ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

এইবাৰ কৃষকৰ গৰ্জনত কঁপিব দিল্লী

এইবাৰ কৃষকৰ গৰ্জনত কঁপিব দিল্লী

CJP নহয়, এইবাৰ কৃষকৰ গৰ্জনত কঁপিব দিল্লী। ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ বিৰোধিতাৰে হাৰিয়ানাৰ পৰা দিল্লীলৈ গাড়ীয়ে গাড়ীয়ে আহিল হাজাৰ হাজাৰ কৃষক। বন্ধ কৰি দিয়া হ'ল শম্ভু বৰ্ডাৰ।প্ৰস্তাবিত ভাৰত-আমেৰিকা বাণিজ্য চুক্তিৰ বিৰুদ্ধে ৰাজধানী দিল্লীত অনুষ্ঠিত হ’বলগীয়া 'কিষাণ মহাপঞ্চায়ত'ক কেন্দ্ৰ কৰি পঞ্জাব-হাৰিয়ানা সীমান্তত তীব্র উত্তেজনাৰ সৃষ্টি হৈছে। "দেশ বাচাও মৰ্চা"ৰ বেনাৰত দিল্লীৰ ঐতিহাসিক 'কিষাণ ঘাট'ত এই একদিনীয়া কৃষক সমাৱেশৰ আহ্বান জনোৱা হৈছে। এই কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যে পঞ্জাব আৰু হাৰিয়ানাৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ কৃষক দিল্লী অভিমুখে ৰাওনা হৈছে। এই আন্দোলনক নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে ভাৰতীয় কিষাণ ইউনিয়নৰ সভাপতি গুৰনাম সিং চাৰুনীক হাৰিয়ানা আৰক্ষীয়ে পথৰ পৰা আটক কৰাক লৈ কৃষকসকলৰ মাজত ক্ষোভ বৃদ্ধি পাইছে।
Read More
গাড়ীৰ পিছত এইবাৰ পাকঘৰ,ৰেষ্টুৰেণ্টত ঠাই ল’ব ইথানলে

গাড়ীৰ পিছত এইবাৰ পাকঘৰ,ৰেষ্টুৰেণ্টত ঠাই ল’ব ইথানলে

পেট্ৰ'লৰ পিছত এইবাৰ ভাৰত চৰকাৰে ইথানল চিলিণ্ডাৰৰ কথা চিন্তা চৰ্চা কৰিছে। এই সন্দৰ্ভত প্ৰাৰম্ভিক প্ৰায় সকলো প্ৰস্তুতি সম্পন্ন কৰিছে কেন্দ্ৰীয় চৰকাৰে। ঘৰুৱা পাকঘৰৰ ইন্ধন খণ্ডত এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ এখন নতুন নীতিৰ খচৰাও প্ৰস্তুত কৰা হৈছে। এই আঁচনি অনুসৰি, অনাগত দিনত ভাৰতীয় গ্ৰাহকে এলপিজি চিলিণ্ডাৰ (LPG) অৰ্থাৎ ৰন্ধন গেছৰ পৰিৱৰ্তে ইথানল (Ethanol) ব্যৱহাৰ কৰি খাদ্য ৰান্ধিব পাৰিব। গাড়ীৰ পিছত এইবাৰ পাকঘৰ,ৰেষ্টুৰেণ্টত ঠাই ল'ব ইথানলে।LPGৰ বিকল্প হ'ব ইথানল।ডাঙৰ সিদ্ধান্ত মোদী চৰকাৰৰ।ছেপ্তেম্বৰৰ ভিতৰত ঘোষণা হোৱাৰ সম্ভাৱনা কেন্দ্ৰৰ নতুন নীতি।এলপিজি চিলিণ্ডাৰৰ ক্ৰমাগত বৰ্ধিত মূল্যৰ তুলনাত ইথানল যথেষ্ট সুলভ হ’ব। চৰকাৰী প্ৰতিবেদন অনুসৰি, ইথানল ব্যৱহাৰ কৰিলে গ্ৰাহকৰ ৰন্ধন ইন্ধনৰ মাহিলী খৰচ প্ৰায় ৩০% ৰ…
Read More
বিশ্বজুৰি তেলৰ মূল্য ৫শতাংশ বৃদ্ধি…

বিশ্বজুৰি তেলৰ মূল্য ৫শতাংশ বৃদ্ধি…

মধ্যপ্ৰাচ্যত পুনৰ সৃষ্টি হোৱা তীব্ৰ সামৰিক উত্তেজনাৰ মাজতে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি আৰু অৰ্থনীতিত এক ডাঙৰ জোকাৰণি দেখিবলৈ পোৱা গৈছে।আমেৰিকাই ইৰানৰ ওপৰত চলোৱা নতুন সামৰিক আক্ৰমণৰ পাছতেই দুয়োখন দেশৰ মাজত বৰ্তি থকা যুদ্ধবিৰতি চুক্তিৰ অন্ত পৰা বুলি স্পষ্ট ইংগিত দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে।ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই বিস্ফোৰক ঘোষণাৰ লগে লগেই বিশ্ব বজাৰত খাৰুৱা তেলৰ (Crude Oil) মূল্য হঠাতে ৫ শতাংশতকৈও অধিক বৃদ্ধি পাইছে, যাৰ ফলত বিশ্বজুৰি ইন্ধনৰ নাটনি আৰু মুদ্ৰাস্ফীতিৰ আশংকা ঘনীভূত হৈ পৰিছে।তুৰস্কৰ আংকাৰাত অনুষ্ঠিত নাট’ (NATO) সন্মিলনত এক সংবাদ মেল সম্বোধন কৰি ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে অত্যন্ত আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰে।এই সামৰিক সংঘাতৰ কু-প্ৰভাৱ কেৱল তেলৰ বজাৰতে সীমাবদ্ধ থকা নাই, বৰঞ্চ…
Read More
ইৰান-ইজৰাইল সংঘাতত নতুন উত্তেজনা: আন্তঃৰাষ্ট্ৰীয় চুক্তি নামানে ইজৰাইলে, ট্ৰাম্পক প্ৰত্যাহ্বান

ইৰান-ইজৰাইল সংঘাতত নতুন উত্তেজনা: আন্তঃৰাষ্ট্ৰীয় চুক্তি নামানে ইজৰাইলে, ট্ৰাম্পক প্ৰত্যাহ্বান

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি পাইছে উত্তেজনা। ইৰান আৰু আমেৰিকাৰ মাজত সম্ভাৱ্য শান্তি চুক্তিক লৈ চলি থকা আলোচনা সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰিছে ইজৰাইলে। ইজৰাইলৰ পক্ষৰ পৰা স্পষ্টভাৱে জনোৱা হৈছে যে, কোনো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় চুক্তিয়ে দেশখনৰ সুৰক্ষা আৰু সামৰিক সিদ্ধান্তত বাধা আৰোপ কৰিব নোৱাৰিব। এই মন্তব্যক বহু বিশ্লেষকে প্ৰাক্তন আমেৰিকান ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পক লক্ষ্য কৰি দিয়া এক স্পষ্ট বাৰ্তা বুলি গণ্য কৰিছে। ইজৰাইলৰ মতে, ইৰানৰ পাৰমাণৱিক আৰু সামৰিক কাৰ্যকলাপক লৈ কোনো ধৰণৰ আপোচ গ্ৰহণযোগ্য নহয়। ইফালে, ইৰান-আমেৰিকা সম্পৰ্ক উন্নত কৰাৰ প্ৰচেষ্টাৰ মাজতে ইজৰাইলৰ এই কঠোৰ স্থিতিয়ে অঞ্চলটোত নতুন কূটনৈতিক জটিলতাৰ সৃষ্টি কৰিছে। বিষয়টোত আন্তঃৰাষ্ট্ৰীয় মহলৰ দৃষ্টি নিবদ্ধ হৈ আছে।
Read More
বিশ্বৰ সৰ্ববৃহৎ জনবসতিপূৰ্ণ নদীদ্বীপৰ ৪,০০০ বছৰৰ জলবায়ু আৰু উদ্ভিদৰ ইতিহাস পুনৰ্নিৰ্মাণ কৰিলে অধ্যয়নে

বিশ্বৰ সৰ্ববৃহৎ জনবসতিপূৰ্ণ নদীদ্বীপৰ ৪,০০০ বছৰৰ জলবায়ু আৰু উদ্ভিদৰ ইতিহাস পুনৰ্নিৰ্মাণ কৰিলে অধ্যয়নে

এক নতুন অধ্যয়নে অসমৰ মাজুলী দ্বীপ — বিশ্বৰ সৰ্ববৃহৎ জনবসতিপূৰ্ণ নদীদ্বীপ — ৰ প্ৰায় ৪,০০০ বছৰৰ জলবায়ু আৰু উদ্ভিদৰ ইতিহাস পুনৰ্নিৰ্মাণ কৰিছে। দ্বীপটো কেইবাটাও জনজাতিৰ বসতিস্থল আৰু নৱ-বৈষ্ণৱ সংস্কৃতিৰ এক প্ৰধান কেন্দ্ৰ হিচাপে সাংস্কৃতিকভাৱে গুৰুত্বপূৰ্ণ, যিটো এটা সংস্কাৰমূলক বৈষ্ণৱ আন্দোলন। এই অধ্যয়নে মাজুলী দ্বীপৰ জলবায়ুৰ পৰিবৰ্তনশীলতা, উদ্ভিদৰ পৰিৱৰ্তন আৰু বানৰ গতিশীলতাৰ বিষয়ে এক দীৰ্ঘম্যাদী দৃষ্টিভংগী আগবঢ়াইছে আৰু ই বানপীড়িত সম্প্ৰদায়ৰ বাবে অভিযোজন কৌশল গঢ়ি তোলাত সহায় কৰিব পাৰে। দক্ষিণ আৰু পূবে ব্ৰহ্মপুত্ৰ নদী, পশ্চিমে সোৱণশিৰি নদী আৰু উত্তৰে ব্ৰহ্মপুত্ৰৰ এটা শাখাৰ মাজত অৱস্থিত মাজুলী দ্বীপ বাৰম্বাৰ বান আৰু তীব্ৰ গৰাখহনীয়াৰ দ্বাৰা গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈ আহিছে। সাংস্কৃতিক গুৰুত্বৰ বাবে ইউনেস্ক’ৰ অস্থায়ী…
Read More
পুনৰ আন এক ভয়ংকৰ গুলীচালনা

পুনৰ আন এক ভয়ংকৰ গুলীচালনা

অষ্ট্ৰেলিয়াৰ ছিডনীৰ ব'ণ্ডি বীচত ভয়ংকৰ গুলীচালনাৰ ঘটনা । এই ঘটনাত বৰ্তমানলৈ ১৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হয় । নিহতসকলৰ ভিতৰত এজন আক্ৰমণকাৰীও আছে বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে জনোৱা মতে আন এজন আক্ৰমণকাৰীৰ অৱস্থা সংকটজনক । গুলীচালনা কৰা লোকসকল পিতৃ-পুত্ৰ বুলি কৰ্তৃপক্ষই জনায় ৷১০ গৰাকী সাধাৰণ লোকৰ মৃত্যু ইতিমধ্যে নিশ্চিত হৈছে । নিহতৰ ভিতৰত এজন আক্ৰমণকাৰী বুলি অনুমান কৰা হৈছে । দ্বিতীয়জন অভিযুক্তৰো অৱস্থা সংকটজনক । বৰ্তমানলৈ ১১ গৰাকী লোক আহত হোৱাৰ খবৰ পোৱা গৈছে, ইয়াৰ ভিতৰত দুগৰাকী আৰক্ষী বিষয়াও আছে ।নিউ ছাউথ ৱেলছ আৰক্ষীয়ে বীচ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ সতৰ্কবাণী জাৰি…
Read More
অৱশেষত ঘোষণা কৰা হ’ল বাংলাদেশৰ ৰাষ্ট্ৰীয় নিৰ্বাচনৰ দিন

অৱশেষত ঘোষণা কৰা হ’ল বাংলাদেশৰ ৰাষ্ট্ৰীয় নিৰ্বাচনৰ দিন

অৱশেষত ঘোষণা কৰা হ'ল বাংলাদেশৰ ৰাষ্ট্ৰীয় নিৰ্বাচনৰ দিন ৷ ২০২৬ চনৰ ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব বাংলাদেশৰ ৰাষ্ট্ৰীয় সাধাৰণ নিৰ্বাচন । ২০২৪ চনৰ আগষ্ট মাহত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক পদচ্যুত কৰা ছাত্ৰ নেতৃত্বাধীন বিদ্ৰোহৰ পিছত এইটোৱেই হ’ব দেশখনৰ প্ৰথমটো ৰাষ্ট্ৰীয় নিৰ্বাচন । একেদিনাই "জুলাই চনদ"ৰ ওপৰতো ৰাষ্ট্ৰীয় গণভোটৰ অনুষ্ঠিত হ'ব, য'ত কাৰ্যবাহী ক্ষমতা ৰোধ কৰা আৰু ন্যায়িক স্বাধীনতা শক্তিশালী কৰাকে ধৰি ৰাজ্যিক প্ৰতিষ্ঠানসমূহৰ উল্লেখযোগ্য সংস্কাৰৰ প্ৰস্তাৱ ৰখা হ'ব ।বাংলাদেশ সংসদৰ মুঠ ৩০০ খন আসনৰ বাবে অনুষ্ঠিত হ'ব এই নিৰ্বাচন । দেশখনৰ মুখ্য নিৰ্বাচন আয়ুক্ত এ এম এম নাছিৰ উদ্দিনে বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় টেলিভিছন "বি টিভি" আৰু ৰাষ্ট্ৰীয় ৰেডিঅ’ "বাংলাদেশ বেতাঁৰ"ত দেশবাসীক সম্বোধি…
Read More
পুটিনক ৰাছিয়ান ভাষাত অনুদিত ‘গীতা’ উপহাৰ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে

পুটিনক ৰাছিয়ান ভাষাত অনুদিত ‘গীতা’ উপহাৰ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে

বৃহস্পতিবাৰে সন্ধিয়া ভাৰতত পদাৰ্পণ কৰা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক ৰাছিয়ান ভাষাত অনুদিত এখন 'গীতা' উপহাৰ দিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । পৱিত্ৰ গ্ৰন্থখন পুটিনক উপহাৰ হিচাপে প্ৰদান কৰি মোদীয়ে কয় যে গীতাৰ শিক্ষাই সমগ্ৰ বিশ্বৰ লাখ লাখ লোকক প্ৰেৰণা দিয়ে ।দুদিনীয়া ভ্ৰমণসূচী লৈ ভাৰতলৈ অহা ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে বৃহস্পতিবাৰে নিশা প্ৰধানমন্ত্ৰী মোদীৰ ৭, লোক কল্যাণ মাৰ্গৰ বাসগৃহত ব্যক্তিগতভাৱে ৰাতিৰ আহাৰ গ্ৰহণ কৰে । তাতেই তেওঁক 'গীতা' উপহাৰ দিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷
Read More
অপৰাধী-গেংষ্টাৰৰ বিৰুদ্ধে ব্ৰাজিলৰ ৰাজধানী ৰিঅ’ ডি জেনেৰ’ বৃহৎ অভিযান

অপৰাধী-গেংষ্টাৰৰ বিৰুদ্ধে ব্ৰাজিলৰ ৰাজধানী ৰিঅ’ ডি জেনেৰ’ বৃহৎ অভিযান

অপৰাধী-গেংষ্টাৰৰ বিৰুদ্ধে ব্ৰাজিলৰ ৰাজধানী ৰিঅ' ডি জেনেৰ' বৃহৎ অভিযান। এতিয়ালৈকে এই অভিযানত প্ৰায় ৮০ জন লোক নিহত হোৱাৰ খবৰ লাভ কৰা গৈছে।এই অভিযানত চাৰিজন আৰক্ষী বিষয়া আৰু প্ৰায় ৮০জন লোক নিহত হোৱাৰ খবৰ লাভ কৰা গৈছে। হতাহতৰ অধিক সংখ্যাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশ্নৰ উত্থাপন কৰিছে।গৱৰ্ণৰ ক্লাউডিঅ’ কাষ্ট্ৰোৱে ভিডিঅ’ বিবৃতি প্ৰকাশ কৰি কয় যে, বৃহৎ পৰিসৰৰ আৰক্ষী অভিযানত ৬০ জন অভিযুক্ত অপৰাধীক নিৰ্মূল কৰা হৈছে আৰু আৰক্ষীয়ে ২৫০ জনতকৈ অধিক গ্ৰেপ্তাৰ আৰু চাৰ্চ ৱাৰেণ্ট জাৰি কৰিছে। কাষ্ট্ৰোৱে আৰু কয় যে, ৮১ জন লোকক আটক কৰি অস্ত্ৰ-শস্ত্ৰ জব্দ কৰা হৈছে।
Read More
পুনৰ ডাঙৰ ভূমিকম্পই জোকাৰি গ’ল তুৰ্কী

পুনৰ ডাঙৰ ভূমিকম্পই জোকাৰি গ’ল তুৰ্কী

পুনৰ ডাঙৰ ভূমিকম্পই জোকাৰি গ'ল তুৰ্কী। ২০২৩ চনত তুৰস্কত ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ৫৩ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছিল। লগতে বহু অট্টালিকা ধ্বংস হৈ পৰিছিল।ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.১। দেশখনৰ জৰুৰীকালীন সঁহাৰি সংস্থাই জনোৱা মতে, এতিয়ালৈকে ভূমিকম্পৰ ফলত কোনো লোক হতাহতি হোৱাৰ খবৰ আহি পৰা নাই। দুৰ্যোগ আৰু জৰুৰীকালীন ব্যৱস্থাপনা সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি, এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু বালিকেছিৰ প্ৰদেশৰ ছিণ্ডিৰ্গি চহৰত।
Read More