ইমাৰ্জেন্সি ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসৰ এক অন্ধকাৰ অধ্যায়ঃ হিমন্ত বিশ্ব শৰ্মা

দেশৰ গণতান্ত্ৰিক মূল্যবোধ আৰু নাগৰিক স্বাধীনতাক দমন কৰাৰ উদ্দেশ্যেৰে ১৯৭৫ চনত আৰোপ কৰা হৈছিল ইমাৰ্জেন্সি। ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসত সেই সময়ছোৱা এক অন্ধকাৰ অধ্যায় বুলি অভিহিত কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইমাৰ্জেন্সি আৰোপৰ বাৰ্ষিকী উপলক্ষে বৃহস্পতিবাৰে সামাজিক মাধ্যমত প্ৰকাশ কৰা এক বাৰ্তাত এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। গণতন্ত্ৰ সুৰক্ষিত ৰাখিবলৈ সংগ্ৰাম কৰা লোকসকলকো এই উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তেওঁ।

হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে, দেশৰ গণতান্ত্ৰিক মূল্যবোধ আৰু নাগৰিক স্বাধীনতাক পদদলিত কৰাৰ প্ৰচেষ্টাৰে সেই সময়ত ইমাৰ্জেন্সি জাৰি কৰা হৈছিল। গণতন্ত্ৰ ৰক্ষাৰ বাবে যিসকল সাহসী যুঁজাৰুৱে সংগ্ৰাম কৰিছিল, তেওঁলোকৰ ত্যাগ আৰু অৱদানকো স্মৰণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

আনহাতে, গণতন্ত্ৰ সুৰক্ষাৰ বাবে ইমাৰ্জেন্সিৰ সময়ত প্ৰতিবাদ সাব্যস্ত কৰা সকলো যুঁজাৰুলৈ শ্ৰদ্ধা জ্ঞাপন কৰে তেওঁ। দেশৰ গণতান্ত্ৰিক ব্যৱস্থা অক্ষুণ্ণ ৰখাত তেওঁলোকৰ অৱদান চিৰস্মৰণীয় বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, সংবিধানৰ ৩৫২ নং অনুচ্ছেদৰ অধীনত ১৯৭৫ চনৰ ২৫ জুনত ইমাৰ্জেন্সি ঘোষণা কৰা হৈছিল। ১৯৭৭ চনৰ ২১ মাৰ্চলৈকে বলবৎ আছিল এই ব্যৱস্থা।

২০২৫ চনৰ পৰা কেন্দ্ৰীয় চৰকাৰে ২৫ জুনক ‘সংবিধান হত্যা দিৱস’ হিচাপে পালন কৰি আহিছে। এই সন্দৰ্ভত জাৰি কৰা চৰকাৰী অধিসূচনাত ইমাৰ্জেন্সিৰ সময়ছোৱাত ক্ষমতাৰ ব্যাপক অপব্যৱহাৰ আৰু নাগৰিকৰ ওপৰত বিভিন্ন অত্যাচাৰ সংঘটিত হোৱা বুলি উল্লেখ কৰা হৈছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *