Business Bureau

3055 Posts
টিভিএছ আইকিউব মিলিয়নআৰ সংস্কৰণে অতিক্ৰম কৰিলে ১ মিলিয়ন গ্ৰাহকৰ মাইলৰ খুঁটি

টিভিএছ আইকিউব মিলিয়নআৰ সংস্কৰণে অতিক্ৰম কৰিলে ১ মিলিয়ন গ্ৰাহকৰ মাইলৰ খুঁটি

টিভিএছ মটৰ কোম্পানীয়ে মঙলবাৰে ভাৰতত বৈদ্যুতিক স্কুটাৰে ১ মিলিয়ন গ্ৰাহকৰ সংখ্যা অতিক্ৰম কৰা উপলক্ষে টিভিএছ আইকিউব মিলিয়নআৰ স্পেচিয়েল এডিচন মুকলি কৰিছে। আইকিউব ৩.৫ কিলোৱাট ঘণ্টা ভেৰিয়েণ্টৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত এই বিশেষ সংস্কৰণটোৱে ১৪৫ কিলোমিটাৰৰ আইডিচি ৰেঞ্জ প্ৰদান কৰে আৰু কৰ্ণাটকত ইয়াৰ কাৰ্যকৰী এক্স-শ্ব’ৰুম মূল্য ১,৪০,১৩৮ টকা ধাৰ্য কৰা হৈছে।এই মিলিয়নআৰ সংস্কৰণত এটা এক্সক্লুছিভ অৰোৰা গ্ৰীন ডুৱেল ট’ন ৰং, প্ৰিমিয়াম আসন কভাৰ, বিশেষ গ্ৰাফিক্স আৰু মিলিয়নআৰ বেজিং প্ৰদান কৰা হৈছে। ইয়াৰ উপৰিও স্কুটাৰখনত সন্মুখৰ ফালে এটা ইউটিলিটি ষ্টৰেজ কম্পাৰ্টমেণ্ট সংযোজন কৰা হৈছে, যাৰ ফলত মুঠ ষ্টৰেজ সামৰ্থ্য ৩২ লিটাৰৰ পৰা ৩৫.৫ লিটাৰলৈ বৃদ্ধি পাইছে। লগতে ইয়াত এটা ইউএছবি টাইপ-চি চাৰ্জিং…
Read More
ব্ৰমফৰ্ডৰ গুৰুত্বপূৰ্ণ অধিগ্ৰহণৰ পিছত ডিফেন্স আৰু এৰ’স্পেচ খণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠান চিগমা এডভান্সড চিষ্টেমছৰ দ্বাৰা ৰ’লছ-ৰয়েচ এৰ’স্পেচ ইউকেৰ সৈতে ১২৫ মিলিয়ন পাউণ্ডৰ অতিৰিক্ত দীৰ্ঘম্যাদী চুক্তি স্বাক্ষৰ

ব্ৰমফৰ্ডৰ গুৰুত্বপূৰ্ণ অধিগ্ৰহণৰ পিছত ডিফেন্স আৰু এৰ’স্পেচ খণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠান চিগমা এডভান্সড চিষ্টেমছৰ দ্বাৰা ৰ’লছ-ৰয়েচ এৰ’স্পেচ ইউকেৰ সৈতে ১২৫ মিলিয়ন পাউণ্ডৰ অতিৰিক্ত দীৰ্ঘম্যাদী চুক্তি স্বাক্ষৰ

