উত্তৰ-পূৱ

পশ্চিমবংগৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী হিচাপে শনিবাৰে শুভেন্দু অধিকাৰীয়ে শপতগ্ৰহণ কৰে

পশ্চিমবংগৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী হিচাপে শনিবাৰে শুভেন্দু অধিকাৰীয়ে শপতগ্ৰহণ কৰে

পশ্চিমবংগৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী হিচাপে শনিবাৰে শুভেন্দু অধিকাৰীয়ে শপতগ্ৰহণ কৰে ৷ কলকাতাৰ ব্ৰিগেড পেৰেড খেলপথাৰত নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে বহু কেন্দ্ৰীয় মন্ত্ৰী, বিজেপি শাসিত প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু জ্যেষ্ঠ নেতাৰ উপস্থিতিত শুভেন্দু অধিকাৰীয়ে শপতগ্ৰহণ কৰে ।
Read More
দেশৰ নতুন প্ৰতিৰক্ষা মুৰব্বী হ’ব লেফটেনেণ্ট জেনেৰেল এন এছ ৰাজা সুব্ৰমণি

দেশৰ নতুন প্ৰতিৰক্ষা মুৰব্বী হ’ব লেফটেনেণ্ট জেনেৰেল এন এছ ৰাজা সুব্ৰমণি

দেশৰ নতুন প্ৰতিৰক্ষা মুৰব্বী হ'ব লেফটেনেণ্ট জেনেৰেল এন এছ ৰাজা সুব্ৰমণি (অৱসৰপ্ৰাপ্ত) ৷ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে চৰকাৰে লেফটেনেণ্ট জেনেৰেল এন এছ ৰাজা সুব্ৰমণি (অৱসৰপ্ৰাপ্ত)ক পৰৱৰ্তী প্ৰতিৰক্ষা মুৰব্বী হিচাপে নিযুক্তি দিছে ৷ তেওঁ ভাৰত চৰকাৰৰ সামৰিক পৰিক্ৰমা বিভাগৰ সচিব হিচাপেও কাম কৰিব । আনুষ্ঠানিক বিবৃতি অনুসৰি বৰ্তমানৰ প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহানে ৩০ মে’ত কাৰ্যকাল সম্পূৰ্ণ কৰিব ।লেফটেনেণ্ট জেনেৰেল এন এছ ৰাজা সুব্ৰমণিয়ে ২০২৫ চনৰ ১ ছেপ্টেম্বৰৰ পৰা ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিবালয়ত সামৰিক উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে ।
Read More
পবা বনাঞ্চলক কিয় বন্য প্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা নাই ?

পবা বনাঞ্চলক কিয় বন্য প্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা নাই ?

১৯২৪ চনত ব্ৰিটিছৰ শাসন কালতে সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি লাভ কৰা পবা বনাঞ্চলত চৰকাৰী তথ্য মতে, বৰ্তমান প্ৰায় ১০,২২১ হেক্টৰ বনভূমি আগুৰি আছে । পবা সংৰক্ষিত বনাঞ্চল বৰ্ষাৰণ্য হিচাপে পৰিচিত এই বনাঞ্চলখনৰ কাষতে আছে পৃথিৱীৰ জৈৱ বৈচিত্ৰ্যৰ মুখ্য ভূমিৰূপে বিখ্যাত ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় অভায়াৰণ্য আৰু উত্তৰ পূবফালে আছে অৰুণাচল প্ৰদেশৰ ডি-ইৰিং বন্যপ্ৰাণী অভয়াৰণ্য ।কবু চাপৰিলৈ কাষতে থকা ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, ডি-ইৰিং বনাঞ্চল আৰু পবা বনাঞ্চলৰ পৰা বিভিন্ন ধৰণৰ চৰাই-চিৰিকটিয়ে পুনৰ ঘূৰি আহি আনন্দত গীত গাই বাহ সজাত ব্যস্ত গছৰ ডালে ডালে ৷ মুঠৰ ওপৰত এসময়ৰ মানুহৰেৰে ভৰি থকা কবু চাপৰি পৰিণত হৈছে বিভিন্ন বণ্যপ্ৰাণীৰ আৱাসভূমিলৈ ৷কিয় বন্য প্ৰাণী অভয়াৰণ্য হিচাপে…
Read More
গ্ৰীণ টিৰ উপকাৰী গুণ

গ্ৰীণ টিৰ উপকাৰী গুণ

গ্ৰীণ টি স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী, যিটো ইয়াৰ উচ্চ এণ্টিঅক্সিডেন্ট (পলিফেনল) গুণৰ বাবে জনাজাত। নিয়মিত গ্ৰীণ টি সেৱনে ওজন কমোৱা, হৃদৰোগৰ আশংকা হ্ৰাস, মেটাবলিজম বৃদ্ধি আৰু মগজুৰ কাৰ্যক্ষমতা উন্নত কৰাত সহায় কৰে। প্রতিদিনে ২-৩ কাপ গ্ৰীণ টি খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়।গ্ৰীণ টি সেৱনৰ ১০ টা প্ৰধান উপকাৰিতা তলত দিয়া হ’ল: ১. ওজন হ্ৰাসত সহায়ক: গ্ৰীণ টিয়ে মেটাবলিজম বৃদ্ধি কৰি আৰু চৰ্বি দহন (fat oxidation) প্ৰক্ৰিয়া দ্ৰুত কৰি ওজন কমোৱাত সহায় কৰে। ২. হৃদৰোগৰ আশংকা কমায়: ই বেয়া কোলেষ্টেৰল (LDL) হ্ৰাস কৰে আৰু ভাল কোলেষ্টেৰল (HDL) বৃদ্ধি কৰে, যিয়ে হৃদৰোগ আৰু ষ্ট্ৰোকৰ আশংকা কমায়। ৩. এণ্টিঅক্সিডেন্টৰ উৎস:…
Read More
বংগত ঐতিহাসিক মুহূৰ্তঃ ৰাজ্যৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্রী হিচাপে শপত গ্ৰহণ শুভেন্দু অধিকাৰীৰ

বংগত ঐতিহাসিক মুহূৰ্তঃ ৰাজ্যৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্রী হিচাপে শপত গ্ৰহণ শুভেন্দু অধিকাৰীৰ

পশ্চিমবংগৰ ৰাজনৈতিক ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰি শনিবাৰে ৰাজ্যখনৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্রী হিচাপে শপত গ্ৰহণ কৰে শুভেন্দু অধিকাৰীয়ে। কলকাতাৰ ঐতিহাসিক ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত এক বিশাল সমাৰোহত ৰাজ্যপাল আৰ এন ৰবিয়ে তেওঁক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায়। বামপন্থী আৰু তৃণমূল কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনৰ অন্ত পেলাই বিজেপিৰ এই উত্থানক সমগ্ৰ পূব ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণ হিচাপে গণ্য কৰা হৈছে। মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ সৈতে আন ৫ গৰাকী বিধায়কেও মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। এই নতুন কেবিনেটত স্থান পোৱা নেতাসকলৰ ভিতৰত আছে ৰাজ্যিক বিজেপিৰ জ্যেষ্ঠ নেতা দিলীপ ঘোষ, অগ্ৰণী নেত্ৰী অগ্নিমিত্ৰা পল আৰু উত্তৰ বংগৰ প্ৰভাৱশালী নেতা নিশিথ…
Read More
তামিলনাডুত নাটকীয় ৰাজনৈতিক পৰিস্থিতি, বিজয়ৰ শপত গ্ৰহণক লৈ সৃষ্টি অনিশ্চয়তা

তামিলনাডুত নাটকীয় ৰাজনৈতিক পৰিস্থিতি, বিজয়ৰ শপত গ্ৰহণক লৈ সৃষ্টি অনিশ্চয়তা

ঘনাই সলনি হৈছে তামিলনাডুৰ ৰাজনৈতিক দৃশ্যপট। ৰাজ্যখনত ডিএমকে আৰু এআইএডিএমকেৰ আধিপত্যৰ অৱসান ঘটাই অভিনেতাৰ পৰা ৰাজনীতিক হোৱা বিজয়ে আজি মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ কথা আছিল। কিন্তু এএমএমকে দলৰ সমৰ্থনক লৈ সৃষ্টি হোৱা বিভ্ৰান্তিৰ বাবে এতিয়াও নিশ্চিত হোৱা নাই কোনে পিন্ধিব ৰাজমুকুট। ২৩৪ জনীয়া তামিলনাডু বিধানসভাত চৰকাৰ গঠনৰ বাবে প্ৰয়োজন ১১৮ খন আসনৰ। কিন্তু বিজয়ৰ দল 'তামিলাগা ভেট্ৰি কাঝাগামে' প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হোৱা নাই। নিজৰ ১০৮ গৰাকী আৰু কংগ্ৰেছৰ ৫ গৰাকী বিধায়কৰ সমৰ্থনত বৰ্তমান মিত্ৰজোঁটৰ হাতত আছে ১১৩ জন বিধায়ক। সংখ্যাগৰিষ্ঠতা লাভৰ বাবে এতিয়াও দলটোক ৫ খন আসনৰ প্ৰয়োজন হৈ আছে। ইয়াৰ মাজতেই এএমএমকে-ৰ সাধাৰণ সম্পাদক টিটিভি দীনকৰণে বিজয়ক…
Read More
কাজিৰঙাৰ বুঢ়াপাহাৰত বিৰল দৃশ্য: পৰ্যটকৰ কেমেৰাত বন্দী ঘঁৰিয়াল

কাজিৰঙাৰ বুঢ়াপাহাৰত বিৰল দৃশ্য: পৰ্যটকৰ কেমেৰাত বন্দী ঘঁৰিয়াল

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত এক বিৰল আৰু ৰোমাঞ্চকৰ মুহূৰ্তৰ সাক্ষী হৈ ৰ’ল এদল পৰ্যটক। ৰাষ্ট্ৰীয় উদ্যানখনত ছাফাৰী কৰি থকাৰ সময়তে পৰ্যটকসকলে পোনপ্ৰথমবাৰৰ বাবে প্ৰত্যক্ষ কৰে বিলুপ্তপ্ৰায় প্ৰজাতিৰ এটা ঘঁৰিয়াল। বুঢ়াপাহাৰ বনাঞ্চলৰ ডিফলু কেম্পৰ সমীপত পৰ্যটকৰ দলটোৱে এই দৃশ্য প্ৰত্যক্ষ কৰাৰ লগতে কেমেৰাতো আৱদ্ধ কৰিবলৈ সক্ষম হয়। ট্যুৰিষ্ট গাইড শিশুকান্ত নাথে পৰ্যটক দিগন্ত কুমাৰ শৰ্মাৰ সৈতে পুৱাৰ ভাগত ভ্ৰমণ কৰি থকাৰ সময়তে এই বিৰল দৃশ্যটো দেখা পায়। প্ৰথমে ডিফলু নদীৰ পাৰত হাতীয়ে পানী খাই থকা দেখি তেওঁলোকে গাড়ীখন ৰখাইছিল। তাৰ কিছু সময়ৰ পাছতেই নদীখনত এটা ঘঁৰিয়াল উপঙি থকা প্ৰত্যক্ষ কৰে পৰ্যটকসকলে। কাজিৰঙাত সাধাৰণতে এনেদৰে ঘঁৰিয়াল দেখা পোৱাটো অতি বিৰল ঘটনা…
Read More
বংগত গেৰুৱা চৰকাৰ গঠনক ঐতিহাসিক আখ্যা, পূৰ্বাঞ্চলৰ বিজয় বুলি মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

বংগত গেৰুৱা চৰকাৰ গঠনক ঐতিহাসিক আখ্যা, পূৰ্বাঞ্চলৰ বিজয় বুলি মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

পশ্চিমবংগত বিজেপি চৰকাৰৰ শপত গ্ৰহণ সমাৰোহক সমগ্ৰ পূব আৰু উত্তৰ-পূব ভাৰতৰ বাবে এক ঐতিহাসিক 'বিজয় দিৱস' হিচাপে অভিহিত কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শনিবাৰে কলকাতাত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ৰাওনা হোৱাৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। বংগত বিজেপি চৰকাৰ গঠন হোৱাৰ লগে লগে সমগ্ৰ অঞ্চলটোত এক নতুন ৰাজনৈতিক সুস্থিৰতা আহিব বুলি তেওঁ আশা প্ৰকাশ কৰে। কলকাতাৰ এই শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীসকল আৰু দেশৰ ২১ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থকাৰ সম্ভাৱনা আছে। পশ্চিমবংগত বিজেপিৰ শাসন আৰম্ভ হোৱাৰ লগে লগে ঝাৰখণ্ডৰ বাহিৰে সমগ্ৰ পূৰ্বাঞ্চল আৰু উত্তৰ-পূৰ্বাঞ্চল এতিয়া বিজেপি অথবা এন…
Read More
বংগত বিজেপিৰ বৃহৎ সফলতা, মুখ্যমন্ত্রী পদত শুভেন্দু অধিকাৰী নির্বাচিত

