অসমৰ ৰাজ্যপাল আৰু অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ আচাৰ্য্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি মংগলবাৰে বিশ্ববিদ্যালয় চৌহদত ‘বিকশিত ভাৰতৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ পশু স্বাস্থ্য সুৰক্ষা’ শীৰ্ষক আঞ্চলিক সন্মিলনৰ উদ্বোধন কৰে।
অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ে এই সন্মিলনৰ আয়োজন কৰিছিল। উত্তৰ-পূৰ্বাঞ্চলত পশু স্বাস্থ্য সুৰক্ষা শক্তিশালী কৰা আৰু ‘বিকশিত ভাৰত’ৰ দৃষ্টিভংগীক আগুৱাই নিয়া ইয়াৰ মূল উদ্দেশ্য।
সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাষণ দি ৰাজ্যপাল আচাৰ্যই কয় যে ভাৰতৰ সংস্কৃতি, গ্ৰাম্য অৰ্থনীতি আৰু ঐতিহ্যৰ অবিচ্ছেদ্য অংগ হৈ আহিছে পশুধন।
তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্য সুস্থ পশুধন, সমৃদ্ধিশালী কৃষক, পৰিৱেশৰ বহনক্ষমতা আৰু কৃষিত বৈজ্ঞানিক অগ্ৰগতিৰ জৰিয়তে অৰ্জন কৰিব পাৰি।
উত্তৰ-পূৰ্বাঞ্চলৰ অপাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই অঞ্চল জৈৱ বৈচিত্ৰ্য আৰু প্ৰচুৰ প্ৰাকৃতিক সম্পদেৰে সমৃদ্ধ। আধুনিক বিজ্ঞানক পৰম্পৰাগত জ্ঞানৰ সৈতে সংযোজিত কৰি পশুধন উন্নয়নৰ ক্ষেত্ৰত এই অঞ্চল দেশৰ বাবে এক আদৰ্শ হৈ উঠিব পাৰে।
ৰাজ্যপাল আচাৰ্যই আৰু কয় যে পশুৰ স্বাস্থ্য মানুহৰ স্বাস্থ্য, খাদ্য সুৰক্ষা, পৰিৱেশৰ বহনক্ষমতা আৰু অৰ্থনৈতিক উন্নয়নৰ সৈতে ওতপ্ৰোতভাৱে জড়িত।
‘ৱান হেল্থ’ দৃষ্টিভংগীৰ কথা উল্লেখ কৰি তেওঁ কয় যে সুৰক্ষিত খাদ্য উৎপাদন, কৃষকৰ আয় বৃদ্ধি আৰু সুস্থ সমাজ গঢ়াৰ বাবে পশুৰ স্বাস্থ্য নিশ্চিত কৰাটো অতি প্ৰয়োজনীয়। তেওঁ লগতে কয় যে পশু স্বাস্থ্য সুৰক্ষা পশু চিকিৎসাৰ বিষয় হোৱাৰ লগতে ই ৰাষ্ট্ৰ নিৰ্মাণৰ এক অত্যাৱশ্যকীয় অংশ।
পশুধন আৰু মীন খণ্ডৰ বৃদ্ধি ত্বৰান্বিত কৰাৰ বাবে চৰকাৰে লোৱা পদক্ষেপৰ প্ৰশংসা কৰি ৰাজ্যপালে কয় যে পশুৰ মান উন্নত কৰা, গাখীৰ উৎপাদন বৃদ্ধি, দুগ্ধ ব্যৱস্থাৰ আধুনিকীকৰণ আৰু মীন উৎপাদনত স্বাৱলম্বিতা অৰ্জনৰ বাবে ব্যৱস্থা লোৱা হৈছে।
ৰাজ্যপালগৰাকীয়ে লগতে কয় যে লোক ভৱনত পূৰ্বে দুগ্ধ উন্নয়ন আৰু মীন খণ্ডক শক্তিশালী কৰাৰ ওপৰত গুৰুত্বপূৰ্ণ সন্মিলন অনুষ্ঠিত হৈছিল। সেই আলোচনাৰ পৰা ওলাই অহা পৰামৰ্শসমূহ কৃষক আৰু পশুপালকৰ হিতাৰ্থে ৰূপায়ণ কৰাৰ প্ৰচেষ্টা চলি আছে।
বিশ্ববিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানসমূহক গৱেষণা আৰু উদ্ভাৱনা তীব্ৰতৰ কৰিবলৈ আহ্বান জনাই আচাৰ্যই বিজ্ঞানীসকলক গৱেষণাৰ ফলাফল গাঁৱলৈ লৈ গৈ প্ৰত্যক্ষভাৱে কৃষক উপকৃত কৰিবলৈ আহ্বান জনায়।
উত্তৰ-পূৰ্বাঞ্চলৰ বহনক্ষম উন্নয়নৰ বাবে এই সন্মিলনে উদ্ভাৱনীমূলক ধাৰণা, উন্নত প্ৰযুক্তি আৰু শক্তিশালী সহযোগিতাৰ জন্ম দিব বুলি তেওঁ আত্মবিশ্বাস প্ৰকাশ কৰে।
ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই উদ্বোধন কৰিলে পশু স্বাস্থ্য সুৰক্ষাৰ আঞ্চলিক সন্মিলন