চিগমা এডভান্সড চিষ্টেমছে শেহতীয়াকৈ অধিগ্ৰহণ কৰা ব্ৰিটেইনৰ লেষ্টাৰত অৱস্থিত সহযোগী প্ৰতিষ্ঠান ব্ৰমফৰ্ড প্ৰেচিজন ছল্যুচনছৰ জৰিয়তে ৰ’লছ-ৰয়েচৰ সৈতে নতুনকৈ এক দীৰ্ঘম্যাদী চুক্তি সম্পাদন কৰিছে। এই চুক্তিয়ে অধিগ্ৰহণৰ তাৎক্ষণিক কৌশলগত মূল্য প্ৰদৰ্শন কৰাৰ লগতে বিশ্বৰ অন্যতম আগশাৰীৰ এৰ’স্পেচ প্ৰতিষ্ঠানটোৰ সৈতে গ্ৰুপৰ দীৰ্ঘদিনীয়া সম্পৰ্কক অধিক সম্প্ৰসাৰিত কৰিছে। প্ৰায় ১২৫ মিলিয়ন পাউণ্ড (প্ৰায় ১,৬০০ কোটি টকা) মূল্যৰ এই চুক্তিয়ে শেহতীয়াকৈ স্বাক্ষৰিত হোৱা প্ৰায় ৩০০ মিলিয়ন পাউণ্ড(প্ৰায় ৩,৮০০ কোটি টকা)ৰ ৰ’লছ-ৰয়েচ দীৰ্ঘম্যাদী চুক্তিক প্ৰত্যক্ষভাৱে আগুৱাই নিব। ইয়াৰ ফলত গুৰুত্বপূৰ্ণ এৰ’স্পেচ পদক্ষেপসমূহত গ্ৰুপটোৰ সামগ্ৰী যোগান, উৎপাদন সামৰ্থ্য আৰু অংশগ্ৰহণ বৃদ্ধি পাব। এই চুক্তিসমূহে ৰ’লছ-ৰয়েচৰ ব্ৰিটেইনৰ যোগান শৃংখলাত চিগমাৰ অৱস্থানক লক্ষণীয়ভাৱে শক্তিশালী কৰাৰ লগতে দীৰ্ঘম্যাদী উপাৰ্জনৰ পথ…
Read More
অসম প্ৰিমিয়াৰ লীগৰ প্ৰথম সংস্কৰণৰ সামৰণি, উত্তৰ-পূবৰ ক্ৰিকেট ইতিহাসত নতুন যুগৰ সূচনা

অসম প্ৰিমিয়াৰ লীগৰ প্ৰথম সংস্কৰণৰ সামৰণি, উত্তৰ-পূবৰ ক্ৰিকেট ইতিহাসত নতুন যুগৰ সূচনা

গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত এচিএ ষ্টেডিয়ামত ২৩ আগষ্টত প্ৰথম ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ সামৰণি পৰে। প্ৰথম সংস্কৰণৰ সফল সমাপ্তিৰে অসম তথা সমগ্ৰ উত্তৰ-পূবৰ ক্ৰিকেট জগতত এক নতুন ফ্ৰেঞ্চাইজিভিত্তিক টি-২০ প্লেটফৰ্মৰ সূচনা হয়। অসম ক্ৰিকেট সন্থাই আয়োজন কৰা এই প্ৰথম সংস্কৰণত ৮টা ফ্ৰেঞ্চাইজিয়ে অংশগ্ৰহণ কৰিছিল আৰু মুঠ ৪৩খন মেচ অনুষ্ঠিত হৈছিল। এই লীগ অসমৰ উদীয়মান স্থানীয় ক্ৰিকেটাৰসকলৰ বাবে এক প্ৰতিযোগিতাপূৰ্ণ মঞ্চ প্ৰদান কৰাৰ লগতে অনুৰাগী আৰু আঞ্চলিক অংশীদাৰসকলৰ বাবে ক্ৰীড়াক্ষেত্ৰত এক নতুন সোপান-সম্ভাৱনা গঢ়ি তুলিছে। ফাইনেল মেচখনত গুৱাহাটী ৰয়েলছক ৫ উইকেটত পৰাস্ত কৰি বৰপেটা ব্ৰেভছ এই প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণৰ চেম্পিয়ন হিচাপে পৰিগণিত হয়। এপিএলৰ মুখ্য স্পনছৰ ইম্পেৰিয়েল ব্লু পেকেজড…
Read More
গড্ৰেজ এগ্ৰ’ভেটৰ মাছৰ খাদ্য ব্যৱসায়ত ব্যাপক অগ্ৰগতি, দুটা অংকৰ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ

গড্ৰেজ এগ্ৰ’ভেটৰ মাছৰ খাদ্য ব্যৱসায়ত ব্যাপক অগ্ৰগতি, দুটা অংকৰ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ

