বৰ্তমান সময়ত জীৱনৰ দায়িত্বসমূহ সলনিৰ লগে লগে ভাৰতীয় গ্ৰাহকসকলে অধিক সুৰক্ষা আৱৰণযুক্ত জীৱন বীমা পলিচী বাছনি কৰিবলৈ আৰম্ভ কৰিছে। ইঞ্চুৰেন্স ইনফৰ্মেচন ব্যুৰ’ অৱ ইণ্ডিয়া(আইআইবি)ই সংকলন কৰা ২০২১ বিত্তীয় বৰ্ষৰ পৰা ২০২৫ বিত্তীয় বৰ্ষৰ ব্যৱসায়িক তথ্যৰ এক বিশ্লেষণত এই কথা প্ৰকাশ পাইছে। এই ৫ বছৰীয়া সময়ছোৱাৰ বিশ্লেষণে দেখুৱাইছে যে গ্ৰাহকসকলে কম মূল্যৰ পলিচীৰ পৰিৱৰ্তে ডাঙৰ মূল্য বা অংকৰ জীৱন বীমাৰ ফালে ঢাপলি মেলিছে। তথ্য অনুসৰি, ২ লাখৰ পৰা ৫ লাখ টকাৰ ভিতৰত বীমাকৃত পলিচীৰ অংশ ৫.৬ শতাংশ বৃদ্ধি পাইছে।
একেদৰে, ১০ লাখৰ পৰা ২৫ লাখ টকাৰ শ্ৰেণীটোৰ পলিচী ২ শতাংশ বৃদ্ধি পাইছে। আটাইতকৈ লক্ষণীয়ভাৱে, ৫০ লাখ টকাতকৈ অধিক বীমাকৃত পলিচীৰ সংখ্যা ৬৮ শতাংশলৈ বৃদ্ধি পাইছে। ২০২১ বিত্তীয় বৰ্ষত এই শ্ৰেণীত ৪.৪ নিযুত পলিচী থকাৰ বিপৰীতে ২০২৫ বিত্তীয় বৰ্ষত ই ৭.৪ নিযুতলৈ বৃদ্ধি পাইছে, যাৰ পৰা ৯৭৫ বিলিয়ন টকাৰ বাৰ্ষিক প্ৰিমিয়াম সংগ্ৰহ হৈছে। আনহাতে, ২ লাখ টকা বা তাতকৈ কম মূল্যৰ সক্ৰিয় পলিচীৰ হাৰ বিত্তীয় বৰ্ষ ২০২১ত ৬৫.১ শতাংশৰ পৰা হ্ৰাস পাই বিত্তীয় বৰ্ষ ২০২৫ত ৫৩.৬ শতাংশ হৈছে। যোৱা ৫ বছৰত সক্ৰিয় পলিচীৰ মুঠ সংখ্যা প্ৰায় ৩৪৩ নিযুততে স্থিৰ হৈ আছে যদিও প্ৰতিটো পলিচীৰ গড় বাৰ্ষিক প্ৰিমিয়াম(১৫,৫৬৭ টকাৰ পৰা ২২,১৯৫ টকালৈ) ৪২.৬ শতাংশ বৃদ্ধি পাইছে।
ইঞ্চুৰেন্স এৱেৰনেছ কমিটী(আইএচি)-লাইফৰ অধ্যক্ষ কমলেশ ৰাৱে এই বিষয়ে কয় যে, এই প্ৰৱণতাই প্ৰমাণ কৰে যে ভাৰতীয় গ্ৰাহকে এতিয়া জীৱন বীমাক কেৱল এককালীন খৰচ বা কৰ ৰেহাইৰ আহিলা হিচাপে গণ্য নকৰি এক দীৰ্ঘম্যাদী বিত্তীয় সুৰক্ষা কৱচ হিচাপে গ্ৰহণ কৰিছে। আইএচি-লাইফে জনোৱা অনুসৰি উপাৰ্জন বৃদ্ধি, মুদ্ৰাস্ফীতি, সজাগতা বৃদ্ধি আৰু বিশেষকৈ ক’ভিড-১৯ মহামাৰীৰ পৰৱৰ্তী পৰিস্থিতিয়ে মানুহক বিত্তীয় সুৰক্ষাৰ গুৰুত্ব বুজাত সহায় কৰিছে। ইয়াৰ উপৰিও বীমা প্ৰতিষ্ঠানসমূহে গ্ৰাহকৰ প্ৰয়োজন অনুসৰি বিশেষভাৱে তৈয়াৰ কৰা পলিচীসমূহ বজাৰলৈ অনাৰ বাবেও যথেষ্ট চাহিদা বাঢ়িছে। কম বয়সতে বীমা আৰম্ভ কৰিলে কম প্ৰিমিয়ামত অধিক সুৰক্ষা পোৱা যায় আৰু পাছলৈ দায়িত্ব বাঢ়িলে কভাৰেজো বৃদ্ধি কৰিব পাৰি বুলি সমিতিয়ে সদৰী কৰে।
