উত্তাল জলৰাশিৰ প্ৰলয়ংকৰী তাণ্ডৱে চাৰিওফাল ছাৰখাৰ কৰাৰ আগমুহূৰ্ততে এজন ব্যক্তিৰ ক্ষিপ্ৰ সিদ্ধান্তই জীৱন দান কৰিলে সহস্ৰাধিক কিশোৰ-কিশোৰীক। চুবুৰীয়া দেশ নেপালৰ নুৱাকোট জিলাৰ ত্ৰিশূলী উপত্যকাত সংঘটিত হোৱা আকস্মিক বানৰ ভয়াৱহতাৰ মাজতে ত্ৰিভুৱন ত্ৰিশূলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা ইংৰাজী বিষয়ৰ শিক্ষক ৪৭ বছৰীয়া ৰাজেন্দ্ৰ দাৱাদীৰ সময়োপযোগী পদক্ষেপে সুৰক্ষা প্ৰদান কৰিলে ১,৬৪৩ গৰাকী ছাত্ৰ-ছাত্ৰীক।
ঘটনাৰ বিৱৰণ মতে, বুধবাৰে পুৱা প্ৰায় ৯:২০ বজাত এজন বন্ধুৰ পৰা ওচৰৰে এখন গাঁও নদীৰ বাঢ়নী পানীত উটি যোৱাৰ খবৰ পায় প্ৰধান শিক্ষকজনে। নদীৰ পৰা প্ৰায় ৬০ মিটাৰ উচ্চতাত থকা তিনিমহলীয়া পকী বিদ্যালয় গৃহটো প্ৰথমতে সুৰক্ষিত বুলি ভাবিছিল যদিও এগৰাকী অভিভাৱকে পানী তীব্ৰ গতিত বাঢ়ি অহাৰ কথা সদৰী কৰে।
বিপদৰ উমান পাই দাৱাদীয়ে লগে লগে বিদ্যালয়ৰ ঘণ্টা বজাই শিক্ষকসকলক শ্ৰেণীকোঠাৰ পৰা সকলো ছাত্ৰ-ছাত্ৰীক বাহিৰ কৰি আনিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ সমান্তৰালকৈ বাছৰ চালকসকলক যোগাযোগ কৰি বাছসমূহ উভতাই পঠিয়াবলৈ কয়। ছাত্ৰ-ছাত্ৰীসকলে খোজকাঢ়ি পাহাৰৰ ওপৰলৈ দৌৰিবলৈ আৰম্ভ কৰে আৰু এগৰাকী ছাত্ৰী অসুস্থ হৈ পৰাত মটৰচাইকেলৰ সহায়ত সুৰক্ষিত স্থানলৈ লৈ যোৱা হয়। অৱশেষত পাহাৰৰ ওপৰৰ এজোপা আঁহত গছৰ তলত সকলো শিক্ষাৰ্থীয়ে আশ্ৰয় লয়।
ছাত্ৰ-ছাত্ৰীসকলে স্থান ত্যাগ কৰাৰ কিছু সময় পিছতেই বোকা, বৰফ আৰু পাথৰৰ ধ্বংসাৱশেষেৰে ভৰা জলস্ৰোত নামি আহি বিদ্যালয়খনৰ গৃহ আৰু দলংসমূহ তচনচ কৰি পেলায়। সৌভাগ্যক্ৰমে সকলো ১,৬৪৩ গৰাকী শিক্ষাৰ্থী বাচি যায় যদিও দুৰ্ভাগ্যবশতঃ বিদ্যালয়খনৰ দুগৰাকী কৰ্মচাৰীয়ে প্ৰাণ হেৰুৱায়।
পুৱাৰ আহাৰ বনাবলৈ নদীৰ পাৰৰ ভাড়াঘৰলৈ উভতি যোৱা ৩২ বছৰীয়া শিক্ষক সন্তোষ পৰিয়াৰ আৰু বিদ্যালয়ৰ দুৱাৰ বন্ধ কৰিবলৈ যোৱা চাফাই কৰ্মী চুলতান লামা পানীৰ প্ৰবল সোঁতত উটি যায়।
উল্লেখ্য যে, নেপাল-তিব্বত সীমান্তৰ লাংটাং লিৰুং শৃংগৰ পৰা প্ৰকাণ্ড বৰফ আৰু শিলৰ অংশ খহি নদীৰ বুকুত পৰাৰ ফলতেই এই অভূতপূৰ্ব আকস্মিক বানৰ সৃষ্টি হয়। এই প্ৰলয়ংকৰী দুৰ্যোগত নেপালত এইপৰ্যন্ত ৭৬৮ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ২,৫০০ ৰো অধিক লোক নিৰুদ্দেশ হৈ আছে। তিব্বততো ১৬ জন লোকৰ মৃত্যু আৰু ৫৪৬ জন সন্ধানহীন হোৱা বুলি সদৰী কৰা হৈছে।
এই বানত একাধিক জলবিদ্যুৎ প্ৰকল্পও ক্ষতিগ্ৰস্ত হৈছে আৰু প্ৰায় ১০০ ৰো অধিক শ্ৰমিক সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থকাৰ বাতৰি পোৱা গৈছে। উদ্ধাৰ কাৰ্যত সহায়ৰ বাবে ভাৰতে এটা ১১ জনীয়া আৰু চীনে এটা ৯ জনীয়া বিশেষ উদ্ধাৰকাৰী দল প্ৰেৰণ কৰিছে।