গড্ৰেজ এগ্ৰ’ভেট লিমিটেডে মাছৰ খাদ্য ব্যৱসায়ৰ প্ৰতি থকা দীৰ্ঘম্যাদী প্ৰতিশ্ৰুতি পুনৰবাৰ দোহাৰিছে আৰু ভাৰতৰ অন্যতম আগশাৰীৰ মাছৰ খাদ্য উৎপাদক হোৱাৰ উদ্দেশ্যে এক প্ৰগতিশালী বৃদ্ধিৰ ৰণনীতিৰ ৰূপৰেখা দাঙি ধৰিছে। এই ৰণনীতিৰ অংশ হিচাপে প্ৰতিষ্ঠানটোৱে নিজৰ উৎপাদন ক্ষমতা সম্প্ৰসাৰণ কৰাৰ লগতে মীন পালকসকলক উন্নত মানৰ খাদ্যৰ সেৱা যোগান ধৰিবলৈ উদ্ভাৱন আৰু গৱেষণা তথা বিকাশ তীব্ৰতৰ কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ উপৰিও, কৃষকসকলক উৎপাদন ব্যয় হ্ৰাস কৰা, উৎপাদন বৃদ্ধি কৰা আৰু কৃষি খণ্ডৰ লাভদায়কতা বৃদ্ধি কৰাত সহায় কৰিবলৈ ফিড কনভাৰচন ৰেচিঅ’ উন্নত কৰাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হ’ব। পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া সুনীল কাটাৰিয়াই এই বিষয়ে কয় যে মাছৰ খাদ্য গড্ৰেজ…
Read More
অসমৰ বান সাহায্য আৰু পুনৰুদ্ধাৰ কাৰ্যত সহায় কৰিবলৈ বিনান্সৰ ৩.৩ কোটি টকাৰ বৰঙণি

অসমৰ বান সাহায্য আৰু পুনৰুদ্ধাৰ কাৰ্যত সহায় কৰিবলৈ বিনান্সৰ ৩.৩ কোটি টকাৰ বৰঙণি

বিনান্স কেম্পানীৰ জনহিতকৰ শাখা বিনান্স চেৰিটি-এ অসমৰ ভয়াৱহ বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ জৰুৰীকালীন সাহায্য আৰু পুনৰুদ্ধাৰৰ প্ৰচেষ্টাত সহায় কৰিবলৈ গুঞ্জৰ ৰাহত পদক্ষেপলৈ ৩.৩ কোটি টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। এই বৰঙণিৰ দ্বাৰা গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, বজালী, ধেমাজি, শোণিতপুৰ আৰু যোৰহাট জিলাৰ ৩৪৯খন বানপীড়িত গাঁৱৰ প্ৰায় ২৭,৫০০টা পৰিয়াল উপকৃত হ'ব বুলি আশা কৰা হৈছে। ক্ষতিগ্ৰস্ত সম্প্ৰদায়সমূহৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি এই ধনেৰে ঘৰুৱা সামগ্ৰী, অনাময় সামগ্ৰী, টাৰ্পলিন(তিৰ্পাল) আৰু অন্যান্য প্ৰয়োজনীয় জৰুৰীকালীন সাহায্য সামগ্ৰী বিতৰণ কৰা হ’ব। প্ৰকাশিত খবৰ অনুসৰি এইবাৰৰ বলিয়া বানত অসমৰ ২৫খন জিলা আৰু ২,৭৩৪ খন গাঁৱৰ ১২ লাখতকৈও অধিক লোক বানপানীত আক্ৰান্ত হৈছে আৰু মৃত্যুৰ সংখ্যা ১০৫ জনলৈ…
Read More
আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফে আগবঢ়াইছে ভেল্যু-প্লাছ-মমেণ্টাম ইণ্ডেক্স ফাণ্ড

আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফে আগবঢ়াইছে ভেল্যু-প্লাছ-মমেণ্টাম ইণ্ডেক্স ফাণ্ড

আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সে মুকলি কৰিছে বিএছই ৫০০ মমেণ্টাম ভেল্যু ৫০ ইণ্ডেক্স ফাণ্ড। এই পুঁজি হৈছে এক নতুন ভেল্যু-প্লাছ-মমেণ্টাম বিনিয়োগৰ বিকল্প, যাৰ জৰিয়তে গ্ৰাহকসকলক নিৰ্বাচিত ইউএলপি-ৰ মাধ্যমেৰে দীৰ্ঘম্যাদী ইকুইটিৰ সুযোগ লাভৰ সুবিধা প্ৰদান কৰা হ’ব। এই ফাণ্ডে এক নিয়ম-আধাৰিত বিনিয়োগ কৌশলৰ জৰিয়তে বিএছই ৫০০ জগতৰ পৰা নিৰ্বাচিত ৫০টা কোম্পানীৰ এক বৈচিত্ৰ্যপূৰ্ণ গোটত বিনিয়োগৰ সুযোগ প্ৰদান কৰিব। ই আকৰ্ষণীয় মূল্যায়ন আৰু ইতিবাচক মূল্যৰ গতিশীলতাক একত্ৰিত কৰে। বজাৰৰ পৰিৱৰ্তনশীল মূল্যায়ন তথা ট্ৰেণ্ডৰ সৈতে খাপ খুৱাবলৈ প্ৰতি ত্ৰৈমাসিকত ইয়াৰ পৰ্যালোচনা কৰা হ’ব। এই নতুন ফাণ্ডটো মুকলিৰ বিষয়ে আইচিআইচিআই প্ৰুডেন্সিয়েল লাইফ ইঞ্চুৰেন্সৰ মুখ্য বিনিয়োগ বিষয়া মনীষ কুমাৰে কয় যে, “বিএছই ৫০০ মমেণ্টাম ভেল্যু ৫০…
Read More
ষ্টাৰ্ডফ্লেক্সৰ উদ্যোগত উজনি অসমৰ ২,০০০ বানপীড়িত পৰিয়াললৈ বান সাহায্য