বংগত বিজেপিৰ বৃহৎ সফলতা, মুখ্যমন্ত্রী পদত শুভেন্দু অধিকাৰী নির্বাচিত

পশ্চিমবংগত এক ঐতিহাসিক ৰাজনৈতিক পৰিৱৰ্তনৰ সূচনা কৰি ৰাজ্যখনৰ বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হ’ল শুভেন্দু অধিকাৰী। শুকুৰবাৰে কলকাতাত অনুষ্ঠিত দলৰ এক গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই নিৰ্বাচনৰ জৰিয়তে শুভেন্দু অধিকাৰীয়ে পশ্চিমবংগৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্রী হোৱাৰ পথ প্ৰশস্ত কৰে। বিধায়িনী দলৰ বৈঠকৰ অন্তত শুভেন্দু অধিকাৰীৰ নাম বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। নতুনকৈ নিৰ্বাচিত বিধায়কসকলৰ উপস্থিতিত অধিকাৰীৰ নাম প্ৰস্তাৱ কৰা হৈছিল। পশ্চিমবংগ বিধানসভা নিৰ্বাচনত বিজেপিৰ অভূতপূৰ্ব বিজয়ৰ পাছতেই দলটোৱে এই নেতৃত্বৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই বিজয়ে ৰাজ্যখনত আঞ্চলিক দলৰ কেইবা দশকজোৰা আধিপত্যৰ অৱসান ঘটায়। বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ আৰু সাংগঠনিক কৌশল নিৰ্মাণত শুভেন্দু অধিকাৰীয়ে…
Read More
প্ৰতিৰক্ষা খণ্ডত ডাঙৰ সিদ্ধান্ত, লেঃ জেনেৰেল ৰাজা সুব্ৰমণিকক দেশৰ প্ৰতিৰক্ষা মুৰব্বী হিচাপে দায়িত্ব প্রদান

প্ৰতিৰক্ষা খণ্ডত ডাঙৰ সিদ্ধান্ত, লেঃ জেনেৰেল ৰাজা সুব্ৰমণিকক দেশৰ প্ৰতিৰক্ষা মুৰব্বী হিচাপে দায়িত্ব প্রদান

দেশৰ সামৰিক বাহিনীৰ সৰ্বোচ্চ পদবী তথা চিফ অফ ডিফেন্স ষ্টাফ হিচাপে লেফটেনেণ্ট জেনেৰেল এন এছ ৰাজা সুব্ৰমণিক নিযুক্তি প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। শনিবাৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই গুৰুত্বপূৰ্ণ নিযুক্তিৰ কথা ঘোষণা কৰে। নতুন দায়িত্ব লাভ কৰা সুব্ৰমণিয়ে সামৰিক পৰিক্ৰমা বিভাগৰ সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিব। প্ৰতিৰক্ষা খণ্ডৰ এই গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ মাজতে ভাৰতীয় নৌসেনাৰ পৰৱৰ্তী মুৰব্বী হিচাপে নিযুক্তি লাভ কৰে ভাইচ এডমিৰেল কৃষ্ণ স্বামীনাথনে। বৰ্তমান নৌসেনাৰ পশ্চিমীয়া কমাণ্ডৰ মুৰব্বী হিচাপে দায়িত্ব পালন কৰি থকা স্বামীনাথনে ইয়াৰ পূৰ্বে নৌসেনাৰ উপ-মুৰব্বী হিচাপেও সেৱা আগবঢ়াইছিল। প্ৰতিৰক্ষা বাহিনীৰ তিনিটা শাখাৰ মাজত সমন্বয় অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে এই নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিছে চৰকাৰে। নতুন চি ডি এছগৰাকীৰ ওপৰত…
Read More