এছবিআই লাইফ ইঞ্চুৰেন্সে ২০২৬ বৰ্ষৰ পেৰা স্পৰ্টছ ছিজনৰ বাবে ভাৰতীয় দলৰ মূল সহযোগী হৈ পেৰালিম্পিক কমিটী অৱ ইণ্ডিয়া(পিচিআই)ৰ সৈতে থকা সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিছে। ইয়াৰ লগতে গ্লাছগোত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ পেৰা গেমছ আৰু জাপানৰ আইচি-নাগোয়াত হ’বলগীয়া এছিয়ান পেৰা গেমছত অংশগ্ৰহণ কৰিবলগীয়া এথলীটসকলৰ বাবে এছবিআই লাইফ ইঞ্চুৰেন্স অফিচিয়েল লাইফ ইঞ্চুৰেন্স পাৰ্টনাৰ হিচাপে থাকিব।
এই ঘোষণাই পেৰিছ ২০২৪ পেৰালিম্পিক গেমছৰ সময়ত গঢ়ি উঠা সহযোগিতাৰ পিছত ভাৰতৰ পেৰা-এথলীটসকলৰ সৈতে এছবিআই লাইফৰ অংশগ্ৰহণৰ পৰিসৰ অধিক বৃদ্ধিক বুজাইছে। এই নৱীকৃত অংশীদাৰিত্বৰ অধীনত বীমা প্ৰতিষ্ঠানটোৱে ২০২৬ চনত হ’বলগীয়া দুটা ডাঙৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ বাবে সাজু হোৱা ভাৰতীয় দলটোক সম্পূৰ্ণ সমৰ্থন আগবঢ়াব। এছবিআই লাইফে জনাইছে যে, এই সহযোগিতাৰ উদ্দেশ্য হৈছে ভাৰতৰ আগশাৰীৰ পেৰা-এথলীটসকলৰ সাফল্যক স্বীকৃতি দিয়া আৰু প্ৰসাৰিত কৰা। ইয়াৰ লগতে ক্ৰীড়াৰ ক্ষেত্ৰত উৎকৃষ্টতা অৰ্জনৰ বাবে আত্মবিশ্বাস, প্ৰস্তুতি আৰু সমৰ্থনৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰা হ’ব। কোম্পানীটোৱে কয় যে, এই পদক্ষেপ প্ৰতিষ্ঠানটোৰ ব্ৰেণ্ড দৰ্শনৰ সৈতে সংগতিপূৰ্ণ, যিয়ে ব্যক্তি আৰু পৰিয়ালসমূহক নিশ্চিতিৰে ভৱিষ্যতৰ বাবে সাজু হ’বলৈ উৎসাহিত কৰে।
এছবিআই লাইফৰ ব্ৰেণ্ড, কৰ্পৰেট কমিউনিকেচন আৰু চিএছআৰ বিভাগৰ মুৰব্বী ৰবীন্দ্ৰ শৰ্মাই কয় যে, এই অংশীদাৰিত্বই বিশ্বদৰবাৰত ভাৰতক প্ৰতিনিধিত্ব কৰা এথলীটসকলৰ কাষত থিয় দিয়াৰ বাবে কোম্পানীটোৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে। পিচিআইৰ অধ্যক্ষ দেৱেন্দ্ৰ ঝাঝাৰীয়াই এই ধাৰাবাহিক সমৰ্থনক আদৰণি জনাই উল্লেখ কৰে যে, এছবিআই লাইফে পেৰিছ ২০২৪ পেৰালিম্পিক গেমছৰ সময়তো ভাৰতীয় দলটোক সমৰ্থন কৰিছিল, য’ত ভাৰতে ২৯টা পদক জয় কৰি সৰ্বকালৰ শ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছিল। এই অংশীদাৰিত্বই ২০২৬ বৰ্ষত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে সাজু হোৱা ভাৰতৰ পেৰা-এথলীটসকলক ধাৰাবাহিকভাৱে সহায় কৰিব বুলি আশা কৰা হৈছে। লগতে ই কৰ্পৰেট ইণ্ডিয়া আৰু দেশৰ ক্ৰমান্বয়ে বৃদ্ধি পোৱা পেৰা স্পৰ্টছৰ মাজত থকা সহযোগিতাক অধিক দৃঢ় কৰিব।
