দীৰ্ঘ দিনৰে পৰা গোৱালপাৰা জিলাৰ ৰংজুলি আঞ্চলিক বনাঞ্চলিক কাৰ্যালয়ৰ এলেকাধীন শিমলীতোলা,কানকাটা,আৰিকাটি,কাণকাটা আদি অঞ্চলত বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই ঘৰবাৰী লণ্ডভণ্ড কৰাৰ লগতে খেতিবাতি খাই তহিলং কৰাটো এক সচাৰচাৰ ঘটনাত পৰিণত হৈছে৷

কালি নিশা জিলাখনৰ দুধনৈ সমিষ্টিৰ অন্তৰ্গত শিমলীতোলা চাহ বাগান এলেকাৰ বিভিন্ন ঠাইত ৩৫/৪০ জনীয়া বনৰীয়া হাতীৰ জাক এটাই তাণ্ডব চলাই প্ৰায় ৭ বিঘা মান ইৰি ধানৰ খেতি খাই তহলিং কৰে৷বিগত সময়ৰ দৰেই এই বছৰত যোৱা ছয় সাতদিন ধৰি হাতীৰ জাকটোৱে ইয়াৰে বিভিন্ন স্থানত ধান খেতি খাই তহিলং কৰাত সৰ্বসান্ত কৰি পেলাইছে অঞ্চলবাসী কৃষক ৰাইজক৷

এতিয়া হাতীৰ উপদ্ৰবত ৰাইজ আতংকিত হৈ নিশা ওজাগৰে কটাবলগীয়া হৈছে অঞ্চলবাসী ৰাইজ৷ এনে ক্ষেত্ৰত জিলা বন বিভাগৰ লগতে সংশ্লিষ্ট বনবিভাগে কোন ধৰনৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে৷