চৰকাৰী চাকৰিৰ লোভ; মাতৃ হত্যাৰ অভিযোগত কন্যাসহ গ্ৰেপ্তাৰ ৭ জন

মাতৃৰ চৰকাৰী চাকৰি নিজৰ নামত লাভ কৰাৰ আশাতেই নিজ মাতৃক হত্যা কৰাৰ ভয়ংকৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল ২৩ বছৰীয়া এগৰাকী যুৱতী। ৰাজস্থানৰ জয়পুৰত পোহৰলৈ অহা এই ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীৰ তদন্ত অনুসৰি, মাতৃৰ চাকৰি আৰু সম্পত্তি কুক্ষিগত কৰাৰ উদ্দেশ্যে এই হত্যাকাণ্ড সংঘটিত কৰিছিল নিজ কন্যা আয়ুসীয়ে।

উল্লেখ্য যে, ৩ জুলাইত এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল প্ৰতাপ নগৰৰ ৰবীন্দ্ৰ নগৰৰ বাসিন্দা ৪৫ বছৰীয়া নীৰজ শৰ্মাৰ। প্ৰাথমিক তদন্তত এখন দ্ৰুতবেগী স্কৰপিঅ’ বাহনে তেওঁক মহতিয়াই নিয়া বুলি ধাৰণা কৰা হৈছিল। কিন্তু ঘটনাক লৈ সন্দেহ ব্যক্ত কৰি মহিলাগৰাকীৰ ভাতৃয়ে এখন এজাহাৰ দাখিল কৰাৰ পিছতে সম্পূৰ্ণ ঘটনাটোৱে এক নতুন মোৰ লয়।

আৰক্ষীৰ তদন্তত পৰৱৰ্তী সময়ত ঘটনাটো পৰিকল্পিত হত্যাকাণ্ড বুলি নিশ্চিত হয়। তদন্তকাৰীসকলৰ মতে, অভিযুক্ত আয়ুসীয়ে বৰ দেউতাক, খুৰাকৰ পুতেক আৰু আন সহযোগীৰ সৈতে মিলি হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। হত্যাকাণ্ড সংঘটিত কৰাৰ পাছত ঘটনাটোক পথ দুৰ্ঘটনা হিচাপে উপস্থাপন কৰিবলৈ চেষ্টা চলোৱা হৈছিল।

পূব বিভাগৰ উপ-আৰক্ষী আয়ুক্ত ৰঞ্জিতা শৰ্মাই জনায় যে, নীৰজ শৰ্মাই স্বামীৰ মৃত্যুৰ পিছত সহানুভূতিমূলক ভিত্তিত আদালতত নিম্নবৰ্গীয় কৰ্মচাৰীৰ চাকৰি লাভ কৰিছিল। জেৰা চলাকালীন আয়ুসীয়ে আৰক্ষীৰ আগত স্বীকাৰ কৰা মতে, পিতৃৰ মৃত্যুৰ পিছত সেই চাকৰিটো তেওঁ নিজে বিচাৰিছিল। কিন্তু মাতৃয়ে চাকৰিটো গ্ৰহণ কৰাত তেওঁ ক্ষুব্ধ হৈ পৰে।

আৰক্ষীৰ মতে, চৰকাৰী চাকৰিটো আৰু মাতৃৰ সম্পত্তি নিজৰ দখললৈ অনাৰ উদ্দেশ্যেই এই হত্যাকাণ্ডৰ পৰিকল্পনা কৰিছিল কন্যা আয়ুসীয়ে।

এই গোচৰত ইতিমধ্যে আৰক্ষীয়ে আয়ুসী, তেওঁৰ বৰ দেউতাক আৰু খুৰাকৰ পুতেকসহ মুঠ সাতজনক গ্ৰেপ্তাৰ কৰিছে। আন এজন অভিযুক্ত পলাতক হৈ থকাত তেওঁৰ সন্ধানত অভিযান অব্যাহত আছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *