Paromita

898 Posts
ৰাজপথত গৰাকীবিহীন কুকুৰ-জীৱ-জন্তুৰ উপদ্ৰৱঃ নিজাববীয়া গোচৰ ৰজু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাজপথত গৰাকীবিহীন কুকুৰ-জীৱ-জন্তুৰ উপদ্ৰৱঃ নিজাববীয়া গোচৰ ৰজু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাজপথত বৃদ্ধি পোৱা গৰাকীবিহীন কুকুৰ আৰু আন জীৱ-জন্তুৰ উপদ্ৰৱক লৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনাক ভিত্তি কৰি বিষয়টোৰ ওপৰত শেহতীয়াকৈ নিজাববীয়া গোচৰ ৰজু কৰিছে ন্যায়ালয়ে। এই সন্দৰ্ভত অসম, নগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ লগতে বিভিন্ন সংশ্লিষ্ট বিভাগলৈ জাননী জাৰি কৰা হৈছে। অহা শুনানিত নিজৰ স্থিতি স্পষ্ট কৰি বিস্তাৰিত শপতনামা দাখিল কৰিবলৈ আটাইকেইখন ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে ন্যায়ালয়ে। উল্লেখ্য যে, মহানগৰীৰ বিভিন্ন পথত আশ্ৰয়হীন কুকুৰৰ আক্ৰমণৰ বাবে শিশু আৰু বৃদ্ধসকল দীৰ্ঘদিন ধৰি সমস্যাৰ সন্মুখীন হৈ আহিছে। আনহাতে, ৰাষ্ট্ৰীয় ঘাইপথ আৰু এক্সপ্ৰেছ ঘাইপথত গৰু-ম’হৰ অবাধ বিচৰণে বহু সময়ত গুৰুতৰ পথ দুৰ্ঘটনাৰ সৃষ্টি কৰিছে।…
Read More
কুমাৰ ভাস্কৰ বৰ্মা সেতুত পত্নীৰ জন্মদিন উদযাপন! ব্যৱসায়ী গৌতম বৰুৱাক আটক

কুমাৰ ভাস্কৰ বৰ্মা সেতুত পত্নীৰ জন্মদিন উদযাপন! ব্যৱসায়ী গৌতম বৰুৱাক আটক

কুমাৰ ভাস্কৰ বৰ্মা সেতুত পত্নীৰ জন্মদিন উদযাপন কৰি আটক হ’বলগীয়া হ’ল গুৱাহাটীৰ ব্যৱসায়ী গৌতম বৰুৱা। দলঙৰ ওপৰত জন্মদিন উদযাপন কৰি যান-বাহনৰ চলাচলত ব্যাঘাত জন্মোৱাৰ অভিযোগত ব্যৱসায়ীজনক আটক কৰে মহানগৰ আৰক্ষীয়ে। ব্যৱসায়ী গৌতম বৰুৱাৰ জন্মদিন উদযাপনৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে ঘটনাটোৱে ব্যাপক চৰ্চা লাভ কৰে। সামাজিক মাধ্যমত প্ৰচাৰ হোৱা ভিডিঅ’ত সেতুখনৰ ওপৰত ৰঙা দলিচা পাৰি আৰু সজাই-পৰাই ব্যক্তিগত অনুষ্ঠান অনুষ্ঠিত কৰা দেখা যায়। অভিযোগ অনুসৰি, ৰাজহুৱা পথৰ এটা অংশক সাময়িকভাৱে অনুষ্ঠানস্থলীলৈ ৰূপান্তৰ কৰাত যান-বাহন চলাচলত সমস্যাৰ সৃষ্টি হয়। ঘটনাৰ ভিডিঅ’ আৰু আলোকচিত্ৰ সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰ হোৱাৰ পিছতে বহু লোকে ৰাজহুৱা পথ ব্যক্তিগত অনুষ্ঠানৰ বাবে ব্যৱহাৰ কৰাৰ বিষয়টো লৈ…
Read More
গুৱাহাটীৰ সলনি দিল্লীত হ’ব পাৰে ভাৰত-জাপান শীৰ্ষ সন্মিলন; নাহিব পাৰে জাপানৰ প্ৰধানমন্ত্ৰী

গুৱাহাটীৰ সলনি দিল্লীত হ’ব পাৰে ভাৰত-জাপান শীৰ্ষ সন্মিলন; নাহিব পাৰে জাপানৰ প্ৰধানমন্ত্ৰী

গুৱাহাটীত ভাৰত-জাপান শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰাৰ সম্ভাৱনাক লৈ চলি থকা প্ৰস্তুতিৰ মাজতে জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইচিৰ অসম ভ্ৰমণক লৈ সৃষ্টি হৈছে অনিশ্চয়তাৰ। সূত্ৰৰ খবৰ অনুসৰি, লজিষ্টিক সমস্যাৰ বাবে গুৱাহাটীৰ পৰিৱৰ্তে এতিয়া নতুন দিল্লীত অনুষ্ঠিত হ’ব পাৰে ভাৰত আৰু জাপানৰ মাজৰ শীৰ্ষ পৰ্যায়ৰ বৈঠক। ভাৰত-জাপানৰ বাৰ্ষিক শীৰ্ষ সন্মিলন প্ৰক্ৰিয়াৰ অংশ হিচাপে ছানায়ে তাকাইচিয়ে ১ জুলাইৰ পৰা ৩ জুলাইলৈ ভাৰত ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত এইটো হ’ব তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ। গুৱাহাটীত শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰাৰ সম্ভাৱনাৰ কথা পূৰ্বতে চৰ্চালৈ আহিছিল। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছানায়ে তাকাইচিৰ মাজৰ শীৰ্ষ পৰ্যায়ৰ বৈঠক…
Read More
চলন্ত স্কুটাৰত গছ বাগৰি পিতৃ-পুত্ৰৰ মৃত্যু; গুৱাহাটীৰ উপকণ্ঠত শোকাৱহ ঘটনা

চলন্ত স্কুটাৰত গছ বাগৰি পিতৃ-পুত্ৰৰ মৃত্যু; গুৱাহাটীৰ উপকণ্ঠত শোকাৱহ ঘটনা

পথৰ কাষৰ এজোপা শুকান গছ হঠাতে বাগৰি পৰাত প্ৰাণ হেৰুৱালে পিতা-পুত্ৰই। গুৱাহাটীৰ উপকণ্ঠৰ চানডুবি ৰাজাপাৰা অঞ্চলত সোমবাৰে সংঘটিত হোৱা এই শোকাৱহ দুৰ্ঘটনাত ৪০ বছৰীয়া কাৰ্তিক ৰাভা আৰু তেওঁৰ ৮ বছৰীয়া পুত্ৰ ভৃগুমণি ৰাভাৰ মৃত্যু হয়। প্ৰাপ্ত তথ্য অনুসৰি, কাৰ্তিক ৰাভাই পুত্ৰ ভৃগুমণিক লগত লৈ মাটাইখাৰ ছালছাৰৰ পৰা ৰাজাপাৰাত থকা এগৰাকী আত্মীয়ৰ ঘৰলৈ স্কুটাৰেৰে গৈ আছিল। মুদুকী-হাটীগড় চ’কৰ সমীপত পথৰ কাষত থকা দুৰ্বল আৰু শুকান গছ এজোপা হঠাতে তেওঁলোকৰ ওপৰত বাগৰি পৰে। গছডালৰ তলত সোমাই পৰাত পিতৃ-পুত্ৰ দুয়োগৰাকীয়ে গুৰুতৰ আঘাতপ্ৰাপ্ত হয়। ঘটনাস্থলীতে দুয়োৰে মৃত্যু হয়। ঘটনাটো প্ৰত্যক্ষ কৰি স্থানীয় লোকসকলে ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়ে। খবৰ লাভ কৰাৰ পিছতে মিৰ্জাৰ পালাশবাৰী আৰক্ষী…
Read More
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ: শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানিত অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ: শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানিত অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি অসম চৰকাৰলৈ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। উত্তৰ-পূব ভাৰত উৎসৱৰ আয়োজক তথা মুখ্য সংগঠক মহন্তই দাখিল কৰা জামিন আবেদন সন্দৰ্ভত ৰাজ্য চৰকাৰৰ পৰা তিনি সপ্তাহৰ ভিতৰত উত্তৰ বিচাৰিছে দেশৰ সৰ্বোচ্চ আদালতে। ন্যায়াধীশ বি ভি নাগৰত্না আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠে সোমবাৰে এই নিৰ্দেশ দিয়ে। গোচৰটোৰ পৰৱৰ্তী শুনানিৰ বাবে জুলাই মাহৰ শেষৰ ফালে দিন নিৰ্ধাৰণ কৰা হৈছে। উল্লেখ্য যে, শ্যামকানু মহন্তই জামিনৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা ২৯ মে’ত তেওঁৰ জামিন আবেদন খাৰিজ কৰাৰ পিছত। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ সৈতে জড়িত…
Read More
পানী সুৰক্ষা ভাবুকিত পৰিলে যুদ্ধ কৰিমঃ ভাৰতক হুংকাৰ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ

পানী সুৰক্ষা ভাবুকিত পৰিলে যুদ্ধ কৰিমঃ ভাৰতক হুংকাৰ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ

পানী সুৰক্ষাক লৈ ভাবুকিৰ সৃষ্টি হ’লে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ পথ বাছি ল’ব পাকিস্তানে। সিন্ধু নদীৰ পানী ব্যৱহাৰক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত অব্যাহত থকা উত্তেজনাৰ মাজতে এই হুংকাৰ প্ৰদান কৰে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে। পাকিস্তানৰ সংবাদ মাধ্যম এআৰৱাই নিউজক দিয়া এক সাক্ষাৎকাৰত খোৱাজা আছিফে কয় যে, পানী পাকিস্তানৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ এক গুৰুত্বপূৰ্ণ অংশ। সিন্ধু নদী ব্যৱস্থাৰ পানীৰ প্ৰবাহত কোনো ধৰণৰ পৰিৱৰ্তনে দেশখনৰ সুৰক্ষাত প্ৰভাৱ পেলালে পাকিস্তানে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব। খোৱাজা আছিফে কয়, “যি মুহূৰ্তত আমি অনুভৱ কৰিম যে আমাৰ ৰাষ্ট্ৰীয় সুৰক্ষা, যাৰ অংশ পানীও, ভাবুকিৰ সন্মুখীন হৈছে, তেতিয়া আমি ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ কুণ্ঠাবোধ নকৰিম।” উল্লেখ্য যে, ১৯৬০…
Read More
কাতাৰৰ গেছ প্ৰকল্পত ভয়ংকৰ বিস্ফোৰণ; ভাৰতীয়সহ ১৩ জনৰ মৃত্যু

কাতাৰৰ গেছ প্ৰকল্পত ভয়ংকৰ বিস্ফোৰণ; ভাৰতীয়সহ ১৩ জনৰ মৃত্যু

কাতাৰৰ শক্তি খণ্ডৰ এটা গুৰুত্বপূৰ্ণ প্ৰকল্পত সংঘটিত ভয়ংকৰ বিস্ফোৰণত মৃত্যুক সাৱটে ভাৰতীয়সহ কমেও ১৩ জন লোকে। দেওবাৰে ৰাছ লাফান ইণ্ডাষ্ট্ৰিয়েল চিটীৰ বাৰ্জান স্থানীয় গেছ যোগান কেন্দ্ৰত সংঘটিত বিস্ফোৰণ আৰু অগ্নিকাণ্ডত কমেও ৬৬ জন লোক আহত হয়। সোমবাৰে এই দুৰ্ঘটনাটোৰ বিষয়ে সৱিশেষ তথ্য প্ৰদান কৰে কাতাৰৰ শক্তিমন্ত্ৰী ছাদ বিন শ্ৰেইদা আল-কাবিয়ে। কাতাৰ এনাৰ্জীৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপেও দায়িত্বত থকা আল-কাবিয়ে কয় যে, বিস্ফোৰণত নিহত লোকসকলৰ ভিতৰত ভাৰত আৰু পাকিস্তানৰ নাগৰিক আছে। অৱশ্যে এই পৰ্যন্ত নিহত ভাৰতীয় লোকৰ সঠিক সংখ্যা প্ৰকাশ কৰা হোৱা নাই। নিহত আৰু আহত সকলৰ মাজত আছে ভাৰত, কাতাৰ, তাঞ্জানিয়া, পাকিস্তান, গিনি, নেপাল, বাংলাদেশ, কেনিয়া আৰু নাইজেৰিয়াৰ নাগৰিক কাতাৰৰ…
Read More
নীটত ভুৱা পৰীক্ষাৰ্থী চক্ৰৰ অভিযোগ! বিহাৰত গ্ৰেপ্তাৰ ৩০ জন, জড়িত চিকিৎসা শিক্ষাৰ্থীও

নীটত ভুৱা পৰীক্ষাৰ্থী চক্ৰৰ অভিযোগ! বিহাৰত গ্ৰেপ্তাৰ ৩০ জন, জড়িত চিকিৎসা শিক্ষাৰ্থীও

