এখন দলঙৰ অভাৱত দুৰ্ভোগ গোৰেশ্বৰ নাওকাটাবাসী ৰাইজৰ

এখন দলঙৰ অভাৱত দুৰ্ভোগ গোৰেশ্বৰ নাওকাটাবাসী ৰাইজৰ

নাওকাটাত শুক্লাই নৈৰ ওপৰেৰে বিপদসংকুল যাতায়ত স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু ৰাইজৰ ।

শুক্লাইৰ ভৰা নৈত এফালে যদি স্কুলৰ বেগ আনফালে কান্ধত চাইকেল লৈ বিদ্যালয়লৈ আহা-যোৱা কৰিবলগীয়া হৈছে শ-শ ছাত্ৰ-ছাত্ৰী ।

উলেখ্য যে নাওকাটা-তামুলপুৰ সংযোগী পথৰ নিঝাৰগাঁ‌ওস্থিত শুক্লাই নৈৰ কাঠৰ দলংখন বিগত বাৰিষাৰ বানে আধা অংশ উটুৱাই নিছিল পিছত ৰাইজে বাহৰ দলং এখনৰ ব্যৱস্থা কৰিছিল যদিও দ্বিতীয়টি বানে পুনৰ বাহৰ দলংখন উটোৱাই নিয়ে,উটোৱাই নিয়াৰ পাছৰে পৰা আজিকোপতি দলংখন নিৰ্মানৰ ব্যৱস্থা কৰা ন’হল ।

বৃহত্তৰ অঞ্চলৰ লোকসকলে এতিয়া বহু কষ্টেৰে ভৰা নৈত খোজকাঢ়িয়ে এতিয়া যাতায়ত কৰিব লগীয়া হৈছে

স্থানীয় জনপ্ৰতিনিধি তথা বিটিআৰ চৰকাৰৰ গুৰুত্বহীনতাৰ বাবেই ৰাইজৰ এই দুৰ্ভোগ হোৱাৰ অভিযোগ

ৰাইজৰ দাবী অতি সোনকালে শুক্লাই নৈৰ ওপৰত এখন পকী দলংৰ ব্যৱস্থা কৰক চৰকাৰে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *