উত্তৰ-পূৱ

ভাৰতত অনুষ্ঠিত হ’ব অলিম্পিক

ভাৰতত অনুষ্ঠিত হ’ব অলিম্পিক

ভাৰতৰ বাবে আছে এক সুখবৰ!আৰু কেইটামান বছৰৰ পিছত হয়তো দেশবাসীয়ে স্বচক্ষুৰে উপভোগ কৰিব পাৰিব বিশ্ব ক্ৰীড়া মহাসমাৰোহ অলিম্পিক। দ্য গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ খ্যাত অলিম্পিক ক্ৰীড়া মহাসমাৰোহ আয়োজনৰ বাবে সম্পূৰ্ণ সাজু ভাৰত। এই ঘোষণা কৰিছে কেন্দ্ৰীয় গৃ্হমন্ত্ৰী অমিত শ্বাহে।উত্তৰাখণ্ডৰ হালদ্ৱানীত অনুষ্ঠিত হোৱা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ আজি সামৰণি অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই ঘোষণা কৰে। নিজ ভাষণত অমিত শ্বাহে ২০৩৬ চনৰ অলিম্পিক আয়োজন কৰিবলৈ ভাৰত সাজু আছে বুলি মন্তব্য কৰে।
Read More
হাড় শক্তিশালী কৰিবলৈ খাওক এই খাদ্য

হাড় শক্তিশালী কৰিবলৈ খাওক এই খাদ্য

আপোনাৰ বাৰু দৈ প্রিয় নেকি?যদি দৈ খায় ভাল পায় তেন্তে প্ৰতিবেদনটো সম্পূৰ্ণকৈ পঢ়িব।বহুতে কয় যে দৈ শীতকালত খাব নালাগে, কিন্তু এয়া বাৰু কিমান দূৰ সঁচা!এই কথা আজি এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক আপুনি।আয়ুৰ্বেদত দৈক গৰম খাদ্য বুলি গণ্য কৰা হয় ৷ শীতকালত দৈয়ে শৰীৰক উপকৃত কৰিব পাৰে ৷এই সময়ছোৱাত দৈয়ে শৰীৰক তাপ প্ৰদান কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৷শৰীৰ সুস্থ অধিকাৰী হ’বলৈ হ'লে দৈ খোৱাটো অত্যন্ত জৰুৰী ৷ কিন্ত শীতকালত দৈ খোৱাক লৈ বহু মানুহেই বিভ্ৰান্তিত পৰে ৷ সমান্তৰালকৈ বহুতেই বিশ্বাস কৰে যে দৈ ঠাণ্ডা ৷ সেয়েহে শীতকালত দৈ খোৱাৰ পৰিমাণ হ্ৰাস কৰিব লাগে ৷ উল্লেখযোগ্য যে দৈ…
Read More
সেনা জোৱানৰ লগত ভয়ংকৰ ঘটনা

সেনা জোৱানৰ লগত ভয়ংকৰ ঘটনা

মণিপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ৰাজ্যখনত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, চমুকৈ CRPFৰ এগৰাকী জোৱানে নিজ শিবিৰৰ ভিতৰতে নিৰ্বিচাৰ গুলীচালনা কৰাৰ ফলত প্ৰাণ হেৰুৱাইছে দুই সতীৰ্থ জোৱানে। এই ঘটনাত লগতে আঠজন জোৱান আহত হৈছে। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত কৰাৰ পিছত গুলীচালনা কৰা জোৱানজনে নিজেও আত্মহত্যা কৰে।এই চাঞ্চল্যকৰ ঘটনা সংঘটিত কৰাৰ পিছত গুলীচালনা কৰা জোৱানজনে নিজেও আত্মহত্যা কৰে। ইম্ফল পশ্চিম জিলাৰ লামফেলত থকা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ শিবিৰত প্ৰায় ৮.২০ বজাত সংঘটিত হয় এই ঘটনা।
Read More
পুনৰ জল সংকটত ভুগিব লাগিব মহানগৰবাসীয়ে

পুনৰ জল সংকটত ভুগিব লাগিব মহানগৰবাসীয়ে

পুনৰ তীব্ৰ জল সংকটত ভুগিব লাগিব গুৱাহাটী মহানগৰবাসীয়ে । মহানগৰখনত খোৱাপানীৰ এই তীব্র নাটনিৰ সময়ছোৱাত ১২ দিন পানী যোগান বন্ধ কৰি পাইপৰ ঢাকনিকে ধৰি অন্য বিজুতি চোৱা-চিতাৰ বাবে এই ব্যৱস্থা গ্রহণ কৰিছে জল বোৰ্ডে ।প্ৰথম পৰ্যায়ত ১২-১৫ ফেব্ৰুৱাৰী, দ্বিতীয় পর্যায়ত ১৯-২২ ফেব্ৰুৱাৰী আৰু তৃতীয় পর্যায়ত ২৫ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ বন্ধ থাকিব জল বোৰ্ডৰ পানী যোগান ।পানী পৰিবাহী পাইপৰ বিজুতিৰ পৰীক্ষাৰ নামত বাৰে বাৰে পানী বন্ধ কৰাটো সহ্য কৰা নহ'ব বুলিও বহু গ্রাহকে জল বোর্ডক সকীয়াই দিছে ।
Read More
আজি বীৰ চিলাৰায় দিৱস

আজি বীৰ চিলাৰায় দিৱস

আজি ৰাজ্যত উদযাপন কৰা হৈছে বীৰ চিলাৰায় দিৱস। চিলাৰ দৰে চোঁ মাৰি ৰণ কৰিছিল বাবে কোঁচ ৰাজবংশৰ শুক্লধ্বজৰ নাম চিলাৰায় হোৱা বুলি লিপিবদ্ধ আছে বুৰঞ্জীৰ পৃষ্ঠাত৷ তেওঁৰ বীৰত্ব আৰু পাৰদৰ্শিতাই বহুকেইখন যুদ্ধত পৰাস্ত কৰিছিল কোঁচ সৈন্যই ভূটীয়া, কছাৰী আৰু আহোম সৈন্যক।ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ৰ পৃষ্ঠপোষকতাত অমৰ ধৰ্মীয় গ্ৰন্থৰাজি ৰচনা কৰিবলৈ সক্ষম হৈছিল শংকৰদেৱে।আজি ৰাজ্যত উদযাপন কৰা হৈছে বীৰ চিলাৰায় দিৱস। চিলাৰ দৰে চোঁ মাৰি ৰণ কৰিছিল বাবে কোঁচ ৰাজবংশৰ শুক্লধ্বজৰ নাম চিলাৰায় হোৱা বুলি লিপিবদ্ধ আছে বুৰঞ্জীৰ পৃষ্ঠাত৷ তেওঁৰ বীৰত্ব আৰু পাৰদৰ্শিতাই বহুকেইখন যুদ্ধত পৰাস্ত কৰিছিল কোঁচ সৈন্যই ভূটীয়া, কছাৰী আৰু আহোম সৈন্যক।ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ৰ পৃষ্ঠপোষকতাত অমৰ ধৰ্মীয় গ্ৰন্থৰাজি…
Read More
আৰক্ষীৰ জালত পৰিল সন্ত্ৰাসবাদী

আৰক্ষীৰ জালত পৰিল সন্ত্ৰাসবাদী

অসম আৰক্ষীৰ জালত মষ্ট ৱান্টেড সন্ত্ৰাসবাদী। জানিব পৰা মতে, এই সন্ত্ৰাসবাদীজন মণিপুৰত ভাৰতীয় সেনাৰ ওপৰত হোৱা এম্বুছৰ ঘটনাৰ সৈতে জড়িত আছিল।জানিব পৰা মতে, ২০২১ চনত মণিপুৰত ভাৰতীয় সেনাৰ কনভয়ত আক্ৰমণ কৰা ঘটনাৰ সৈতে জড়িত আছিল এই অভিযুক্তজন। যৌথ অভিযানৰ অংশ স্বৰূপে অসম আৰক্ষী আৰু নিয়াই অভিযুক্তজনক অসমৰ হোজাই জিলাৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।উল্লেখযোগ্য যে তেওঁ পিপলছ লিবাৰেশ্যন আৰ্মীৰ এজন কেডাৰ আছিল।বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযুক্তৰ জেৰা চলাই আছে।
Read More
পুনৰ বন্যহস্তীৰ উপদ্ৰৱ

পুনৰ বন্যহস্তীৰ উপদ্ৰৱ

খাদ্যৰ সন্ধানত প্ৰায়ে বন্য জীৱ-জন্তুৱে বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰিবলৈ ধৰিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ কোনো কোনো অঞ্চলত স্থানীয় ৰাইজে ভয়-শংকাৰ মাজেৰে সময় পাৰ কৰিবলগা পৰিস্থিতি আহি পৰিছে ৷ৰাজ্যত শেহতীয়াকৈ পুনৰ বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত ৷গুৱাহাটী মহানগৰীৰ কিছু প্ৰান্তত বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ ৷ এইবাৰ আমছিং অভয়াৰণ্যৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীয়ে সাতগাঁও সেনা শিবিৰত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে ।উল্লেখযোগ্য যে পুৱাৰ ভাগত খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়ে সেনা শিবিৰৰ ৰাজপথতে বগৰাই দিয়ে সামগ্ৰী কঢ়িয়াই অনা এখন বাহন । বনৰীয়া হাতীটোৱে বাহন বগৰাই দিয়াৰ সমগ্র ভিডিঅ’ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।জানিবপৰা মতে স্থানীয় লোকৰ খবৰৰ ভিত্তিত…
Read More
চাকৰি দিয়াৰ নামত ধন সংগ্ৰহৰ অভিযোগ

চাকৰি দিয়াৰ নামত ধন সংগ্ৰহৰ অভিযোগ

দিব্যাংগ মঞ্চ অসমৰ দুই নেতা আৰক্ষীৰ জালত । অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি দিয়াৰ নামত ধন সংগ্ৰহৰ অভিযোগ ।ৰাজ্যত চাকৰিৰ বজাৰ পতাৰ অভিযোগত গ্ৰেপ্তাৰ দুই অভিযুক্ত । ধৃত দুজন হৈছে দিব্যাংগ মঞ্চ অসমৰ নেতা ছেমিম আহমেদ আৰু নৱজিত বৰ্মন । অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি দিয়াৰ নামত এই দুই নেতাই সংগ্ৰহ কৰিছিল লাখ লাখ টকা । টকা বিচাৰি ফোন কৰা কল ৰেকৰ্ডিং ভাইৰেল হৈছিল ।তাৰ পিছতেই ধন সংগ্ৰহ কৰাৰ অভিযোগ তুলি ৮ ফেব্ৰুৱাৰীত জনৈক কলিতা নামৰ এজন লোকে এজাহাৰ দাখিল কৰিছিল । সেই এজাহাৰৰ ভিত্তিত তদন্ত কৰি গোচৰ ৰুজু কৰা হৈছিল। এই গোচৰৰ ভিত্তিত দেওবাৰে নিশা…
Read More
ছত্তীশগড়ৰ বিজাপুৰত নিৰাপত্তা বাহিনীৰ বৃহৎ সফলতা

ছত্তীশগড়ৰ বিজাপুৰত নিৰাপত্তা বাহিনীৰ বৃহৎ সফলতা

ছত্তীশগড়ৰ বিজাপুৰত নিৰাপত্তা বাহিনীয়ে চলোৱা এক বৃ্হৎ নক্সালবাদ বিৰোধী অভিযানত নিহত হৈছে ৩১ জন নক্সালবাদী সদস্য। এই অভিযানত দুজন নিৰাপত্তাৰক্ষী জোৱানেও প্ৰাণ হেৰুৱাইছে। কেন্দ্ৰীয় গৃ্হমন্ত্ৰী অমিত শ্বাহে এই অভিযানৰ সফলতাৰ বিষয়ে উল্লেখ কৰি এক টুইট যোগে ২০২৬ চনৰ ৩১ মাৰ্চৰ পূৰ্বে নক্সালবাদক দেশৰ পৰা সম্পূৰ্ণৰূপে নিৰ্মূল কৰা হ’ব বুলি হুংকাৰ দিয়ে।অভিযানকাৰী দলটোৱে লগতে নক্সাল সদস্যসকলৰ পৰা AK-47, INSAS, BGL লঞ্চাৰকে ধৰি বহুতো অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিছে। অৱশ্যে এই অভিযানত দুজন নিৰাপত্তাৰক্ষী জোৱানেও প্ৰাণ হেৰুৱাইছে।
Read More
পুনৰ অশান্তিকৰ পৰিস্থিতি বাংলাদেশত

পুনৰ অশান্তিকৰ পৰিস্থিতি বাংলাদেশত

বাংলাদেশত পুনৰ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। পলাতক প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ভাৰতৰ পৰাই দেশখনৰ ৰাজনৈতিক পৰিস্থিতি পুনৰ এবাৰ সলনি কৰাৰ চেষ্টাত হাত উজান দিছে। সম্প্ৰতি চৰ্চালৈ আহিছে শ্বেখ হাছিনাৰ এক অডিঅ’ বাৰ্তা। এই বাৰ্তা যোগে তেওঁ অনুগামীসকললৈ জনাইছে প্ৰতিৰোধৰ সবল আহ্বান। হাছিনাৰ এই আহ্বানৰ পিছতে সমগ্ৰ বাংলাদেশৰ আভ্যন্তৰীণ পৰিস্থিতিৰ দ্ৰুত পৰিৱৰ্তন ঘটিছে।বাৰ্তাটোত হাছিনাই কয়, “প্ৰতিৰোধ গঢ়ি তোলাৰ সময় আহি পৰিছে। ৰাইজ আমাৰ লগত আছে। ৰাইজৰ সৈতে এই দুষ্কৃতিকাৰীৰ বিৰুদ্ধে থিয় হওক। এয়াই মোৰ আহ্বান। সকলোৱে সাজু হওক। এইসকল হৈছে দেশৰ শত্ৰু, জাতিৰ শত্ৰু, জনসাধাৰণৰ শত্ৰু!”
Read More