07
Jul
ভাৰতীয় দলৰ বাহিৰত থকা উইকেটকিপাৰ বেটছমেন ঋদ্ধিমান সাহাই ত্ৰিপুৰা ক্ৰিকেট দলত খেলুৱৈ-তথা-গাইড হিচাপে যোগদান কৰিব। ত্ৰিপুৰা ক্ৰিকেট এছ'চিয়েশ্যনৰ (টিচিএ) যুটীয়া সম্পাদক কিশোৰ দাসে এই বিষয়ে অৱগত কৰিছে। ভাৰতৰ হৈ ৪০ খন টেষ্ট খেলা অভিজ্ঞ সাহাই ইতিমধ্যে ক্ৰিকেট এছ'চিয়েচন অৱ বেংগলৰ (চিএবি) পৰা অনাপত্তি প্ৰমাণপত্ৰ (এনঅ'চি) লাভ কৰিছে। দাসে কয়, "আমি সাহাৰ সৈতে কথা পাতিছো আৰু তেওঁ ৰাজ্যখনৰ হৈ খেলিবলৈ সন্মত হৈছে। তেওঁ খেলুৱৈসকলক অনুপ্ৰাণিত কৰিবলৈ জ্যেষ্ঠ দলটোক পথ প্ৰদৰ্শন কৰাৰ ভূমিকাও পালন কৰিব।' তেওঁ লগতে কয় যে টিচিএ আশাবাদী যে সাহাই ১৫ জুলাইৰ ভিতৰত চুক্তিত স্বাক্ষৰ কৰিব। তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ক্ৰিকেটত সাহাৰ অভিজ্ঞতাৰ পৰিপ্ৰেক্ষিতত, যদি তেওঁ দলটোত…
