অসম

কন্যাৰ শিক্ষা যাত্ৰাৰ বাবে এগৰাকী মাতৃৰ সংগ্ৰাম! খালী ভৰিৰে দৌৰি মাৰাথনত অৰ্জন কৰিলে প্ৰথম পুৰস্কাৰ

কন্যাৰ শিক্ষা যাত্ৰাৰ বাবে এগৰাকী মাতৃৰ সংগ্ৰাম! খালী ভৰিৰে দৌৰি মাৰাথনত অৰ্জন কৰিলে প্ৰথম পুৰস্কাৰ

বয়স তেওঁৰ ৪৭ বছৰ। প্ৰতিযোগিতাত ভাগ ল’বলৈ তেওঁৰ ওচৰত নাছিল কোনো জোতা কিম্বা অন্য সা-সৰঞ্জাম। কিন্তু কন্যাৰ শিক্ষাৰ সপোন পূৰণৰ স্বাৰ্থতে সাধাৰণ শাৰী পিন্ধি খালী ভৰিৰেই মাৰাথনত অংশ লৈ প্ৰথম পুৰস্কাৰ অৰ্জন কৰিবলৈ সক্ষম হ’ল মহিলাগৰাকীয়ে। মহাৰাষ্ট্ৰৰ বীড় জিলাৰ অম্বাযোগাই চহৰত শিক্ষানুষ্ঠানৰ ৭৫ সংখ্যক বাৰ্ষিকী উপলক্ষে আয়োজিত ‘অমৃত দৌড়’ মাৰাথনত বিজয়ীৰ খিতাপ দখল কৰে ৰমাবাঈ ৰণবীৰ নামৰ ৪৭ বছৰীয়া এগৰাকী মহিলাই। আধুনিক সা-সুবিধাপ্ৰাপ্ত প্ৰশিক্ষিত বহু কম বয়সীয়া প্ৰতিযোগীক পিছ পেলাই তেওঁ অৰ্জন কৰে এই কৃতিত্ব। উল্লেখ্য যে, স্বামীৰ মৃত্যুৰ পিছত আনৰ ঘৰত ৰান্ধনী হিচাপে কাম কৰি পৰিয়াল পোহপাল দিয়া ৰমাবাঈয়ে দুই কন্যা সন্তানৰ পঢ়া-শুনাৰ দায়িত্ব অকলেই বহন কৰি আহিছে। প্ৰতিযোগিতাখনৰ…
Read More
এক সোণালী যুগৰ পৰিসমাপ্তি! আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ঘোষণা লিয়’নেল মেছিৰ

এক সোণালী যুগৰ পৰিসমাপ্তি! আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ঘোষণা লিয়’নেল মেছিৰ

বিশ্ব ফুটবলৰ এখন অনন্য মঞ্চৰ পৰা বিদায় ল’লে বিশ্বৰ অন্যতম সৰ্বশ্ৰেষ্ঠ তাৰকা লিয়’নেল মেছিয়ে। ২০২৬ চনৰ ফিফা বিশ্বকাপৰ ফাইনেলত স্পেইনৰ বিৰুদ্ধে পৰাজয়ৰ কেইমাহমানৰ পাছতেই আন্তঃৰাষ্ট্ৰীয় ফুটবলক চিৰবিদায় জনোৱাৰ এই চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰে ৩৯ বছৰীয়া খেলুৱৈগৰাকীয়ে। সামাজিক মাধ্যম ইনষ্টাগ্ৰামত এখন আৱেগিক হাতেলিখা চিঠি প্ৰকাশ কৰি মেছিয়ে প্ৰায় দুই দশকজোৰা নিজৰ দেশৰ নীলা-বগা জাৰ্ছীযোৰ অৱশেষত খুলি থোৱাৰ কথা সদৰী কৰে। এই সিদ্ধান্ত গ্ৰহণ কৰি মেছিয়ে উল্লেখ কৰে যে অন্তৰৰ পৰা অত্যন্ত কষ্টকৰ হ’লেও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা আঁতৰি অহাৰ বাবে এয়াই সঠিক সময়। আৰ্জেণ্টিনাৰ সমৰ্থকসকলৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁ কয় যে দেশখনৰ বাবে নিজৰ সৰ্বস্ব উজাৰি দিয়াৰ পিছত বৰ্তমান নৱপ্ৰজন্মৰ…
Read More
বানপীড়িত পৰিয়াল আৰু নৱপ্ৰজন্মৰ বাবে গুৰুত্বপূৰ্ণ কল্যাণমুখী আঁচনি; বিত্তীয় সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ

বানপীড়িত পৰিয়াল আৰু নৱপ্ৰজন্মৰ বাবে গুৰুত্বপূৰ্ণ কল্যাণমুখী আঁচনি; বিত্তীয় সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ

প্ৰাকৃতিক দুৰ্যোগত সৰ্বস্বান্ত হোৱা লোকসকলৰ পুনৰ্বাসন আৰু ৰাজ্যৰ যুৱ প্ৰজন্মক স্বাৱলম্বী কৰাৰ লক্ষ্যৰে কেইবাখনো উল্লেখনীয় কল্যাণমুখী পদক্ষেপৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বানাক্ৰান্ত পৰিয়ালসমূহলৈ প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰ জৰিয়তে প্ৰতিটো পৰিয়ালক ১৫ হাজাৰ টকাকৈ অন্তৱৰ্তীকালীন বান সাহায্য প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰে। প্ৰথম পৰ্যায়ত এই তিনিখন জিলাৰ মুঠ ১৬,৭৪৬ টা পৰিয়ালক সামৰি লৈ ২৫.১২ কোটি টকা হস্তান্তৰৰ পদক্ষেপ লোৱা হৈছে। সমগ্ৰ ৰাজ্যখনত এতিয়ালৈকে সৰ্বমুঠ ১,১৭,০৯৫ টা পৰিয়ালক সামৰি মুঠ ১৭৫.৬৪ কোটি টকা সাহায্যৰূপে মুকলি কৰি দিয়া বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে। কেৱল বান সাহায্যই নহয়, ৰাজ্যৰ মানৱ সম্পদ বিকাশ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত…
Read More
ধ্বংসস্তূপৰ মাজত অলৌকিক প্ৰাণৰ সন্ধান! নেপালৰ বানত তিনি দিনৰ পাছত জীৱন্তে উদ্ধাৰ কণমানি

ধ্বংসস্তূপৰ মাজত অলৌকিক প্ৰাণৰ সন্ধান! নেপালৰ বানত তিনি দিনৰ পাছত জীৱন্তে উদ্ধাৰ কণমানি

মৃত্যুৰ কৰুণ আৰ্তনাদ আৰু ধ্বংসাৱশেষৰ গভীৰ অন্ধকাৰ ফালি পোহৰলৈ আহিল এটি নিষ্পাপ প্ৰাণৰ আশাৰ ৰেঙনি। প্ৰলয়ংকাৰী বানৰ তাণ্ডৱত প্ৰায় সকলো নিশ্চিহ্ন হৈ যোৱাৰ তিনি দিন পাছত ডাঠ বোকামাটিৰ তলৰ পৰা এগৰাকী ছবছৰীয়া শিশুক জীৱন্তে উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলে। ৰাছুৱা জিলাৰ বানবিধ্বস্ত তিমুৰে গাঁৱত সংঘটিত হয় এই আশ্চৰ্যকৰ উদ্ধাৰ অভিযান। ভোট কোশী নদীৰ প্ৰচণ্ড বাঢ়নী পানীত প্লাৱিত হোৱা অঞ্চলটোত উদ্ধাৰ অভিযান চলাই থকাৰ সময়তে সেনা আৰক্ষী বাহিনীৰ জোৱানসকলে মাটিৰ তলৰ পৰা এটি ক্ষীণ কান্দোনৰ শব্দ শুনা পায়। কোনো পলম নকৰি জোৱানসকলে তৎপৰতাৰে মাটি খান্দি কণমানিজনীক সুকলমে উদ্ধাৰ কৰে। ইয়াৰ পিছতে শিশুটিক প্ৰাথমিকভাৱে সীমান্ত চকীৰ শিবিৰত চিকিৎসা প্ৰদান কৰা হয় যদিও স্বাস্থ্যৰ…
Read More
বৈশ্বিক সংকটৰ মাজতো ভাৰতৰ অৰ্থনৈতিক উত্থানঃ বিৰোধীক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

বৈশ্বিক সংকটৰ মাজতো ভাৰতৰ অৰ্থনৈতিক উত্থানঃ বিৰোধীক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

বিশ্বজুৰি অব্যাহত থকা যুদ্ধ আৰু অৰ্থনৈতিক সংকটৰ মাজতো দেশৰ উন্নয়নৰ ধাৰা অব্যাহত আছে। এই দাবী দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। এছচিঅ’ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে কিৰ্গিজস্তানৰ ৰাজধানী বিশকেকত উপস্থিত থকা প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমত এক ভিডিঅ’ বাৰ্তা প্ৰকাশ কৰি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক নাম নোলোৱাকৈ তীব্ৰ কটাক্ষ কৰে। কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি চলতি ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহত (এপ্ৰিল-জুন) দেশৰ মুঠ ঘৰুৱা উৎপাদন বা জিডিপি বিকাশৰ হাৰ ৭.৮ শতাংশলৈ বৃদ্ধি পাইছে। এই ফলাফল আশা কৰা ৭.১ শতাংশতকৈ যথেষ্ট অধিক বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ বিশ্ব সংকট আৰু যোগান শৃংখলৰ অচলাৱস্থাত থকাৰ সময়তো ভাৰতে অতি দ্ৰুত গতিৰে বিকাশৰ দিশত…
Read More
বিভিন্ন দাবীত অনলাইন চালক সংস্থাৰ ধৰ্মঘট; গুৱাহাটীত অনিৰ্দিষ্টকাললৈ স্তব্ধ কেব সেৱা

বিভিন্ন দাবীত অনলাইন চালক সংস্থাৰ ধৰ্মঘট; গুৱাহাটীত অনিৰ্দিষ্টকাললৈ স্তব্ধ কেব সেৱা

পৰিবহণ খণ্ডৰ গুৰুত্বপূৰ্ণ সেৱাসমূহ স্তব্ধ কৰি ৰাজপথলৈ ওলাই আহিল শতাধিক অনলাইন বাহনৰ চালক। ইন্ধনৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ সমান্তৰালকৈ প্ৰাপ্য ভাড়া বৃদ্ধি নকৰাৰ প্ৰতিবাদত গুৱাহাটী মহানগৰীত অনিৰ্দিষ্টকালৰ বাবে অনলাইন কেব সেৱা বন্ধ ঘোষণা কৰে চালক সন্থাসমূহে। অ’লা, উবেৰ, ৰেপিড’ চালক সমাজ আৰু ই-ভি অটো চালক সংস্থাই যৌথভাৱে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। পৰিবহণ আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকত কোনো সৰ্বসন্মত সমাধানসূত্ৰ নোলোৱাৰ পাছতেই পুৱা ৫ বজাৰ পৰা এই সেৱা সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে। চালক সংস্থাসমূহে মহানগৰীৰ প্ৰতিটো পথৰ বাবে সমহাৰত ভাড়া নিৰ্ধাৰণ কৰা আৰু ব্যক্তিগত বাহনৰ অবৈধ বাণিজ্যিক ব্যৱহাৰ বন্ধ কৰাৰ দাবী উত্থাপন কৰে। ইয়াৰ উপৰিও গুৱাহাটীত এপ-ভিত্তিক কোম্পানীসমূহৰ স্থায়ী কাৰ্যালয় স্থাপন কৰাৰ…
Read More
৪২টা ৱাৰ্ডত ভোটগ্ৰহণ, ৩১৬টা কেন্দ্ৰত ভোটদান কৰিব ২.৭ লাখ ভোটাৰে

৪২টা ৱাৰ্ডত ভোটগ্ৰহণ, ৩১৬টা কেন্দ্ৰত ভোটদান কৰিব ২.৭ লাখ ভোটাৰে

আগন্তুক শিলচৰ পৌৰ নিগম নিৰ্বাচন সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে এখন বৈঠক সোমবাৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত ৰাজ্যিক নিৰ্বাচন আয়োগৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। বৈঠকত সভাপতিত্ব কৰে ৰাজ্যিক নিৰ্বাচন আয়ুক্ত ৰঞ্জন শৰ্মাই। বৈঠকত আসন সংৰক্ষণ, প্ৰাৰ্থীসকলৰ নিৰ্বাচনী ব্যয়ৰ সীমা, ডিজিটেল নিৰ্বাচন ব্যৱস্থাপনা, আদৰ্শ আচৰণ বিধি আদি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়। ৰাজ্যিক নিৰ্বাচন আয়ুক্ত শৰ্মাই আগন্তুক শিলচৰ পৌৰ নিগম নিৰ্বাচন সুচাৰুভাৱে অনুষ্ঠিত কৰাৰ বাবে সকলো ৰাজনৈতিক দলৰ সহযোগিতা বিচাৰে। বৈঠকত ৰাজ্যিক নিৰ্বাচন আয়োগৰ সচিব গীতাৰ্থ বৰুৱা আৰু বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকল উপস্থিত থাকে। উল্লেখযোগ্য যে ৪২টা ৱাৰ্ডৰ বাবে অনুষ্ঠিত হ’বলগীয়া আগন্তুক শিলচৰ পৌৰ নিগম নিৰ্বাচনত ২,৭০,৭৭২ জন পঞ্জীয়নভুক্ত ভোটাৰে ৩১৬টা…
Read More
নেপালৰ মহাপ্ৰলয়ৰ মাজতো সুখৰ বতৰা! এগৰাকী প্ৰধান শিক্ষকৰ বাবেই ৰক্ষা পৰিল ১,৬৪৩ গৰাকী শিক্ষাৰ্থীৰ প্ৰাণ

নেপালৰ মহাপ্ৰলয়ৰ মাজতো সুখৰ বতৰা! এগৰাকী প্ৰধান শিক্ষকৰ বাবেই ৰক্ষা পৰিল ১,৬৪৩ গৰাকী শিক্ষাৰ্থীৰ প্ৰাণ

উত্তাল জলৰাশিৰ প্ৰলয়ংকৰী তাণ্ডৱে চাৰিওফাল ছাৰখাৰ কৰাৰ আগমুহূৰ্ততে এজন ব্যক্তিৰ ক্ষিপ্ৰ সিদ্ধান্তই জীৱন দান কৰিলে সহস্ৰাধিক কিশোৰ-কিশোৰীক। চুবুৰীয়া দেশ নেপালৰ নুৱাকোট জিলাৰ ত্ৰিশূলী উপত্যকাত সংঘটিত হোৱা আকস্মিক বানৰ ভয়াৱহতাৰ মাজতে ত্ৰিভুৱন ত্ৰিশূলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা ইংৰাজী বিষয়ৰ শিক্ষক ৪৭ বছৰীয়া ৰাজেন্দ্ৰ দাৱাদীৰ সময়োপযোগী পদক্ষেপে সুৰক্ষা প্ৰদান কৰিলে ১,৬৪৩ গৰাকী ছাত্ৰ-ছাত্ৰীক। ঘটনাৰ বিৱৰণ মতে, বুধবাৰে পুৱা প্ৰায় ৯:২০ বজাত এজন বন্ধুৰ পৰা ওচৰৰে এখন গাঁও নদীৰ বাঢ়নী পানীত উটি যোৱাৰ খবৰ পায় প্ৰধান শিক্ষকজনে। নদীৰ পৰা প্ৰায় ৬০ মিটাৰ উচ্চতাত থকা তিনিমহলীয়া পকী বিদ্যালয় গৃহটো প্ৰথমতে সুৰক্ষিত বুলি ভাবিছিল যদিও এগৰাকী অভিভাৱকে পানী তীব্ৰ গতিত বাঢ়ি অহাৰ কথা…
Read More
ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰ পাৰ হৈ ট্ৰাকত খুন্দা যাত্ৰীবাহী বাহনৰ! ক্ষেত্ৰীত নিহত ৬

ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰ পাৰ হৈ ট্ৰাকত খুন্দা যাত্ৰীবাহী বাহনৰ! ক্ষেত্ৰীত নিহত ৬

নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰ পাৰ হৈ বিপৰীত দিশৰ পৰা অহা ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হ’ল এখন যাত্ৰীবাহী বাহন। কামৰূপ (মহানগৰ) জিলাৰ খেত্ৰী থানাৰ অন্তৰ্গত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নলগ্ৰেদা অঞ্চলত দেওবাৰে নিশা সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা ৬ গৰাকীলৈ বৃদ্ধি পাইছে। গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ পূব মণ্ডলৰ ডিচিপিয়ে দুৰ্ঘটনাত ছয়জন লোকৰ মৃত্যু হোৱাৰ কথা আনুষ্ঠানিকভাৱে নিশ্চিত কৰে। আৰক্ষীৰ তথ্য অনুসৰি, নগাঁৱৰ দিশৰ পৰা গুৱাহাটী অভিমুখে আহি থকা যাত্ৰীবাহী বাহনখনে চালকৰ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজৰ ডিভাইডাৰ পাৰ হৈ বিপৰীত দিশৰ লেনত সোমাই পৰে আৰু তীব্ৰবেগী ট্ৰাকখনৰ সৈতে প্ৰচণ্ড খুন্দা মাৰে। দুৰ্ঘটনাৰ পিছতে স্থানীয় উদ্ধাৰকাৰী আৰু আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত…
Read More
আৰক্ষীৰ গুলীত নিহত ৪ দুৰ্ধৰ্ষ সশস্ত্ৰ অপৰাধী; গোৱালপাৰাৰ ব্যৱসায়ী হত্যাকাণ্ডৰে সম্পৰ্ক থকাৰ সন্দেহ

আৰক্ষীৰ গুলীত নিহত ৪ দুৰ্ধৰ্ষ সশস্ত্ৰ অপৰাধী; গোৱালপাৰাৰ ব্যৱসায়ী হত্যাকাণ্ডৰে সম্পৰ্ক থকাৰ সন্দেহ

পুৱতি নিশাৰ বিশেষ অভিযানত নিঃশেষ হ’ল এটা সশস্ত্ৰ অপৰাধী চক্ৰৰ চাৰিজনকৈ সদস্য। মেঘালয়ৰ পূব গাৰো পাহাৰ জিলাৰ সংছাক অঞ্চলৰ সমীপত দেওবাৰে পুৱতি নিশা সংঘটিত হয় এই চাঞ্চল্য্যকৰ এনকাউণ্টাৰ। অসম-মেঘালয় সীমান্তত সক্ৰিয় হৈ কূটাঘাতমূলক অপৰাধ সংঘটিত কৰি অহাৰ অভিযোগ থকা দলটোৰ গতিবিধিৰ নিৰ্দিষ্ট তথ্য লাভ কৰি পুৱা প্ৰায় ৪ বজাত এই অভিযান চলায় মেঘালয় আৰক্ষীয়ে। নিহত অপৰাধীসকলৰ সৈতে অসমৰ গোৱালপাৰা জিলাৰ দামৰা বজাৰত শেহতীয়াকৈ সংঘটিত এগৰাকী ব্যৱসায়ীৰ হত্যাকাণ্ডৰ সম্পৰ্ক থকা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। উক্ত ঘটনাৰ সৈতে এই চক্ৰটোৰ কোনো প্ৰত্যক্ষ বা পৰোক্ষ ভূমিকা আছে নেকি, সেই দিশটো নিশ্চিত কৰিবলৈ তদন্তকাৰী বিষয়াসকলে অনুসন্ধান অব্যাহত ৰাখিছে। ঘটনাস্থলীত ইতিমধ্যে ফৰেনছিক দল উপস্থিত…
Read More