মহানগৰীত পুনৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে। গুৱাহাটীৰ নাৰেংগী কলংপাৰ বজাৰ অঞ্চলত দিন-দুপৰতে ৰাজপথৰ পৰা এখন বিলাসী বাহনৰ গ্লাছ ভাঙি দুষ্কৃতিকাৰীয়ে প্ৰায় ৩০ লাখ টকাৰ সোণৰ অলংকাৰ লুটি লৈ যায়। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে আতংক আৰু চাঞ্চল্যৰ সৃষ্টি কৰিছে।
