অসমৰ বানাক্ৰান্তসকলৰ বাবে বাজাজ লাইফ ইঞ্চুৰেন্সৰ দ্ৰুত গতিৰ ক্লেইম সাহায্য

বাজাজ লাইফ ইঞ্চুৰেন্সে উজনি অসমৰ বানপানীৰ দ্বাৰা প্ৰভাৱিত পলিচীহল্ডাৰসকলৰ বাবে এক বিশেষ ক্লেইম সাহায্য কাৰ্যসূচী ৰূপায়ণ কৰিছে। ইয়াৰ অধীনত এক সৰলীকৃত ক্লেইম নিষ্পত্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে, যাতে বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ পৰিয়ালসমূহক দ্ৰুত বিত্তীয় সাহায্য প্ৰদান কৰাটো নিশ্চিত কৰিব পৰা যায়। ব্যক্তিগত খণ্ডৰ জীৱন বীমা কোম্পানীটোৱে জনোৱা মতে এক সুকীয়া ক্লেইম নিষ্পত্তি ডেস্ক স্থাপন কৰা হৈছে আৰু বান পৰিস্থিতিৰ বাবে উদ্ভৱ হোৱা যোগ্য মৃত্যুৰ ক্লেইমসমূহক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে। নথিৰ প্ৰয়োজনীয়তা হ্ৰাস আৰু নিষ্পত্তি প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবে ক্লেইম প্ৰক্ৰিয়াটো সহজ কৰি তোলাই হৈছে এই পদক্ষেপৰ মূল উদ্দেশ্য।

এই সৰলীকৃত প্ৰক্ৰিয়াৰ অধীনত নমিনী বা আইনী উত্তৰাধিকাৰীসকলে ক্লেইম আবেদন পত্ৰ, বেংক একাউণ্টৰ সবিশেষ আৰু কেৱাইচি নথিৰ সৈতে স্থানীয় পৌৰ কৰ্তৃপক্ষ, নিৰ্দিষ্ট চৰকাৰী বিষয়া বা হাস্পতাল কৰ্তৃপক্ষই জাৰি কৰা বানপানীৰ বাবে মৃত্যু হোৱাৰ প্ৰমাণ দাখিল কৰিব লাগিব। যিবোৰ ক্ষেত্ৰত মৃত্যুৰ প্ৰমাণপত্ৰ লগে লগে উপলব্ধ নহয়, তেনে ক্ষেত্ৰত হাস্পতাল, আৰক্ষী, সশস্ত্ৰ বাহিনী বা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্তৃপক্ষই জাৰি কৰা চৰকাৰী তালিকাৰ ভিত্তিতো ক্লেইম গ্ৰহণ কৰা হ’ব বুলি কোম্পানীটোৱে প্ৰকাশ কৰিছে। পলিচীধাৰী আৰু নমিনীসকলে বাজাজ লাইফ ইঞ্চুৰেন্সৰ গ্ৰাহক সুৰক্ষা হেল্পলাইন, নিকটৱৰ্তী শাখা, ই-মেইল বা নিৰ্দিষ্ট ন’ডেল বিষয়াৰ জৰিয়তে এই সাহায্য লাভ কৰিব পাৰিব।

পূৰ্বতে বাজাজ এলিয়ান্স লাইফ ইঞ্চুৰেন্স নামেৰে জনাজাত বাজাজ লাইফ ইঞ্চুৰেন্সে বৰ্তমান ৫৯৮টা শাখা আৰু ১.৬১ লাখতকৈও অধিক বীমা উপদেষ্টাৰ জৰিয়তে ৩.৪৭ কোটিতকৈও অধিক গ্ৰাহকক সেৱা আগবঢ়াই আহিছে। ২০২৬ চনৰ ৩১ মে’ পৰ্যন্ত কোম্পানীটোৱে ১.৪০ লাখ কোটি টকাতকৈও অধিক সম্পদ পৰিচালনা কৰিছে, ২০২৫-২৬ বিত্তীয় বৰ্ষত ৯৯.৩৩ শতাংশ ব্যক্তিগত ক্লেইম নিষ্পত্তি অনুপাত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে আৰু ২০২৬ চনৰ ৩১ মাৰ্চ পৰ্যন্ত ২৬৬ শতাংশ আৰ্থিক সুৰক্ষা অনুপাত বজাই ৰাখিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *