Dipshikha

3313 Posts

জামুগুৰিহাটৰ গেৰেকীচুকৰ ১৫ নং ৰাষ্ট্ৰীয়ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।

জামুগুৰিহাটৰ গেৰেকীচুকৰ ১৫ নং ৰাষ্ট্ৰীয়ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।ৰাজ্যিক পৰিবহনৰ নিগমৰ AS -20/1823 নম্বৰৰ বাছৰ খুন্দাত গুৰুত্বৰভাৱে আহত এজন। গুৰুত্বৰভাৱে আহত যুৱকজনক নাম মুকুট বাচৰ(২০)।গুৰুত্বৰভাৱে আহত যুৱকজনক সংকটজনক অৱস্থাত তেজপুৰ মেডিকেলকলেজলৈ প্ৰেৰণ কৰা হৈছে।জামুগুৰিহাটৰ পৰা জোন বৰা।
Read More

এখন দলঙৰ অভাৱত দুৰ্ভোগ গোৰেশ্বৰ নাওকাটাবাসী ৰাইজৰ

এখন দলঙৰ অভাৱত দুৰ্ভোগ গোৰেশ্বৰ নাওকাটাবাসী ৰাইজৰনাওকাটাত শুক্লাই নৈৰ ওপৰেৰে বিপদসংকুল যাতায়ত স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু ৰাইজৰ ।শুক্লাইৰ ভৰা নৈত এফালে যদি স্কুলৰ বেগ আনফালে কান্ধত চাইকেল লৈ বিদ্যালয়লৈ আহা-যোৱা কৰিবলগীয়া হৈছে শ-শ ছাত্ৰ-ছাত্ৰী ।উলেখ্য যে নাওকাটা-তামুলপুৰ সংযোগী পথৰ নিঝাৰগাঁ‌ওস্থিত শুক্লাই নৈৰ কাঠৰ দলংখন বিগত বাৰিষাৰ বানে আধা অংশ উটুৱাই নিছিল পিছত ৰাইজে বাহৰ দলং এখনৰ ব্যৱস্থা কৰিছিল যদিও দ্বিতীয়টি বানে পুনৰ বাহৰ দলংখন উটোৱাই নিয়ে,উটোৱাই নিয়াৰ পাছৰে পৰা আজিকোপতি দলংখন নিৰ্মানৰ ব্যৱস্থা কৰা ন'হল ।বৃহত্তৰ অঞ্চলৰ লোকসকলে এতিয়া বহু কষ্টেৰে ভৰা নৈত খোজকাঢ়িয়ে এতিয়া যাতায়ত কৰিব লগীয়া হৈছেস্থানীয় জনপ্ৰতিনিধি তথা বিটিআৰ চৰকাৰৰ গুৰুত্বহীনতাৰ বাবেই ৰাইজৰ এই দুৰ্ভোগ হোৱাৰ অভিযোগ ৰাইজৰ…
Read More

অবৈধ বালি কঢ়িয়াই নিয়াৰ টেক্টৰ ডাম্পাৰ বিৰুদ্ধে ৰাজপথত উলাই আহিল জনতা

হোজাই জিলাৰ মোৰাঝাৰৰ অবৈধ বালি কঢ়িয়াই নিয়াৰ টেক্টৰ ডাম্পাৰ বিৰুদ্ধে ৰাজপথত উলাই আহিল জনতাঅবৈধ বাবে মেচিন ব্যৱহাৰ কৰি বালি খনন কৰাৰ অভিযোগ উত্থাপন একাংশ ৰাইজৰ বন মাফিয়াৰ বিৰুদ্ধে বন বিভাগে ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজেৰাইজৰ অভিযোগ অবৈধ বালি বন্ধ কৰক পিছে কাৰ নেতৃত্বত চলি আছে বালিৰ অবৈধ ৰমৰমীয়া বেহাঅত্যাধিক বালি কঢ়িয়াই নিয়াৰ টেক্টৰ ডাম্পাৰে ৰাস্তাৰ অৱস্থা সুচনি হৈ পৰিছে ডবকাৰ বন বিভাগৰ লোকে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষ্যনীয়।
Read More

মানকাচৰত বনৰীয়া হাতীৰ সন্ত্ৰাস।

মানকাচৰত বনৰীয়া হাতীৰ সন্ত্ৰাস।মানকাচৰৰ কাকৰিপাৰাৰ বৰঝোৰা গাওঁত প্ৰায় ৫০ জনীয়া এটা বনৰীয়া হাতীৰ জাকে নিশা চলালে সন্ত্ৰাস।নিশা হ'লেই মেঘালয়ৰ দক্ষিণ-পশ্চিম গাৰো পাহাৰ জিলাৰ পৰা নামি আহি তাণ্ডব চলাই এটা বৃহৎ বনৰীয়া হাতীৰ জাকে বৰঝুৰা গাওঁৰ দুটাকৈ পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি দিয়া পৰিলক্ষিত হয়।লগতে সেইখন গাৱতে হাতিৰ জাকে সন্ত্ৰাস চলায় বিভিন্ন স্থানত গছ- গছনি উভালি পেলোৱা দেখা যায়।উল্লেখযোগ্য যে ৫০ জনীয়া এটা বনৰীয়া হাতীৰ জাকে মেঘালয়ৰ পৰা নামি আহি বৰঝোৰা গাওঁত আতংক চলাই থকা পৰিলক্ষিত হৈছে কিন্তু স্থানীয় ৰাইজৰ অভিযোগ মতে, নিমাত হৈ আছে বন বিভাগীয় কৰ্মচাৰী।
Read More

বঙাইগাঁৱৰ ১ নং নাচনগুৰীত তিনি মোবাইল চোৰ গ্ৰেপ্তাৰ গেৰুকাবাৰী আৰক্ষীৰ।

বঙাইগাঁৱৰ ১ নং নাচনগুৰীত তিনি মোবাইল চোৰ গ্ৰেপ্তাৰ গেৰুকাবাৰী আৰক্ষীৰ।বঙাইগাঁও জিলাৰ গেৰুকাবাৰী আৰক্ষীৰ অভিযান।গেৰুকাবাৰী তহলদাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনয় মালাকাৰৰ নেতৃত্বত চলোৱা অভিযানত ১ নং নাচনগুৰীৰ পৰা তিনিটা মোবাইল চোৰক গ্ৰেপ্তাৰ কৰা হয়।ধৃত মোবাইল চোৰ তিনিটা ক্ৰমে আনোৱাৰ হুছেইন, জেলহক অৰফে দুফা(২৬) আৰু সাহাৰ আলী(২৪)।তিনিওটা মোবাইল চোৰৰ ঘৰ ১ নং নাচনগুৰীত।চোৰ তিনিটাৰ পৰা দুটা চুৰি মোবাইল জব্দ কৰা হয়।উল্লেখ্য যে প্ৰায় এমাহ পূৰ্বে ১ নং নাচনগুৰী নিবাসী গাড়ী চালক ইছমাইল শ্বেখৰ ঘৰৰ তলা ভাঙি দুটা মোবাইসহ নগত ২৪,০০০/- টকা লৈ উধাও হৈছিল চোৰৰ দলটোৱে।পাছত পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত গেৰুকাবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰাত আজি আৰক্ষীয়ে চোৰ তিনিটাক…
Read More

কাৰবি আংলং জিলাৰ খটখটিত ভয়ংকৰ পথ দুৰ্ঘটনা

কাৰবি আংলং জিলাৰ খটখটিত ভয়ংকৰ পথ দুৰ্ঘটনাখটখটি লাহৰিজানৰ ড্ৰিম স্কাই হোটেলৰ সমীপত নিশা এক শুকাবহ পথ দুৰ্ঘটনা।এখন HR 45 C 9520 নম্বৰৰ ট্ৰাক খনৰ চেপাত নিহত এজন।জানিব পৰা অনুসৰি ট্ৰাকখন ডিমাপুৰলৈ যাবলৈ লোৱাৰ সময়তে হেণ্ডিমেনজন ট্ৰাকখনৰ তলত সোমাই পৰে। হেণ্ডিমেন গৰাকীৰ মূৰৰ ওপৰেৰে ট্ৰাকখন পাৰ হৈ যোৱাৰ ফলত লোকজন থিতাতে নিহত হয়। জানিব পৰা অনুসৰি নিহত ট্ৰাকখনৰ হেণ্ডিমেন জন যমুনা নগৰ জিলাৰ প্ৰমোদ কুমাৰ বুলি চিনাক্তকৰণ কৰিছে। লগতে ট্ৰাকখনৰ চালক জনক আটক কৰিছে খটখটী আৰক্ষীয়ে ।
Read More

সোনাপুৰ এতিয়া অবাধ হাৰত চলিছে বন ধংস যজ্ঞ

সোনাপুৰ এতিয়া অবাধ হাৰত চলিছে বন ধংস যজ্ঞ।দিনে নিশাই কাটি তহিলং কৰিছে সেউজ পাহাৰ।বন বিভাগক মেনেজ কৰি চলিছে ধংস লীলা।যাৰ ফলত ক্ষেত্ৰীৰ ৰেৱামহেশ্বৰত সংঘটিত হয় এক ভয়াবহ ঘটনা।অবৈধ ভাবে পাহাৰ খননৰ ভয়ংকৰ পৰিণতিত অকাল মৃত্যুক সাৱটিলে এজন লোকে। প্ৰাপ্ত তথ্য মতে পাহাৰৰ ৰঙা মাটি কাটি থকা অৱস্থাত পাহাৰৰ ৰঙা মাটি খহি আহি দীপক বৰুৱা নামৰ ব্যক্তি জনক পাহাৰৰ ৰঙা মাটিয়ে পুতি পেলালে। যাৰ ফলত অকাল মৃত্যুক সাবতি লৱ লগীয়া ব্যক্তি জনে। উল্লেখযোগ্য যে ডিমৰীয়াৰ প্ৰতিখন পাহাৰত এতিয়া জেচিবিৰ হাতোৰা পৰিছে। কিন্তু নিৰৱ দৰ্শকৰ ৰূপত কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু বন বিভাগ।
Read More

বকোৰ ৰূপনগৰ হাইস্কুলত ছাত্র ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি

বকোৰ ৰূপনগৰ হাইস্কুলত ছাত্র ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি।চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ নামত অহা চাউল কেনেকৈ অপচয় হৈছে তাৰে এক জলন্ত উদাহৰণ ।বিদ্যালয়ৰ জংঘলত উদ্ধাৰ হৈছে বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ নামত যোগান ধৰা চাউল। দীৰ্ঘ দিন ধৰি স্কুলৰ কোঠাত মজুত আছিল প্ৰায় ২৭ বস্তা চাউল ৷ চাউলখিনি বিদ্যালয় খনৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিটিৰ সভাপতিয়ে মিলি চাউলখিনি হৰলুকি কৰাৰ অভিযোগ উঠিছে ।যাক লৈ সর্বত্তে সৃষ্টি হৈছে প্রতিক্রিয়া। প্ৰশ্ন হয় চাউলখিনি নষ্ট কৰাৰ অধিকাৰ কত পালে শিক্ষকগৰাকীয়ে।
Read More

গোলাঘাট জিলাৰ সৰুপথাৰত ৰেল বিভাগৰ চলিল উচ্ছেদ অভিযান

গোলাঘাট জিলাৰ সৰুপথাৰত ৰেল বিভাগৰ চলিল উচ্ছেদ অভিযান।সৰুপথাৰত ৰেলৱে ভূমি দখল কৰি থকা দোকান আৰু ঘৰসমূহত চলিল বুলডেজাৰ।ৰেলৱে কতৃপক্ষ আৰু ধনশিৰি মহকুমাৰ প্ৰশাসনৰ সহযোগত ৰেলৱে ভূমিত ডাবল ট্ৰেক তথা বিভিন্ন উন্নয়নমূলক কাম কৰাৰ স্বাৰ্থতেই চলালে এই উচ্ছেদ অভিযান।বতমানলৈকে প্ৰায় ১৭টা ঘৰ আৰু ৭১ খন দোকান উচ্ছেদ কৰে।এই উচ্ছেদ অভিযানত ৰেলৱে কতৃপক্ষ আৰু ধনশিৰি প্ৰশাসনক সকলো ৰাইজে সহযোগিতা আগবঢ়াই।
Read More

জুৰীয়াৰ সুতিৰপাৰত বনৰীয়া ম’হৰ ভয়ঙ্কৰ আক্ৰমণ আহত যুৱক

জুৰীয়াৰ সুতিৰপাৰত বনৰীয়া ম'হৰ ভয়ঙ্কৰ আক্ৰমণ আহত যুৱকআহত যুৱক জনৰ নাম ফইজুল ইছলাম লাওখোৱা অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া ম'হ টোৱে সুতিৰপাৰ গাৱত সোমাই পুৱাৰ পৰা সন্ৰাসৰ সৃষ্টি কৰে ফইজুল হকে পথাৰত কাম কৰি থাকোতে বনৰীয়া ম'হ টোৱে আক্ৰমণ কৰে ফইজুল হকৰ অবস্হা সংকট জনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী লৈ প্ৰেৰণ।ইতিমধ্যে বন বিভাগে কেইবাজাই গুলি ফুটাই ম'হ টোক অভয়াৰণ্য লৈ খেদি পঠিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
Read More