণমূল নেতা জাহাংগীৰ খানক মুক্ত কৰাৰ উদ্দেশ্যে থানা ঘেৰাও আৰু আৰক্ষীৰ ওপৰত আক্ৰমণৰ চেষ্টা চলোৱাৰ অভিযোগত এইবাৰ গ্ৰেপ্তাৰ কৰা হৈছে তেওঁৰ পত্নী ৰেজিনা বিবিক। আৰক্ষীৰ তথ্য অনুসৰি, বিত্তীয় প্ৰৱঞ্চনাসহ একাধিক গুৰুতৰ অপৰাধৰ অভিযোগত পূৰ্বেই গ্ৰেপ্তাৰ হৈছিল জাহাংগীৰ খান। সেই ঘটনাৰ পিছতে ফালতা অঞ্চলত ব্যাপক প্ৰতিবাদ গঢ়ি উঠে আৰু জাহাংগীৰ খানৰ মুক্তিৰ দাবীত বৃহৎ কাৰ্যসূচী গ্ৰহণ কৰা হয়। তদন্তকাৰী সংস্থাই অভিযোগ উত্থাপন কৰিছে যে, উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ মূল পৰিকল্পনাকাৰী আছিল ৰেজিনা বিবি। আৰক্ষীৰ দাবী অনুসৰি, প্ৰতিবাদী সমাৱেশৰ আঁৰত লুকাই আছিল ফালতা থানাৰ লকআপত থকা জাহাংগীৰ খানক…
Read More
প্ৰতিচ্ছবি মচিলেই জুবিন নাইকিয়া নহয়ঃ জুবিনৰ ছবি মচি দিয়াক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান পবিত্ৰ মাৰ্ঘেৰিটাৰ

প্ৰতিচ্ছবি মচিলেই জুবিন নাইকিয়া নহয়ঃ জুবিনৰ ছবি মচি দিয়াক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান পবিত্ৰ মাৰ্ঘেৰিটাৰ

গণেশগুৰিত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি মচি দিয়াক কেন্দ্ৰ কৰি অব্যাহত থকা বিতৰ্কৰ মাজতে এইবাৰ মুখ খুলিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান জনাই তেওঁ কয় যে প্ৰতিচ্ছবি মচি দিলেই জুবিন নাইকিয়া হৈ নাযায়। চৰাইদেউ জিলাৰ সোণাৰিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে জুবিন গাৰ্গক অসমীয়াই অন্তৰৰ পৰা ভাল পায়। শাসক বা বিৰোধী বুলি কোনো বিভাজন নাই, সকলো মানুহেই তেওঁক সমানভাৱে ভাল পায়। পবিত্ৰ মাৰ্ঘেৰিটাই কয়, “জুবিনক কোনোবাই পাহৰিব পাৰে নেকি? জুবিনৰ ছবি কোনোবাই মন গ’লেই মচি দিব নোৱাৰে। জুবিন অসমীয়া জাতি আৰু ব্ৰহ্মপুত্ৰ সভ্যতাৰ বাবে যুগে যুগে জীয়াই থাকিব। প্ৰতিচ্ছবি মচি পেলালেই জুবিন নাইকীয়া হৈ…
Read More
জুবিনৰ ছবি বিকৃত কৰাৰ অভিযোগৰ প্ৰত্যুত্তৰ মাৰ্শ্বেল বৰুৱাৰ; ‘পুনৰ ভালদৰে আঁকিম’ বুলি আশ্বাস

জুবিনৰ ছবি বিকৃত কৰাৰ অভিযোগৰ প্ৰত্যুত্তৰ মাৰ্শ্বেল বৰুৱাৰ; ‘পুনৰ ভালদৰে আঁকিম’ বুলি আশ্বাস

গণেশগুৰি উৰণ সেতুত পুনৰ অংকন কৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিক লৈ সামাজিক মাধ্যমত অব্যাহত আছে বিতৰ্ক। ছবিখন বিকৃতভাৱে অংকন কৰা হৈছে বুলি একাংশ লোকে সমালোচনা কৰাৰ পাছত এইবাৰ সেই প্ৰতিক্ৰিয়াৰ উত্তৰ দিয়ে চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱাই। উল্লেখযোগ্য যে, মহানগৰীৰ গণেশগুৰি উৰণ সেতুৰ এটা খুঁটাত অংকিত জুবিন গাৰ্গৰ ছবি আৰু ‘কমৰেড নেভাৰ ডাই’ লিখনি মচি দিয়া কাৰ্যক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ। ইয়াৰ পিছতে ছবিখন পুনৰ অংকন কৰাৰ সিদ্ধান্ত লয় চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱাই। ১৮ জুনৰ নিশা আৰক্ষীৰ বাধাৰ মাজতো ভালেসংখ্যক জুবিন অনুৰাগীৰ উপস্থিতিত পুনৰ ছবিখন অংকন কৰে তেওঁ। কিন্তু সেই ছবিখনক লৈয়ে পুনৰ সামাজিক মাধ্যমত আৰম্ভ হয় সমালোচনা। একাংশ…
Read More