দাম্পত্য জীৱন আৰম্ভ কৰিছিল মাত্ৰ সাত মাহ পূৰ্বে। নতুন সপোন আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ মাজতেই হঠাতে আক্ৰান্ত হৈছিল ডেংগুত। অৱশেষত মাৰাত্মক এই ৰোগৰ সৈতে যুঁজ দি প্ৰাণ হেৰুৱালে ২৭ বছৰীয়া এজন যুৱকে।
কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত ৰংগেশ্বৰী গাঁৱত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। মৃত যুৱকজন হৈছে ৰংগেশ্বৰী গাঁৱৰ ৰমজান আলীৰ পুত্ৰ আকিবুল হক।
পৰিয়াল আৰু স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, কেইবাদিনো ধৰি তীব্ৰ জ্বৰত ভুগি আছিল আকিবুল। শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত প্ৰায় ছয় দিন পূৰ্বে তেওঁক গুৱাহাটীৰ জি এন আৰ চি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
চিকিৎসাধীন অৱস্থাতে বুধবাৰে দুপৰীয়াৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰে যুৱকজনে। চিকিৎসাৰ সময়ত তেওঁ ডেংগু ৰোগত আক্ৰান্ত হোৱা বুলি ধৰা পৰিছিল।
মাত্ৰ সাত মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল আকিবুল। বিবাহৰ কিছুদিনৰ ভিতৰতে তেওঁৰ এই অকাল মৃত্যুৱে পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলটোতে সৃষ্টি কৰিছে গভীৰ শোকৰ ছাঁ।
