ফিফা বিশ্বকাপ ২০২৬-ৰ গ্ৰুপ পৰ্যায়ৰ খেলসমূহ প্ৰায় শেষ হোৱাৰ দিশে গতি কৰিছে আৰু ‘ৰাউণ্ড অৱ ৩২’-ৰ দলসমূহ লাহে লাহে স্পষ্ট হৈ পৰিছে। ২৭ জুনত গ্ৰুপ পৰ্যায়ৰ খেলসমূহ সমাপ্ত হ’ব। ইতিমধ্যে কেইবাখনো দেশে নকআউট পৰ্যায়ত নিজৰ স্থান সুৰক্ষিত কৰিছে, আনহাতে আন কিছুমান দেশৰ বিশ্বকাপ খেলাৰ সপোন ইয়াতেই অন্ত পৰিছে। নকআউট পৰ্যায়ত মুঠ ৩২টা দলে প্ৰতিযোগিতা কৰিব। ইয়াৰে ২৪টা দলে গ্ৰুপ পৰ্যায়ৰ পইণ্ট তালিকাৰ ভিত্তিত পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰিব আৰু বাকী থকা গ্ৰুপসমূহৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ প্ৰদৰ্শন কৰা ৮টা তৃতীয় স্থানৰ দলেও পৰৱৰ্তী ৰাউণ্ডলৈ উন্নীত হ’ব ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনা, সহ-আয়োজক মেক্সিকো, পাঁচবাৰৰ চেম্পিয়ন ব্ৰাজিল, জাৰ্মানী, ফ্ৰান্স আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই ইতিমধ্যে পৰৱৰ্তী ৰাউণ্ডত নিজৰ স্থান নিশ্চিত কৰিছে। নকআউট পৰ্যায়ত স্থান নিশ্চিত কৰা দলসমূহ হৈছে আৰ্জেণ্টিনা, ব্ৰাজিল, কানাডা, কলম্বিয়া, ইকুৱেডৰ, ফ্ৰান্স, জাৰ্মানী, আইভৰি ক’ষ্ট, জাপান, মেক্সিকো, মৰক্কো, নেদাৰলেণ্ড, নৰৱে, দক্ষিণ আফ্ৰিকা, চুইডেন, চুইজাৰলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু বছনিয়া এণ্ড হাৰ্জেগোভিনা। লিয়নেল মেছিৰ নেতৃত্বত আৰ্জেণ্টিনাই গ্ৰুপ ‘জে’-ৰ পৰা যোগ্যতা অৰ্জন কৰিছে।
এইবাৰো তেওঁলোক বিশ্বকাপ খিতাপ অক্ষুণ্ণ ৰখাৰ বাবে অন্যতম প্ৰবল দাবীদাৰ হিচাপে আছে। মেছিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ ফলত দক্ষিণ আমেৰিকাৰ এই দলটোৱে সহজে ৰাউণ্ড অৱ ৩২-ত প্ৰৱেশ কৰিছে। আনহাতে, সহ-আয়োজক মেক্সিকোৱে গ্ৰুপ পৰ্যায়ত আটাইকেইখন মেচতে জয়লাভ কৰি এক সুন্দৰ অভিলেখ গঢ়িছে। চেক গণৰাজ্যৰ বিৰুদ্ধে ৩-০ ব্যৱধানত জয়লাভ কৰি মেক্সিকোৱে ইতিহাসত প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ আটাইকেইখন খেল জিকিবলৈ সক্ষম হৈছে। আনহাতে, প্ৰথমখন খেলত মৰক্কোৰ সৈতে ড্ৰ’ খেলাৰ পিছত, ব্ৰাজিলে হাইটি আৰু স্কটলেণ্ডৰ বিৰুদ্ধে সুন্দৰভাৱে জিকি গ্ৰুপ ‘চি’-ৰ শীৰ্ষস্থান দখল কৰে। তাৰকা খেলুৱৈ ভিনিচিয়াছ জুনিয়ৰে গ্ৰুপ পৰ্যায়ৰ তিনিওখন মেচতে গ’ল দি পাঁচবাৰৰ চেম্পিয়ন দলটোক আগুৱাই লৈ যায়। কানাডাই প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ নকআউট ৰাউণ্ডত প্ৰৱেশ কৰি ইতিহাস সৃষ্টি কৰিছে। এই সহ-আয়োজক দেশখনে কাটাৰক ৬-০ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপৰ ইতিহাসত নিজৰ প্ৰথমটো জয় লাভ কৰে।
ইকুৱেডৰৰ হাতত শেষৰখন খেলত পৰাজিত হোৱা স্বত্বেও জাৰ্মানীয়ে গ্ৰুপ ‘ই’ -ৰ শীৰ্ষস্থান দখল কৰে। আনহাতে ফ্ৰান্সে প্ৰথম দুয়োখন খেলত জয়লাভ কৰাৰ বাবেই নৰৱেৰ বিৰুদ্ধে খেলাৰ আগতেই নকআউট নিশ্চিত কৰি থৈছিল। গ্ৰুপ পৰ্যায়ত ভাল প্ৰদৰ্শন কৰিব নোৱাৰাৰ বাবে কেইবাখনো দেশ ইতিমধ্যে এই প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। বাদ পৰা দলসমূহ হৈছে কুৰাকাও, চেক গণৰাজ্য, হাইটি, জৰ্ডান, পানামা, কাটাৰ, টিউনিছিয়া আৰু তুৰস্ক। যদিও ১৮টা দলে ইতিমধ্যে যোগ্যতা অৰ্জন কৰিছে, তথাপিও গ্ৰুপ পৰ্যায়ৰ শেষৰ খেলকেইখনৰ আগত কেইবাটাও স্থান এতিয়াও খালী আছে। গ্ৰুপ ‘কে’-ৰ পৰা পৰ্তুগাল এতিয়াও দৌৰত আছে। ইয়াৰ উপৰিও আন কেইবাটাও গ্ৰুপৰ পৰা পোনপটীয়া কোৱালিফায়াৰ আৰু শ্ৰেষ্ঠ তৃতীয় স্থানৰ দলসমূহ কোন হ’ব, সেয়া থিৰাং হ’বলৈ বাকী আছে। ফিফা বিশ্বকাপ ২০২৬-ৰ ‘ৰাউণ্ড অৱ ৩২’ অহা ২৯ জুনৰ পৰা আৰম্ভ হ’ব, য’ত দলসমূহে শেষ ১৬ বা প্ৰি-কোৱাৰ্টাৰ ফাইনেলত স্থান পাবলৈ নকআউট যুঁজত অৱতীৰ্ণ হ’ব।
