অসম

চিবিএছইৰ দশম শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ ৯৩.৬০ শতাংশ, দ্বাদশ শ্ৰেণীৰ ৮৭.৯৮ শতাংশ

চিবিএছইৰ দশম শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ ৯৩.৬০ শতাংশ, দ্বাদশ শ্ৰেণীৰ ৮৭.৯৮ শতাংশ

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (চিবিএছই) এ সোমবাৰে দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। এইবাৰো উত্তীৰ্ণৰ শতাংশৰ ক্ষেত্ৰত ছাত্ৰীয়ে আকৌ এবাৰ ছাত্ৰক অতিক্ৰম কৰে। একে সময়তে, যোৱা বছৰৰ তুলনাত ৯০ আৰু ৯৫ শতাংশতকৈ অধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীৰ সংখ্যা সামান্য বৃদ্ধি পাইছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে ঘোষণা কৰা ফলাফলত দশম শ্ৰেণীৰ উত্তীৰ্ণৰ শতাংশ যোৱা বছৰৰ তুলনাত ০.৪৮ শতাংশ বৃদ্ধি হৈ ৯৩.৬০ শতাংশলৈ উন্নীত হৈছে। একেদৰে, দ্বাদশ শ্ৰেণীত, ৮৭.৯৮ শতাংশ শিক্ষাৰ্থীয়ে পৰীক্ষাত উত্তীৰ্ণ হৈছিল, যি যোৱা বছৰৰ তুলনাত ০.৬৫ শতাংশ অধিক। দশম শ্ৰেণীৰ ফলাফলত, ৯৪.৭৫ শতাংশ ছাত্ৰীয়ে পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ছাত্ৰৰ তুলনাত ২.০৪ শতাংশ অধিক ছাত্ৰী উত্তীৰ্ণ হয়।…
Read More
ড০ বীৰুবালা ৰাভাক উন্নত চিকিৎসাৰ ব্যৱস্থা কৰক:  বহুবাক

ড০ বীৰুবালা ৰাভাক উন্নত চিকিৎসাৰ ব্যৱস্থা কৰক:  বহুবাক

পদ্মশ্ৰী প্ৰাপক ড০ বীৰুবালা ৰাভা আজি দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাত ৰাজ্যৰ ভিন-ভিন দল-সংগঠনে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ।সংবাদ প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত বহুভাষিক সাহিত্য‌‌ মঞ্চ, অসম চমুকৈ "বহুবাক"ৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয়- "ড০ বীৰুবালা ৰাভা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰে সম্পদ নহয়, সমগ্ৰ ভাৰতৰে সম্পদ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তাৎক্ষণিকভাৱে ড০ বীৰুবালা ৰাভাৰ উন্নত চিকিৎসাৰ বাবে যথোপযুক্ত ব্যৱস্থা কৰিব লাগে । এইয়া আমাৰ অনুৰোধ নহয়, দাবী ।" ড০ বীৰুবালা ৰাভাক অসম চৰকাৰে ক্ষীপ্ৰতাৰে ৰাজ্যৰ বাহিৰলৈ নি হ'লেও উন্নত চিকিৎসাৰ সু ব্যৱস্থা কৰিবৰ বাবে নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, নাথ…
Read More
শিমলীতোলাত বনৰীয়া হাতীৰ তাণ্ডৱ

শিমলীতোলাত বনৰীয়া হাতীৰ তাণ্ডৱ

দীৰ্ঘ দিনৰে পৰা গোৱালপাৰা জিলাৰ ৰংজুলি আঞ্চলিক বনাঞ্চলিক কাৰ্যালয়ৰ এলেকাধীন শিমলীতোলা,কানকাটা,আৰিকাটি,কাণকাটা আদি অঞ্চলত বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই ঘৰবাৰী লণ্ডভণ্ড কৰাৰ লগতে খেতিবাতি খাই তহিলং কৰাটো এক সচাৰচাৰ ঘটনাত পৰিণত হৈছে৷ কালি নিশা জিলাখনৰ দুধনৈ সমিষ্টিৰ অন্তৰ্গত শিমলীতোলা চাহ বাগান এলেকাৰ বিভিন্ন ঠাইত ৩৫/৪০ জনীয়া বনৰীয়া হাতীৰ জাক এটাই তাণ্ডব চলাই প্ৰায় ৭ বিঘা মান ইৰি ধানৰ খেতি খাই তহলিং কৰে৷বিগত সময়ৰ দৰেই এই বছৰত যোৱা ছয় সাতদিন ধৰি হাতীৰ জাকটোৱে ইয়াৰে বিভিন্ন স্থানত ধান খেতি খাই তহিলং কৰাত সৰ্বসান্ত কৰি পেলাইছে অঞ্চলবাসী কৃষক ৰাইজক৷ এতিয়া হাতীৰ উপদ্ৰবত ৰাইজ আতংকিত হৈ নিশা ওজাগৰে কটাবলগীয়া হৈছে অঞ্চলবাসী ৰাইজ৷ এনে ক্ষেত্ৰত জিলা বন…
Read More
উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত কলা শাখাত শীৰ্ষত জিলিকিল বাক্সা, বিজ্ঞানত তামুলপুৰ, বাণিজ্যত শিৱসাগৰ জিলা

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত কলা শাখাত শীৰ্ষত জিলিকিল বাক্সা, বিজ্ঞানত তামুলপুৰ, বাণিজ্যত শিৱসাগৰ জিলা

সকলো জল্পনা-কল্পনাৰ অৱসান ঘটোৱাই আজি পুৱা ৯ বজাত ঘোষণা হয় উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। ব্যতিক্ৰমভাৱে এইবাৰ ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। কিয়নো পূৰ্বৰ পৰম্পৰা ভংগ কৰি প্ৰথমবাৰৰ বাবে এইবাৰৰ ফলাফলত নাথাকে কোনো শীৰ্ষ স্থান। আজি ঘোষিত ফলাফল অনুসৰি কলা শাখাত ৮৯.১৮ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। বিগত বৰ্ষত কলা শাখাত উত্তীৰ্ণ হাৰ আছিল ৭০.১২ শতাংশ। অৰ্থাৎ বিগত বৰ্ষৰ তুলনা এইবাৰ উত্তীৰ্ণ হাৰ বহু বেছি। আনহাতে, বিজ্ঞান শাখাত ৮৯.৮৮ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে। বিগত বৰ্ষত বিজ্ঞান শাখাত উত্তীৰ্ণ হাৰ আছিল ৮৪.৯৬ শতাংশ। একেদৰে বাণিজ্য শাখাত উত্তীৰ্ণ হৈছে ৮৭.৮০ শতাংশ ছাত্ৰ-ছাত্ৰী। বিগত বৰ্ষত বাণিজ্য শাখাত উত্তীৰ্ণ হাৰ আছিল…
Read More
৬৫ বছৰত ভাৰতত মুছলমান জনসংখ্যাৰ ৪৩.১৫ শতাংশ বৃদ্ধি

৬৫ বছৰত ভাৰতত মুছলমান জনসংখ্যাৰ ৪৩.১৫ শতাংশ বৃদ্ধি

প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদে (ইএছপি-পিএম) এখন প্ৰতিবেদন প্ৰকাশ কৰিছে, যাৰ অনুসৰি ভাৰতত ধৰ্মীয় সংখ্যাগৰিষ্ঠ জনসংখ্যাৰ অংশ ১৯৫০ চনৰ পৰা ২০১৫চনলৈ ৭.৮১ শতাংশ হ্ৰাস পাইছে। একে সময়তে মুছলমান জনসংখ্যাৰ অংশ ৪৩.১৫ শতাংশ বৃদ্ধি পাইছে। বিশ্লেষণ কৰা অনুসৰি ১৬৭ খন দেশৰ ভিতৰত, ধৰ্মীয় সংখ্যাগৰিষ্ঠতাৰ অংশ হ্ৰাস হোৱাৰ ক্ষেত্ৰত কেৱল ম্যানমাৰহে ভাৰততকৈ আগবাঢ়ি আছে। ম্যানমাৰত ধৰ্মীয় সংখ্যাগৰিষ্ঠ জনসংখ্যাৰ অংশ ১০ শতাংশ হ্ৰাস পাইছে। ১৯৫০ আৰু ২০১৫ চনৰ ভিতৰত, ভাৰতত ধৰ্মীয় সংখ্যাগৰিষ্ঠতাৰ সংখ্যা ৭.৮১ শতাংশ হ্ৰাস পাইছে। ইয়াৰ সংখ্যা ৮৪.৬৮ শতাংশৰ পৰা ৭৮.০৬ শতাংশলৈ হ্ৰাস পাইছে। ভাৰতত, ১৯৫০ চনত মুছলমান জনসংখ্যাৰ অংশ আছিল ৯.৮৪ শতাংশ, যি ২০১৫ চনত ১৪.০৯ শতাংশলৈ বৃদ্ধি হৈছে, অৰ্থাৎ মুছলমান…
Read More
‘ৰাজ্যিক পৰ্যায়ৰ দু:সাহসিক তথা ট্ৰেকিং কেম্প’ৰ সামৰণি

‘ৰাজ্যিক পৰ্যায়ৰ দু:সাহসিক তথা ট্ৰেকিং কেম্প’ৰ সামৰণি

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ৰাজ্যিক মুখ্য কাৰ্যালয়, মালিগাঁৱৰ ভাৰত স্কাউট আৰু গাইডৰ  উদ্যোগত গ্ল'বেল এডভেঞ্চাৰ এছ'চিয়েচনৰ  সহযোগত পৰিচালিত পাঁচদিনীয়া 'ৰাজ্যিক পৰ্যায়ৰ  দু:সাহসিক তথা ট্ৰেকিং কেম্প', অসমৰ সামৰণি পৰে । ২৫ এপ্ৰিলত মালিগাঁৱৰ 'ভাৰত স্কাউট আৰু গাইডৰ' ৰাজ্যিক কাৰ্যালয়ত এই কাৰ্যসূচী উদ্বোধন কৰে এন এফ ৰেলৱেৰ  মুখ্য পাৰ্চনেল বিষয়া শশাংক শৰ্মা , গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ড কমিচনাৰ অৰূপ ডেকা আৰু প্ৰথম অসমীয়া এভাৰেষ্টাৰ তৰুণ শইকীয়াই । অনুষ্ঠানত উপস্থিত থাকে এন এফ ৰেলৱেৰ বিষয়া  চি এছ পণ্ডিত,  এ কে বৈশ্য আৰু  খগেশ দাস । এই শিবিৰত অসমৰ বিভিন্ন জিলাৰ পৰা অহা ৰভাৰ আৰু ৰেঞ্জাৰ মিলি মুঠ ১২০ গৰাকী অংশগ্ৰহণকাৰীয়ে ভাগ লয়। কাৰ্যসূচীৰ সময়ছোৱাত…
Read More
হাজোৰ খেলুৱৈৰ ব্লেক বেল্ট অৰ্জন

হাজোৰ খেলুৱৈৰ ব্লেক বেল্ট অৰ্জন

ইউনিৰ্ভাচেল কাৰাটে ড' ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ অসম শাখাৰ অধীনত ব্লেক বেল্টৰ পৰীক্ষা হাজো পাখামেলাস্থিত বহ্নিমান কাৰাটে একাডেমীত অনুষ্ঠিত হৈ যায়। এই পৰীক্ষাত কৃষ্ণজিনা মালাকৰ, উষাহ বিশ্বাসী, পৰিস্মিতা কলিতা, যুগল কুমাৰ, কৃষাঙ্গ কাশ্যপ দাস, কৃপাল কুমাৰ দাস, চিন্ময় কলিতা, নিবিড় মালাকৰ আৰু জ্যোতিৰ্ময় কলিতাই ব্লেক বেল্ট প্ৰথম ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয়। প্ৰশিক্ষক দিপাংকৰ মজুমদাৰৰ তত্বাৱধানত অনুষ্ঠিত ব্লেক বেল্টৰ পৰীক্ষাত পৰীক্ষক হিচাপে উপস্থিতি থাকে সদৌ অসম কাৰাটে সন্থাৰ ৰেফাৰী কমিছনৰ সম্পাদক চিহান দিপক জৈন।
Read More
কাটাৰৰ মিডিয়া চেনেল আল জাজিৰাৰ সম্প্ৰচাৰ নিষিদ্ধ কৰিলে ইজৰাইলে

কাটাৰৰ মিডিয়া চেনেল আল জাজিৰাৰ সম্প্ৰচাৰ নিষিদ্ধ কৰিলে ইজৰাইলে

নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি পেলেষ্টাইনৰ হামাছ গোটৰ সৈতে সম্পৰ্ক বজাই ৰখাৰ বাবে কাটাৰৰ মিডিয়া চেনেল আল জাজিৰাৰ সম্প্ৰচাৰ নিষিদ্ধ কৰিলে ইজৰাইলে। এই সন্দৰ্ভত, ইজৰাইলী সংসদে ২০২৪ ৰ এপ্ৰিলত এখন আইন গৃহীত কৰে। ইয়াৰ পিছত, প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ কেবিনেটে দেওবাৰে এই সিদ্ধান্তৰ ওপৰত ভোটদান কৰে। নেতানিয়াহুৱে সামাজিক মাধ্যমতো এই কথা প্ৰকাশ কৰে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ছ'চিয়েল মিডিয়া ছাইট এক্সত এই সিদ্ধান্ত ঘোষণা কৰি কয় - মোৰ নেতৃত্বত চৰকাৰে সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লৈ ইজৰাইলত উচুতনিমূলক চেনেল আল জাজিৰা বন্ধ কৰা হৈছে। উল্লেখ্য যে আল জাজিৰাৰ সৈতে ইজৰাইলৰ দীৰ্ঘদিন ধৰি তিক্ততা সম্পৰ্ক আছিল। ইজৰাইলে আল জাজিৰাক হামাছৰ সৈতে পক্ষপাতপুষ্ট আৰু সহযোগিতা কৰাৰ…
Read More
ৰাজ্যত পুনৰ উন্মোচিত হৈছে যাতায়ত ও স্বাস্হ্য বিভাগৰ ফোপলাস্বৰূপ

