06
Aug
বাজাজ লাইফ ইঞ্চুৰেন্সে উজনি অসমৰ বানপানীৰ দ্বাৰা প্ৰভাৱিত পলিচীহল্ডাৰসকলৰ বাবে এক বিশেষ ক্লেইম সাহায্য কাৰ্যসূচী ৰূপায়ণ কৰিছে। ইয়াৰ অধীনত এক সৰলীকৃত ক্লেইম নিষ্পত্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে, যাতে বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ পৰিয়ালসমূহক দ্ৰুত বিত্তীয় সাহায্য প্ৰদান কৰাটো নিশ্চিত কৰিব পৰা যায়। ব্যক্তিগত খণ্ডৰ জীৱন বীমা কোম্পানীটোৱে জনোৱা মতে এক সুকীয়া ক্লেইম নিষ্পত্তি ডেস্ক স্থাপন কৰা হৈছে আৰু বান পৰিস্থিতিৰ বাবে উদ্ভৱ হোৱা যোগ্য মৃত্যুৰ ক্লেইমসমূহক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে। নথিৰ প্ৰয়োজনীয়তা হ্ৰাস আৰু নিষ্পত্তি প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবে ক্লেইম প্ৰক্ৰিয়াটো সহজ কৰি তোলাই হৈছে এই পদক্ষেপৰ মূল উদ্দেশ্য। এই সৰলীকৃত প্ৰক্ৰিয়াৰ অধীনত…
