চলন্ত স্কুটাৰত গছ বাগৰি পিতৃ-পুত্ৰৰ মৃত্যু; গুৱাহাটীৰ উপকণ্ঠত শোকাৱহ ঘটনা

পথৰ কাষৰ এজোপা শুকান গছ হঠাতে বাগৰি পৰাত প্ৰাণ হেৰুৱালে পিতা-পুত্ৰই। গুৱাহাটীৰ উপকণ্ঠৰ চানডুবি ৰাজাপাৰা অঞ্চলত সোমবাৰে সংঘটিত হোৱা এই শোকাৱহ দুৰ্ঘটনাত ৪০ বছৰীয়া কাৰ্তিক ৰাভা আৰু তেওঁৰ ৮ বছৰীয়া পুত্ৰ ভৃগুমণি ৰাভাৰ মৃত্যু হয়।

প্ৰাপ্ত তথ্য অনুসৰি, কাৰ্তিক ৰাভাই পুত্ৰ ভৃগুমণিক লগত লৈ মাটাইখাৰ ছালছাৰৰ পৰা ৰাজাপাৰাত থকা এগৰাকী আত্মীয়ৰ ঘৰলৈ স্কুটাৰেৰে গৈ আছিল। মুদুকী-হাটীগড় চ’কৰ সমীপত পথৰ কাষত থকা দুৰ্বল আৰু শুকান গছ এজোপা হঠাতে তেওঁলোকৰ ওপৰত বাগৰি পৰে।

গছডালৰ তলত সোমাই পৰাত পিতৃ-পুত্ৰ দুয়োগৰাকীয়ে গুৰুতৰ আঘাতপ্ৰাপ্ত হয়। ঘটনাস্থলীতে দুয়োৰে মৃত্যু হয়।

ঘটনাটো প্ৰত্যক্ষ কৰি স্থানীয় লোকসকলে ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়ে। খবৰ লাভ কৰাৰ পিছতে মিৰ্জাৰ পালাশবাৰী আৰক্ষী থানাৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়।

আৰক্ষীয়ে গছৰ তলৰ পৰা দুয়োৰে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। লগতে বাগৰি পৰা গছডাল আঁতৰাই পথটোৰ যাতায়াত স্বাভাৱিক কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হয়।

ইফালে, পথৰ কাষত থকা বিপজ্জনক আৰু দুৰ্বল গছসমূহ সময়মতে চিনাক্ত কৰি আঁতৰোৱাৰ প্ৰয়োজনীয়তাক লৈ এই ঘটনাই পুনৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *