10
Jul
এছবিআই ফাণ্ডচ মেনেজমেণ্ট লিমিটেডে ঘোষণা কৰিছে যে নিজৰ প্ৰথমটো আইপিঅ' অহা ১৪ জুলাইত জনসাধাৰণৰ গ্ৰাহকভুক্তিৰ বাবে মুকলি হ’ব আৰু ১৬ জুলাইত বন্ধ হ’ব। ১ টকা ফেচ ভেল্যুৰ প্ৰতিটো ইকুইটি শ্বেয়াৰৰ বাবে মূল্যৰ পৰিসৰ বা প্ৰাইচ বেণ্ড ৫৪৫ টকাৰ পৰা ৫৭৪ টকা ধাৰ্য কৰা হৈছে। এংকৰ ইনভেষ্টৰসকলৰ বাবে বিডিং প্ৰক্ৰিয়া ১৩ জুলাইত অনুষ্ঠিত হ’ব। বিনিয়োগকাৰীসকলে নূন্যতম ২৬টা ইকুইটি শ্বেয়াৰ আৰু তাৰ পিছত ২৬ৰ গুণিতক হিচাপত বিড-আবেদন কৰিব পাৰিব। এই আইপিঅ' সম্পূৰ্ণৰূপে এটা অফাৰ-ফৰ-চেল, যাৰ অধীনত ২০৩.৭১ নিযুত পৰ্যন্ত ইকুইটি শ্বেয়াৰ বিক্ৰী কৰা হ’ব। প্ৰাইচ বেণ্ডৰ নিম্নসীমা অনুসৰি নিজৰ মুঠ আকাৰ প্ৰায় ১১,১০২ কোটি টকা আৰু উচ্চসীমা অনুসৰি প্ৰায় ১১,৬৯২ কোটি টকা…
