ভি ফাউণ্ডেচন আৰু এৰিকছনে ৰবোৎসৱ প্লেটফৰ্মৰ জৰিয়তে প্ৰসাৰ ঘটাইছে ষ্টেম শিক্ষাৰ

ভোডাফোন আইডিয়াৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা শাখা ভি ফাউণ্ডেচনে সমগ্ৰ ভাৰতৰে শিক্ষাৰ্থীসকলৰ মাজত ৰব’টিক্স আৰু কৃত্ৰিম বুদ্ধিমত্তা শিক্ষা সম্প্ৰসাৰণৰ উদ্দেশ্যেৰে এক আন্তঃবিদ্যালয় ৰব’টিক্স প্লেটফৰ্ম ৰবোৎসৱ – দ্য ফেষ্টিভেল অৱ টেকন’লজি মুকলি কৰিবলৈ এৰিকছনৰ সৈতে অংশীদাৰিত্ব কৰিছে। জ্ঞান অংশীদাৰ মইনী ফাউণ্ডেচনৰ সহযোগত ৰব’টিক্স লেব প্ৰগ্ৰেমৰ অধীনত বিকশিত কৰা এই পদক্ষেপৰ লক্ষ্য হৈছে ডিজিটেল আৰু ব্যৱহাৰিক অভিজ্ঞতাৰ সংমিশ্ৰণেৰে ষ্টেম শিক্ষাক অধিক আকৰ্ষণীয় কৰি তোলা।

নতুনকৈ মুকলি কৰা ৰবোৎসৱ ৱেবছাইটে দেশজুৰি ছাত্ৰ-ছাত্ৰীসকলক কুইজ, ৰচনা লিখন প্ৰতিযোগিতা, ব্লগ আৰু ৰব’টিক্স, এআই, থ্ৰীডি প্ৰিণ্টিং, প্ৰগ্ৰামিং, ভাৰ্চুৱেল ৰিয়েলিটি তথা জেনেৰেটিভ এআই সামৰি লোৱা নিৰ্বাচিত শিক্ষণ সমলসমূহ লাভ কৰাৰ সুযোগ প্ৰদান কৰিছে। এটা মুক্ত ডিজিটেল প্লেটফৰ্ম হিচাপে ডিজাইন কৰা এই ৱেবছাইটটোৱে শিক্ষাৰ্থীসকলক নিজৰ গতিৰে দক্ষতা বৃদ্ধি কৰাৰ সুযোগ দিয়ে, আনহাতে উদ্ভাৱন আৰু সহযোগিতাক উৎসাহিত কৰিবলৈ অহা মাহবোৰত অফলাইন প্ৰতিযোগিতাসমূহ আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে। ভোডাফোন আইডিয়াৰ চীফ ৰেগুলেটৰী এণ্ড কৰ্পৰেট এফয়াৰ্ছ অফিচাৰ তথা ভি ফাউণ্ডেচনৰ সঞ্চালিকা অম্বিকা খুৰানাই এই বিষয়ে কয় যে, এই পদক্ষেপে উদীয়মান প্ৰযুক্তিসমূহক অধিক সুলভ কৰি তুলি আৰু যুৱ প্ৰজন্মক ষ্টেম শিক্ষা গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰি ডিজিটেল ইণ্ডিয়া অভিযানক সমৰ্থন কৰিছে।

এৰিকছন ইণ্ডিয়াৰ হেড অৱ ছাষ্টেনেবিলিটি এণ্ড কৰ্পৰেট ৰেচপন্সিবিলিটি সহৰ্ষ চাইমন ডেনিছে কয় যে, ৰবোৎসৱে কৌতুহল বৃদ্ধি কৰা, সমস্যা সমাধানৰ দক্ষতাক শক্তিশালী কৰা আৰু পৰৱৰ্তী প্ৰজন্মৰ প্ৰযুক্তি উদ্ভাৱকসকলক উৎসাহিত কৰাত সহায় কৰিব। ৰব’টিক্স লেব প্ৰগ্ৰেমে বৰ্তমান দেশৰ ৭খন ৰাজ্যত ২০টা ৰব’টিক্স লেব পৰিচালনা কৰি আছে আৰু ইয়াৰ দ্বাৰা প্ৰায় ১০,০০০ ছাত্ৰ-ছাত্ৰী উপকৃত হৈছে। ৰবোৎসৱৰ জৰিয়তে ভি ফাউণ্ডেচন আৰু এৰিকছনে প্ৰযুক্তি শিক্ষাৰ প্ৰসাৰ অধিক বৃদ্ধি কৰা আৰু সমগ্ৰ দেশৰে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত উদ্ভাৱনী শক্তিক প্ৰশস্ত কৰাৰ লক্ষ্য ৰাখিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *