নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি পেলেষ্টাইনৰ হামাছ গোটৰ সৈতে সম্পৰ্ক বজাই ৰখাৰ বাবে কাটাৰৰ মিডিয়া চেনেল আল জাজিৰাৰ সম্প্ৰচাৰ নিষিদ্ধ কৰিলে ইজৰাইলে। এই সন্দৰ্ভত, ইজৰাইলী সংসদে ২০২৪ ৰ এপ্ৰিলত এখন আইন গৃহীত কৰে। ইয়াৰ পিছত, প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ কেবিনেটে দেওবাৰে এই সিদ্ধান্তৰ ওপৰত ভোটদান কৰে। নেতানিয়াহুৱে সামাজিক মাধ্যমতো এই কথা প্ৰকাশ কৰে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ছ’চিয়েল মিডিয়া ছাইট এক্সত এই সিদ্ধান্ত ঘোষণা কৰি কয় – মোৰ নেতৃত্বত চৰকাৰে সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লৈ ইজৰাইলত উচুতনিমূলক চেনেল আল জাজিৰা বন্ধ কৰা হৈছে।

উল্লেখ্য যে আল জাজিৰাৰ সৈতে ইজৰাইলৰ দীৰ্ঘদিন ধৰি তিক্ততা সম্পৰ্ক আছিল। ইজৰাইলে আল জাজিৰাক হামাছৰ সৈতে পক্ষপাতপুষ্ট আৰু সহযোগিতা কৰাৰ অভিযোগ কৰি আহিছে। অৱশ্যে, কাটাৰৰ দ্বাৰা পুঁজি যোগান ধৰা এই মিডিয়া প্ৰতিষ্ঠানটোৱে প্ৰতিবাৰেই এই অভিযোগসমূহ অস্বীকাৰ কৰিছে। যোৱা বছৰ ইজৰাইলত হামাছ আক্ৰমণ আৰু পৰৱৰ্তী ইজৰাইলী পদক্ষেপ সম্পৰ্কে আল জাজিৰাৰ প্ৰতিবেদনৰ পিছত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক তিক্ত হৈ পৰিছিল।

 আল জাজিৰাই সন্ত্ৰাসবাদী সংগঠন হামাছৰ কাৰ্য্যকলাপৰ পৰিৱৰ্তে সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদ বিৰোধী কাৰ্যকলাপত ইজৰাইলে কৰা ক্ষতি প্ৰদৰ্শন কৰি প্ৰচাৰ চলাই আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত, যোৱা মাহত প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে আল জাজিৰাক সতৰ্ক কৰি দিছিল আৰু দেশৰ নিৰাপত্তাৰ সৈতে নেখেলিবলৈ সকিয়নি দিছিল।