গুৱাহাটীত ভাৰত-জাপান শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰাৰ সম্ভাৱনাক লৈ চলি থকা প্ৰস্তুতিৰ মাজতে জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইচিৰ অসম ভ্ৰমণক লৈ সৃষ্টি হৈছে অনিশ্চয়তাৰ। সূত্ৰৰ খবৰ অনুসৰি, লজিষ্টিক সমস্যাৰ বাবে গুৱাহাটীৰ পৰিৱৰ্তে এতিয়া নতুন দিল্লীত অনুষ্ঠিত হ’ব পাৰে ভাৰত আৰু জাপানৰ মাজৰ শীৰ্ষ পৰ্যায়ৰ বৈঠক।
ভাৰত-জাপানৰ বাৰ্ষিক শীৰ্ষ সন্মিলন প্ৰক্ৰিয়াৰ অংশ হিচাপে ছানায়ে তাকাইচিয়ে ১ জুলাইৰ পৰা ৩ জুলাইলৈ ভাৰত ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত এইটো হ’ব তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ।
গুৱাহাটীত শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰাৰ সম্ভাৱনাৰ কথা পূৰ্বতে চৰ্চালৈ আহিছিল। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছানায়ে তাকাইচিৰ মাজৰ শীৰ্ষ পৰ্যায়ৰ বৈঠক গুৱাহাটীত অনুষ্ঠিত হোৱাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছিল।
উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে ভাৰত-জাপানৰ বাৰ্ষিক শীৰ্ষ সন্মিলন আয়োজনৰ সম্ভাৱনাই বিশেষ গুৰুত্ব লাভ কৰিছিল। ভাৰতৰ এক্ট ইষ্ট নীতিৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে জাপানৰ সহযোগিতা অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰতো এই বৈঠকক গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছিল।
সূত্ৰৰ খবৰ অনুসৰি, জাপানত ছানায়ে তাকাইচিৰ ঘৰুৱা কাৰ্যসূচীৰ বাবে ভাৰত ভ্ৰমণৰ সময়সীমা সীমিত হৈ পৰিছে। ইয়াৰ ফলত নতুন দিল্লীৰ বাহিৰলৈ যাত্ৰা কৰাটো লজিষ্টিক দিশৰ পৰা কঠিন হৈ পৰাত গুৱাহাটী ভ্ৰমণৰ পৰিকল্পনাত পৰিৱৰ্তন অহাৰ সম্ভাৱনা বৃদ্ধি পাইছে।
পূৰ্বৰ পৰিকল্পনা অনুসৰি, ছানায়ে তাকাইচিৰ সৈতে ৫০ জনৰো অধিক জাপানী ব্যৱসায়ী নেতা আৰু বিভিন্ন বৃহৎ প্ৰতিষ্ঠানৰ বিষয়ববীয়াই অসম ভ্ৰমণ কৰাৰ সম্ভাৱনা আছিল। ছুজুকি মটৰ কৰ্প’ৰেচন, টয়োটা টুছো কৰ্প’ৰেচন আৰু ইটোচু কৰ্প’ৰেচনৰ দৰে প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলেও এই ভ্ৰমণত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা প্ৰকাশ পাইছিল।
প্ৰস্তাৱিত শীৰ্ষ সন্মিলনত বাণিজ্য, বিনিয়োগ, অৰ্থনৈতিক নিৰাপত্তা, গুৰুত্বপূৰ্ণ খনিজ সম্পদ, শক্তি নিৰাপত্তা আৰু যোগান শৃংখলাৰ স্থিতিশীলতা আদি বিষয়ত আলোচনা হোৱাৰ সম্ভাৱনা আছে। লগতে ভাৰত আৰু জাপানে দীৰ্ঘম্যাদী কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহ সন্দৰ্ভতো মত বিনিময় কৰিব পাৰে।
জাপানী সংবাদ মাধ্যমত পূৰ্বতে প্ৰকাশ পাইছিল যে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে সম্পৰ্ক অধিক গভীৰ কৰা আৰু এক্ট ইষ্ট নীতিৰ সহযোগিতা আগুৱাই নিয়াৰ উদ্দেশ্যে মোদী আৰু তাকাইচিৰ বৈঠক অসমত অনুষ্ঠিত হ’ব পাৰে।
গুৱাহাটীত শীৰ্ষ সন্মিলন আয়োজনৰ সম্ভাৱনাই পূৰ্বৰ এক ঘটনাৰ সৈতে প্ৰতীকী সম্পৰ্কও বহন কৰিছিল। ২০১৯ চনৰ ডিচেম্বৰত তেতিয়াৰ জাপানৰ প্ৰধানমন্ত্ৰী ছিনজো আবেৰ অসম ভ্ৰমণৰ পৰিকল্পনা নাগৰিকত্ব সংশোধনী আইনক লৈ হোৱা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত স্থগিত ৰখা হৈছিল।
অৱশ্যে ভাৰত বা জাপান চৰকাৰে এতিয়ালৈকে চূড়ান্ত ভ্ৰমণসূচী আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই। সূত্ৰৰ মতে, ভাৰত-জাপান শীৰ্ষ সন্মিলন গুৱাহাটীৰ পৰিৱৰ্তে নতুন দিল্লীত অনুষ্ঠিত হোৱাৰ সম্ভাৱনাই অধিক।
