গুৱাহাটীৰ চমকৰ নামত মচি পেলোৱা হ’ল প্ৰাণৰ শিল্পীৰ প্ৰতিচ্ছবি! ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক কেন্দ্ৰ কৰি পুনৰ তীব্ৰ আলোচনাৰ সৃষ্টি হৈছে ৰাজ্যজুৰি। গুৱাহাটীৰ গণেশগুৰি উৰণীয়া সেতুৰ তলত দীৰ্ঘদিন ধৰি থকা “COMRADE NEVER DIE” শীৰ্ষক মিউৰেল মচি পেলোৱাৰ পাছতেই সামাজিক মাধ্যমৰ পৰা ৰাজপথলৈকে আৰম্ভ হৈছে ব্যাপক চৰ্চা।

গুৱাহাটী পৌৰ নিগমে উৰণীয়া সেতুৰ তলৰ অংশৰ পৰা মিউৰেলখন আঁতৰাই দিয়ে। দৈনিক হাজাৰ হাজাৰ লোকে দেখা এই শিল্পকৰ্মত স্থান পাইছিল অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবি। বহু অনুৰাগীৰ বাবে এই মিউৰেল কেৱল এখন চিত্ৰ নাছিল, বৰঞ্চ এয়া জুবিন গাৰ্গৰ সংগীত জীৱন আৰু সাংস্কৃতিক প্ৰভাৱৰ এক প্ৰতীক হিচাপেও পৰিগণিত হৈছিল।

ইফালে, বিদেশী প্ৰতিনিধিৰ অসম ভ্ৰমণৰ প্ৰাকমূহুৰ্তত গুৱাহাটীৰ চমক বৃদ্ধিৰ বাবে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি মচি পেলোৱাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গেও। ফেচবুকত দিয়া এক পোষ্টত তেওঁ দুখ প্ৰকাশ কৰি কয় যে, এখন ছবিৰ উপস্থিতিয়ে যদি চহৰখনৰ সৌন্দৰ্য ক্ষুণ্ণ কৰিছিল, তেন্তে সেই সিদ্ধান্তৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰাৰ অৱকাশ আছে। অৱশ্যে ছবি আঁতৰাই দিলেও মানুহৰ মনত থকা ভালপোৱা আৰু সন্মান আঁতৰাব নোৱাৰি বুলিও তেওঁ উল্লেখ কৰে।

গৰিমাই কয়, “জুবিন কেৱল এখন ছবি নহয়, তেওঁ অসংখ্য মানুহৰ অনুভৱ, স্মৃতি আৰু জীৱনৰ এটা অংশ।” ক্ষোভত নহয়, বৰঞ্চ বেদনাৰ পৰাই তেওঁ এই মন্তব্য আগবঢ়োৱা বুলিও পোষ্টটোত উল্লেখ কৰে।

ইফালে ঘটনাটোৱে নতুন মোৰ লয় শিল্পী মাৰ্শ্বেল বৰুৱাৰ ঘোষণাৰ পাছত। তেওঁ জনায় যে গণেশগুৰিৰ একে স্থানতে পুনৰ জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰিব। এই উদ্দেশ্যে তেওঁ অনুৰাগীসকলক উপস্থিত থাকিবলৈও আহ্বান জনায়।

মাৰ্শ্বেল বৰুৱাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে অসমৰ সংগীত সূৰ্য জুবিন গাৰ্গৰ প্ৰতিচ্ছবি এইদৰে আঁতৰাই দিয়াটো তেওঁ মানি ল’ব পৰা নাই। তেওঁৰ এই ঘোষণাৰ পাছত ঘটনাটোক লৈ আলোচনা আৰু অধিক তীব্ৰ হৈ পৰিছে।

উল্লেখ্য যে “COMRADE NEVER DIE” শ্লোগানটো সময়ৰ লগে লগে জুবিন গাৰ্গৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত এক জনপ্ৰিয় অভিব্যক্তিত পৰিণত হৈছে। সেইবাবেই মিউৰেলখন মচি পেলোৱাৰ ঘটনাক বহু অনুৰাগীয়ে কেৱল এটা শিল্পকৰ্ম আঁতৰোৱাৰ সিদ্ধান্ত হিচাপে নহয়, এক সাংস্কৃতিক আবেগৰ সৈতে জড়িত বিষয় হিচাপেও চাবলৈ আৰম্ভ কৰিছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *