13
May
পশ্চিম গুৱাহাটীৰ অসম - মেঘালয় সীমান্তৰ দুৰ্গম বুলি পৰিচিত গড়ভঙা , মাটাং আৰু জালুকপাহাম আদি গাঁওৰ গৰু , ছাগলী , গাহৰিকে ধৰি পশুধনৰ গৰাকী সকলক কিছু হলেও সকাহ দিবলৈ আগবাঢ়ি আহিছে ৰাণী ৰাজ্যিক পশু চিকিৎসালয় আৰু সংগ্ৰামী কৃষক শ্ৰমিক সংঘৰ ৰাণী আঞ্চলিক কমিটি । ইয়াৰ অংশহিচাপে ৰাণী ৰাজ্যিক পশু চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ নাৰায়ণ দেউৰী আৰু সংঘৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক তথা ৰাণী আঞ্চলিক কমিটিৰ উপদেষ্টা দীনেশ দাসৰ যৌথ তৎপৰতাত ১১ মে'ত সীমান্তৱৰ্তী তিনিওখন গাঁৱতে গৰুৰ চবকা ৰোগৰ প্ৰতিষেধক টীকাকৰণ শিবিৰ অনুষ্ঠিত হয় । শিবিৰত অঞ্চলটোৰ গাওঁবুঢ়া চাইলা ৰংপী , উদীয়মান যুৱক উদ্ৰেণ ৰংপীয়ে নেতৃস্থানীয় লোকসকলে সহযোগিতা আগবঢ়ায় । তেনেদৰে…