ৰাজ্যত পুনৰ উন্মোচিত হৈছে যাতায়ত ও স্বাস্হ্য বিভাগৰ ফোপলাস্বৰূপ

কিন্তু নিৰ্বাচন যায় আহে৷চৰকাৰ পৰিবৰ্তন হয়৷যদিও ৰাইজৰ সমস্যা আজিলৈকে সমস্যা হৈয়েই থাকি গল৷কিয়নো বৰপেটা জিলাৰ চেঙা সমিষ্টিৰ দক্ষিণ প্ৰান্তৰ চৰাঞ্চল বাসীৰ দীৰ্ঘদিনীয়া এটা জ্বলন্ত সমস্যা হৈছে জলজলী নদীৰ ওপৰত এটা পকী দলঙৰ। কিন্তু প্ৰতিটো নিৰ্বাচনতে প্ৰতিটো দলৰ লগতে প্ৰাৰ্থী সকলে ৰাইজক বিভিন্ন প্ৰতিশ্ৰুতি দিয়াৰ লগতে বাঘমাৰা-শিমলীতোলা,নগৰবেৰা-আলোপতি মাজৰচৰ আৰু দলগোমা-কদমতোলা সংযোগী জলজলী নদীৰ ওপৰত তিনিটা দলং নিৰ্মান কৰি চৰাঞ্চলবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰি দিয়াৰ আশ্বাস দিয়ে৷ জলজলী নদীৰ ওপৰত পকী দলং নথকাৰ বাবেই নচলে গাড়ী মটৰ কিম্বা এম্বুলেন্স৷যাৰ বাবেই ৰোগী বা গৰ্ভৱতী মহিলাক লৈ প্ৰায়েই বিপদৰ সন্মুখীন হয় বৰপেটা জিলাৰ আলোপতি মাজৰচৰ,বাঘমাৰাচৰ,ধৰ্মপুৰ ভাতনাপাইতি,খোলাবান্ধা,মৈৰাদিয়া আৰু কাৰাইখাইতিকে ধৰি বৃহত্তৰ চৰাঞ্চলৰ লোক। বুধবাৰৰ দিনাও…
Read More
প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক, গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা পৰাগজ্যোতি প্ৰকাশনৰ

প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক, গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা পৰাগজ্যোতি প্ৰকাশনৰ

"পৰাগজ্যোতি প্ৰকাশন" ৰ উদ্যোগত  অসমৰ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক, গৱেষক, দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ  ৮২ বৰ্ষীয়া ড০ নাৰায়ণ দাসক তেওঁৰ নিজৰ বাসগৃহ আজাৰা ৰাজহ চক্ৰৰ ডেকাপাৰাত  কালি উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে । আজাৰা সাহিত্য সভাৰ উপ-সভাপতি তথা বিশিষ্টা কবি বুলু কুমাৰী বড়াই অংশ লৈ কয়--- "ড০ নাৰায়ণ দাসৰ ৰচনা, নিবন্ধসমূহ সূক্ষ্মৰো সূক্ষ্ম উপলব্ধিযুক্ত । প্ৰতিটো নিবন্ধই গৱেষনালব্ধ ।" সম্বৰ্দ্ধনা গ্ৰহণ কৰি ড০ নাৰায়ণ দাসে কয়- "পৰাগজ্যোতি প্ৰকাশন আগুৱাই থাকক । অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ বাবে অহৰহ কাম কৰক । অসমীয়া ভাষাৰ কোনোকালে মৃত্যু নহয় । অসম সাহিত্য সভাই পূৰ্বৰ সন্মান আজুৰি আনিবলৈ আৰু  অনেক কাম কৰিব কৰিব লাগিব ।" প্ৰকাশনৰ…
Read More