ষ্টাৰ্ডফ্লেক্সৰ উদ্যোগত উজনি অসমৰ ২,০০০ বানপীড়িত পৰিয়াললৈ বান সাহায্য

শ্যাম ষ্টীল ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অন্যতম ব্ৰেণ্ড ষ্টাৰ্ডফ্লেক্স ৱাটাৰপ্ৰুফিং চল্যুচনে উজনি অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় ২,০০০ বানপীড়িত পৰিয়ালক সহায় কৰিবলৈ সাহায্য অভিযান হাতত লৈছে।কোম্পানীটোৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অংশ হিচাপে এই পদক্ষেপ হাতত লৈছে। এই অভিযান ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু জিলা প্ৰশাসনৰ সহযোগত ৰূপায়ণ কৰা হৈছে। ১৯ আগষ্টত গুৱাহাটী মহানগৰীত এই সাহায্য কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে।শেহতীয়া পৰিস্থিতি আৰু প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি শিৱসাগৰ জিলাৰ নিমাইজান গাঁৱৰ পৰা এই সাহায্য বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। এই কাৰ্যসূচীয়ে ক্ৰমান্বয়ে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানাক্ৰান্ত অঞ্চলসমূহ সামৰি ল’ব।শ্যাম ষ্টীল ইণ্ডাষ্ট্ৰীজ…
Read More
স্কোডা অটো ইণ্ডিয়াই চেডানৰ অগ্ৰগতি সূচনা কৰিবলৈ নতুন শ্লাভিয়া, অক্টাভিয়া আৰএছ আৰু চুপাৰ্ব টিডিআইৰ ওপৰত গুৰুত্ব আৰোপ

স্কোডা অটো ইণ্ডিয়াই চেডানৰ অগ্ৰগতি সূচনা কৰিবলৈ নতুন শ্লাভিয়া, অক্টাভিয়া আৰএছ আৰু চুপাৰ্ব টিডিআইৰ ওপৰত গুৰুত্ব আৰোপ

স্কোডা অটো ইণ্ডিয়াই মুকলি কৰিলে নতুন শ্লাভিয়া বাহন, এই বাহন মুকলিৰ লগে লগে অনন্য শৈলী, নতুন প্ৰযুক্তি, বৰ্ধিত আৰাম আৰু অতিৰিক্ত সুৰক্ষা বৈশিষ্ট্যৰে চেডান পৰ্টফলিঅ’ অধিক শক্তিশালী হৈ পৰিছে। কোম্পানীটোৱে ভাৰতীয় বজাৰত অক্টাভিয়া আৰএছ আৰু একেবাৰে নতুন চুপাৰ্ব টিডিআইৰ প্ৰত্যাৱৰ্তনৰ কথাও ঘোষণা কৰিছে। নতুন শ্লাভিয়াত চিকুৱেন্সিয়েল টাৰ্ন ইণ্ডিকেটৰৰ সৈতে সম্পূৰ্ণ নতুন এলইডি হেডলেম্প আৰু টেইললেম্প, সংশোধিত সন্মুখ আৰু পিছফালৰ শৈলী আৰু নতুন এলয় হুইলৰ ডিজাইন প্ৰদান কৰা হৈছে। এই শ্ৰেণীত প্ৰথমবাৰৰ বাবে, চেডানখনে পিছৰ ছীটত আৰামদায়ক সুবিধা আৰু ১.০ টিএছআই ইঞ্জিনৰ সৈতে এটা এইট-স্পীড টৰ্ক কনভাৰ্টাৰ অটোমেটিক ট্ৰেন্সমিচন আগবঢ়াব। লগতে চিক্স-স্পীড মেনুৱেল আৰু ১.৫ টিএছআইৰ সৈতে চেভেন-স্পীড ডিএছজি বিকল্পসমূহো অব্যাহত…
Read More
বাজাজ ফিনচাৰ্ভ ফ্লেক্সি কেপ ফাণ্ডৰ তিনি বছৰত ১৮.২১% চিএজিআৰ অৰ্জন

