10
Jan
আপুনি আপোনাৰ বাৰ্ডে কেনেদৰে চেলিব্ৰেট কৰে!বাৰ্ডেৰ নামত আপুনি হয়তো বহু টকাই খৰচ কৰে ?বন্ধু বান্ধবী তথা সমনীয়াৰ সৈতে বাৰ্ডে পাৰ্টীৰ নামত আপুনি ব্যায় কৰা ধন আপোনাৰ কিবা কামত আহে নে? এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ জন্ম দিন কিন্তু ব্যাতিক্ৰম!নিজৰ উপজা দিনত গছ পুলি বিতৰণ কৰি পৃথিৱীখনক সেউজীয়া কৰি ৰখাৰ প্ৰয়াস কয়াকুছিৰ যুৱকৰ।ব্যাতিক্ৰমী প্ৰয়াসেৰে সকলোৰে প্ৰসংশাৰ পাত্ৰ যতিষ। নিজৰ জন্ম দিনত নাকাটে কেক, নকৰে পাৰ্টী । কোন সেই যতিষ? টাপাৰ প্ৰফুল্ল দাসৰ পুত্ৰই হৈছে জ্যোতিষ দাস । কয়াকুছিস্থ লৱাৰ আছাম একাডেমীৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী তেওঁ।কলেজত কাম কৰি থকাৰ পিছৰ পৰাই ছাত্ৰ ছাত্ৰী তথা আনক জন্ম দিনত দি আহিছে গছ পুলি।এদিন তেওঁ এই…
