প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদে (ইএছপি-পিএম) এখন প্ৰতিবেদন প্ৰকাশ কৰিছে, যাৰ অনুসৰি ভাৰতত ধৰ্মীয় সংখ্যাগৰিষ্ঠ জনসংখ্যাৰ অংশ ১৯৫০ চনৰ পৰা ২০১৫চনলৈ ৭.৮১ শতাংশ হ্ৰাস পাইছে। একে সময়তে মুছলমান জনসংখ্যাৰ অংশ ৪৩.১৫ শতাংশ বৃদ্ধি পাইছে। বিশ্লেষণ কৰা অনুসৰি ১৬৭ খন দেশৰ ভিতৰত, ধৰ্মীয় সংখ্যাগৰিষ্ঠতাৰ অংশ হ্ৰাস হোৱাৰ ক্ষেত্ৰত কেৱল ম্যানমাৰহে ভাৰততকৈ আগবাঢ়ি আছে। ম্যানমাৰত ধৰ্মীয় সংখ্যাগৰিষ্ঠ জনসংখ্যাৰ অংশ ১০ শতাংশ হ্ৰাস পাইছে।

১৯৫০ আৰু ২০১৫ চনৰ ভিতৰত, ভাৰতত ধৰ্মীয় সংখ্যাগৰিষ্ঠতাৰ সংখ্যা ৭.৮১ শতাংশ হ্ৰাস পাইছে। ইয়াৰ সংখ্যা ৮৪.৬৮ শতাংশৰ পৰা ৭৮.০৬ শতাংশলৈ হ্ৰাস পাইছে। ভাৰতত, ১৯৫০ চনত মুছলমান জনসংখ্যাৰ অংশ আছিল ৯.৮৪ শতাংশ, যি ২০১৫ চনত ১৪.০৯ শতাংশলৈ বৃদ্ধি হৈছে, অৰ্থাৎ মুছলমান জনসংখ্যাৰ অংশত ৪৩.১৫ শতাংশ বৃদ্ধি পাইছে। দক্ষিণ এছিয়াৰ চুবুৰীয়া দেশৰ তুলনাত, ধৰ্মীয় সংখ্যাগৰিষ্ঠতা হ্ৰাস হোৱাৰ ক্ষেত্ৰত ভাৰত কেৱল ম্যানমাৰৰ পিছত আছে।প্ৰতিবেদন অনুসৰি, ভাৰতত মুছলমান, খ্ৰীষ্টান, বৌদ্ধ আৰু শিখ সম্প্ৰদায়ৰ অংশ বৃদ্ধি পাইছে আৰু জৈন আৰু পাৰ্চী সম্প্ৰদায়ৰ জনসংখ্যা হ্ৰাস পাইছে।

১৯৫০ চনত খ্ৰীষ্টান সম্প্ৰদায়ৰ জনসংখ্যা আছিল ২.২৪ শতাংশ আছিল, যি ২০১৫ চনলৈ ৫.৩৮ শতাংশ বৃদ্ধি হৈ এতিয়া ২.৩৬ শতাংশ হৈছে। শিখ জনসংখ্যা ১.২৪ শতাংশৰ পৰা ১.৮৫ শতাংশলৈ বৃদ্ধি পাইছে। ১৯৫০ আৰু ২০১৫ চনৰ ভিতৰত, ভাৰতত শিখ জনসংখ্যাৰ অংশ ৬.৫৮ শতাংশ বৃদ্ধি পাইছে। বৌদ্ধ সম্প্ৰদায়ৰ জনসংখ্যা ১৯৫০ চনত ০.০৫ শতাংশৰ পৰা ২০১৫ চনত ০.৮১ শতাংশলৈ বৃদ্ধি পাইছে।