বাজাজ ফিনচাৰ্ভ ফ্লেক্সি কেপ ফাণ্ডৰ তিনি বছৰত ১৮.২১% চিএজিআৰ অৰ্জন

বাজাজ ফিনচাৰ্ভ মিউচুৱেল ফাণ্ডৰ ধ্বজাবাহী প্লেন বাজাজ ফিনচাৰ্ভ ফ্লেক্সি কেপ ফাণ্ডে সফলতাৰে ৩ বছৰ সম্পূৰ্ণ কৰিছে। ২০২৩ চনৰ ১৪ আগষ্টত মুকলি হোৱা এই ফাণ্ডৰ ডাইৰেক্ট প্লেন-গ্ৰওথ বিকল্পই ২০২৬ চনৰ ১৩ আগষ্ট পৰ্যন্ত ১৮.২১% চিএজিআৰ ৰিটাৰ্ন দিবলৈ সক্ষম হৈছে। ইয়াৰ বিপৰীতে, একে সময়ছোৱাত বেঞ্চমাৰ্ক বিএছই ৫০০ টিআৰআই-এ ১২.৭৪% ৰিটাৰ্ন দিছে। আনহাতে, ফাণ্ডৰ ৰেগুলাৰ প্লেন-গ্ৰওথ বিকল্পই একে সময়ছোৱাতে ১৬.৫৯% চিএজিআৰ লাভ প্ৰদান কৰিছে। সমগ্ৰ বজাৰ চক্ৰটোৰ কথা ক’বলৈ গ’লে, ডাইৰেক্ট প্লেনে ৬৫.২% এবচল্যুট ৰিটাৰ্ন লাভ কৰিছে, যি বেঞ্চমাৰ্কৰ ৪৩.৩%তকৈ বহু বেছি। একে সময়তে ৰেগুলাৰ প্লেনে ৫৮.৫% ৰিটাৰ্ন দিবলৈ সক্ষম হৈছে। এই প্লেন আৰম্ভ হোৱাৰ সময়ত ডাইৰেক্ট প্লেনত কৰা ১০,০০০ টকাৰ বিনিয়োগ বৰ্তমান…
Read More
প্ৰিমিয়াম আৰু বীমা বৃদ্ধিয়ে সূচাইছে সুৰক্ষিত ভৱিষ্যতৰ দিশ

প্ৰিমিয়াম আৰু বীমা বৃদ্ধিয়ে সূচাইছে সুৰক্ষিত ভৱিষ্যতৰ দিশ

বৰ্তমান সময়ত জীৱনৰ দায়িত্বসমূহ সলনিৰ লগে লগে ভাৰতীয় গ্ৰাহকসকলে অধিক সুৰক্ষা আৱৰণযুক্ত জীৱন বীমা পলিচী বাছনি কৰিবলৈ আৰম্ভ কৰিছে। ইঞ্চুৰেন্স ইনফৰ্মেচন ব্যুৰ' অৱ ইণ্ডিয়া(আইআইবি)ই সংকলন কৰা ২০২১ বিত্তীয় বৰ্ষৰ পৰা ২০২৫ বিত্তীয় বৰ্ষৰ ব্যৱসায়িক তথ্যৰ এক বিশ্লেষণত এই কথা প্ৰকাশ পাইছে। এই ৫ বছৰীয়া সময়ছোৱাৰ বিশ্লেষণে দেখুৱাইছে যে গ্ৰাহকসকলে কম মূল্যৰ পলিচীৰ পৰিৱৰ্তে ডাঙৰ মূল্য বা অংকৰ জীৱন বীমাৰ ফালে ঢাপলি মেলিছে। তথ্য অনুসৰি, ২ লাখৰ পৰা ৫ লাখ টকাৰ ভিতৰত বীমাকৃত পলিচীৰ অংশ ৫.৬ শতাংশ বৃদ্ধি পাইছে। একেদৰে, ১০ লাখৰ পৰা ২৫ লাখ টকাৰ শ্ৰেণীটোৰ পলিচী ২ শতাংশ বৃদ্ধি পাইছে। আটাইতকৈ লক্ষণীয়ভাৱে, ৫০ লাখ টকাতকৈ অধিক বীমাকৃত পলিচীৰ সংখ্যা…
Read More