বিশ্বকাপ কেৰিয়াৰ সামৰিলে ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে

২০২৬ ফুটবল বিশ্বকাপৰ ‘ৰাউণ্ড অৱ ১৬’ মেচত স্পেইনৰ হাতত ১-০ গ’লত পৰাজিত হৈ বিশ্বকাপৰ পৰা বিদায় লৈছে পৰ্তুগালে।এই পৰাজয়ৰ লগে লগে ফুটবল জগতৰ অন্যতম মহান খেলুৱৈ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ বিশ্বকাপ জয়ৰ সপোন চকুৰ পানীৰে সমাপ্ত হয়।খেলৰ শেষৰ মুহূৰ্তত স্পেইনৰ খেলুৱৈ মিকেল মেৰিনোৱে দিয়া নিৰ্ণায়ক গ’লটোৱে স্পেইনক কোৱাৰ্টাৰ ফাইনেললৈ লৈ যায়। ৪১ বছৰীয়া ৫ বাৰৰ বেলন ডি’অৰ বিজয়ী ৰোনাল্ডোৰ বাবে এয়া অন্তিমখন বিশ্বকাপ খেল আছিল। অভিলেখ সৃষ্টিকাৰী ৬খন বিশ্বকাপত গ’ল কৰা ৰোনাল্ডোৱে কেৰিয়াৰত ৯৭৬টা গ’ল কৰিছে যদিও ফুটবলৰ আটাইতকৈ ডাঙৰ ট্ৰফীটো জিকাৰ সপোন তেওঁৰ আধৰুৱা হৈ ৰ’ল। ৪১ বছৰীয়া তৰকা ৰোনাল্ডোৱে সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰে যে এয়া তেওঁৰ জীৱনৰ শেষ বিশ্বকাপ আছিল।

কিন্তু খেলপথাৰৰ পৰা বিদায় লৈ দুখ প্ৰকাশ কৰিলেও তেওঁ নিজৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ ভৱিষ্যতক লৈ কোনো ধৰণৰ খৰখেদা সিদ্ধান্ত ল’বলৈ অস্বীকাৰ কৰে। ৰোনাল্ডোৱে কয়-বিশ্বকাপৰ পৰা এইদৰে বিদায় লোৱাটো সঁচাকৈয়ে দুখজনক। মই মোৰ শ্ৰেষ্ঠখিনি উজলাই দিছিলোঁ। এয়া মোৰ শেষ বিশ্বকাপ আছিল, কিন্তু এতিয়া মই মোৰ পৰিয়ালৰ সৈতে সময় কটাই কথাবোৰ চিন্তা কৰিবলৈ অলপ সময় ল’ম। মই উগুল-থুগুল মনোভাৱেৰে কোনো খৰখেদা সিদ্ধান্ত নলওঁ।পৰ্তুগালক ২০১৬ চনৰ ইউৰো কাপ, ২০১৯ আৰু ২০২৫ চনৰ নেচনছ লীগ জয় কৰাত মুখ্য ভূমিকা লোৱা ৰোনাল্ডোৱে নিজৰ দেশৰ হৈ খেলাক লৈ গৌৰৱ প্ৰকাশ কৰে।

তেওঁ উল্লেখ কৰে যে তেওঁ অহাৰ পূৰ্বে পৰ্তুগালে এটাও ডাঙৰ খিতাপ জিকিব পৰা নাছিল। তেওঁৰ বাবে ২০১৬ চনৰ ইউৰো কাপ জয়ৰ গুৰুত্ব বিশ্বকাপ জয়ৰ সমানেই আছিল। এই পৰাজয়ৰ লগে লগে পৰ্তুগালৰ মেনেজাৰ ৰবাৰ্টো মাৰ্টিনেজেও দলৰ দায়িত্ব ত্যাগ কৰিছে, যাৰ বাবে ৰোনাল্ডোৱে তেওঁক ধন্যবাদ আৰু শুভকামনা জ্ঞাপন কৰে। বৰ্তমান অল-নাছৰ ক্লাবৰ হৈ খেলা ফৰৱাৰ্ডজনে দলৰ প্ৰদৰ্শনক লৈ সন্তুষ্টি প্ৰকাশ কৰি কয় যে তেওঁলোকে মূৰ ওপৰ কৰি এই প্ৰতিযোগিতাৰ পৰা বিদায় লৈছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *