13
Apr
অসমৰ মিনি ইণ্ডিয়া হিচাপে পৰিগণিত হৈ অহা তথা বিভিন্ন জাতি-জনজাতি, ভাষা-ভাষী লোকৰ মিলনভূমি মালিগাঁৱত বাস কৰা বিভিন্ন ধর্মালম্বী লোকসকলে মিলি ৬৪ টা বছৰে বিহু উদযাপন কৰি আহিছে। পাণ্ডু বিহু সম্মিলনী , মালিগাঁৱে বিভিন্ন ঘাট-প্রতিঘাটৰ মাজেৰে আহি ৬৫ বছৰত ভৰি দিলে। কিছু বছৰৰ পৰা মালিগাঁৱ ৰেলৱে ষ্টেডিয়ামত উদযাপন কৰি অহা বিহুখনৰ বাবে অলপ জটিলতা আহি পৰিছিল। বিহু উদযাপনৰ বাবে কমেও এমাহৰ বাবে বিভিন্ন খেলৰ অনুশীলন বন্ধ হৈ পৰিছিল ৰেলৱে ষ্টেডিয়ামখনত। ইয়াৰ পৰিপ্ৰেক্ষিতত বিষয়টোৰ এটা স্থায়ী সমাধান সূত্ৰ আৰু সন্মিলনীৰ এটা স্থায়ী ঠিকনা বিচাৰি উত্তৰ পূব সীমান্ত ৰেলৱেৰ অগ্ৰণী ট্ৰেড ইউনিয়ন এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মুনীন্দ্র শইকীয়া ,…