নীট পৰীক্ষাক কেন্দ্ৰ কৰি বিতৰ্ক যেন থমকিবই খোজা নাই। প্ৰশ্নকাকত ফাদিলৰ অভিযোগক লৈ দেশজুৰি সৃষ্টি হোৱা বিতৰ্কৰ মাজতে এইবাৰ বিহাৰত পোহৰলৈ আহিছে ভুৱা পৰীক্ষাৰ্থী বহুৱাই পৰীক্ষা দিয়াৰ এক কথিত জালিয়াতি চক্ৰ। ঘটনাক কেন্দ্ৰ কৰি পুনৰ প্ৰশ্নৰ মুখত পৰিছে দেশৰ সৰ্ববৃহৎ চিকিৎসা প্ৰৱেশ পৰীক্ষাটোৰ সুৰক্ষা ব্যৱস্থা। লক্ষীচৰাই জিলাত চলোৱা তদন্তত এতিয়ালৈকে ৩০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ মতে, ইয়াৰে ৯ জনে আন পৰীক্ষাৰ্থীৰ সলনি পৰীক্ষাত অৱতীৰ্ণ হৈছিল বুলি সন্দেহ কৰা হৈছে। বাকী লোকসকল এই কথিত জালিয়াতি চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীৰ জালত পৰিছে। তদন্তকাৰী বিষয়াসকলে কয় যে, একাংশ পৰীক্ষাৰ্থীয়ে নিজৰ সলনি আন লোকক পৰীক্ষাত বহুৱাবলৈ ব্যৱস্থা কৰিছিল। এই কাৰ্যত…
Read More
ইৰানৰ শীৰ্ষ নিৰাপত্তা বিষয়াৰ সৈতে বৈঠক NSA অজিত ডোভালৰ; পশ্চিম এছিয়াৰ পৰিস্থিতিক লৈ আলোচনা

ইৰানৰ শীৰ্ষ নিৰাপত্তা বিষয়াৰ সৈতে বৈঠক NSA অজিত ডোভালৰ; পশ্চিম এছিয়াৰ পৰিস্থিতিক লৈ আলোচনা

পশ্চিম এছিয়াত ক্ৰমাৎ সলনি হোৱা নিৰাপত্তা পৰিস্থিতিক লৈ গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ভাৰত আৰু ইৰান। নতুন দিল্লীত সোমবাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু ইৰানৰ উচ্চপদস্থ নিৰাপত্তা বিষয়া গাদিৰ নেজামিপুৰৰ মাজত অনুষ্ঠত হয় এক গুৰুত্বপূৰ্ণ বৈঠক। ইৰানৰ শক্তিশালী সংস্থা ছুপ্ৰিম নেচনেল ছিকিউৰিটি কাউন্সিলৰ প্ৰতিৰক্ষা পৰিক্ৰমা বিভাগৰ উপ-সচিব নেজামিপুৰ বৰ্তমান ব্ৰিকছৰ নিৰাপত্তা বিষয়ক সন্মিলনত অংশগ্ৰহণৰ বাবে ভাৰতত উপস্থিত আছে। বৈঠকত পশ্চিম এছিয়াৰ বৰ্তমানৰ পৰিস্থিতি, ব্ৰিকছৰ মঞ্চত সহযোগিতা আৰু ভাৰত-ইৰান দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশক লৈ আলোচনা কৰা হয়। বৈঠকৰ অন্তত এই বিষয়ে জানিবলৈ দিয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে। উল্লেখ্য যে, আমেৰিকা আৰু ইৰানৰ মাজত শান্তি চুক্তি সম্পন্ন হোৱাৰ পিছত ইৰানৰ…
Read More
ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদ ত্যাগ কেইৰ ষ্টাৰমাৰৰ; নতুন নেতৃত্ব বাছনিৰ প্ৰক্ৰিয়া আৰম্ভ লেবাৰ পাৰ্টিৰ

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদ ত্যাগ কেইৰ ষ্টাৰমাৰৰ; নতুন নেতৃত্ব বাছনিৰ প্ৰক্ৰিয়া আৰম্ভ লেবাৰ পাৰ্টিৰ

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কেইৰ ষ্টাৰমাৰৰ। শেহতীয়া স্থানীয় নিৰ্বাচনত লেবাৰ পাৰ্টিৰ হতাশাজনক ফলাফল, জনসমৰ্থন হ্ৰাস আৰু দলৰ ভিতৰত বৃদ্ধি পোৱা অসন্তুষ্টিৰ পৰিপ্ৰেক্ষিতত অৱশেষত এই পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী ষ্টাৰমাৰে। সোমবাৰে পদত্যাগৰ ঘোষণা কৰি ষ্টাৰমাৰে লেবাৰ পাৰ্টিক নতুন নেতা বাছনিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈও আহ্বান জনায়। নতুন নেতা নিৰ্বাচিত নোহোৱালৈকে তেওঁ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি যাব বুলিও জানিবলৈ দিয়ে। উল্লেখ্য যে, ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত লেবাৰ পাৰ্টিক ঐতিহাসিক জয় দিয়াই ক্ষমতালৈ আনিছিল ষ্টাৰমাৰে। কিন্তু ক্ষমতালৈ অহাৰ পিছৰে পৰা নীতি সলনি, জনঅসন্তুষ্টি, দলীয় বিভাজন আৰু স্থানীয় নিৰ্বাচনত ধাৰাবাহিক বিপৰ্যয়ে তেওঁৰ নেতৃত্বক ক্ৰমাৎ দুৰ্বল কৰি তুলিছিল। বিশেষকৈ চলিত বৰ্ষৰ স্থানীয়…
Read More